ETV Bharat / state

বিকশিত অসমতে আছে দান-বৰঙনিৰ ধনেৰে নিৰ্মাণ কৰা বাঁহৰ দলং - Demand For Construction Bridge - DEMAND FOR CONSTRUCTION BRIDGE

Bridge over Jiadhal River: বিকশিত অসমত দলঙৰ দানপাত্ৰৰ জৰিয়তে লাভ কৰা ধনেৰে ৰাইজে নিৰ্মাণ কৰিছে বাঁহৰ দলং ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে দলং নিৰ্মাণ নহ’লে ভোট বৰ্জনৰ সিদ্ধান্ত ৰাইজৰ ৷ কিবা পদক্ষেপ ল’বনে জনপ্ৰতিনিধিয়ে ৷

People of Dhemaji threatened to boycott the upcoming LS election if the bridge over Jiadhal River not built
গড়কাপ্তানি পথত দানপাত্ৰ; দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি কিম্বা ভোট বৰ্জন
author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 12:26 PM IST

গড়কাপ্তানি পথত দানপাত্ৰ; দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি কিম্বা ভোট বৰ্জন

ধেমাজি, 2 এপ্ৰিল: বিকাশ যাত্ৰা নে বিনাশ ? গাঁৱে ভূঞে বিকাশ যাত্ৰাৰ জয়গান গাই ফুৰা চৰকাৰৰ দিনত গড়কাপ্তানি পথত দানপাত্ৰ ৷ আপুনি শুনি আচৰিত হ’লেও কাৰ্যতঃ এয়াই সত্য হিচাপে প্ৰতিপন্ন হৈছে ৷ এয়া আমাৰ কথা নহয় ৷ ৰাইজৰ জীয়া সমস্যাৰ কথা ৰাইজে কৈছে নিজ মুখেৰে ৷

People of Dhemaji threatened to boycott the upcoming LS election if the bridge over Jiadhal River not built
গড়কাপ্তানি পথত দানপাত্ৰ; দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি কিম্বা ভোট বৰ্জন

আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ধেমাজিৰ 2 নং ঘেয়াৰী অঞ্চলৰ ৰাইজে লৈছে ভোট বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত। সমান্তৰালভাবে পথলৈ ওলায় আহি দিছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী 'প্ৰদান বৰুৱা গ’বেক, ' 'বিজেপি গ’ বেক‘ শ্লোগান ৷ জানিব পৰা মতে, 2020 চনতেই ধেমাজিৰ চকুলো খ্যাত কালান্তক জীয়াঢল নদীৰ বাঢ়নী পানীয়ে বাটঘৰীয়া পঞ্চায়তৰ অধীনৰ 2 নং ঘেয়াৰীত গড়কাপ্তানি পথটো বিচ্ছিন্ন কৰে ৷

ফলত তেতিয়াৰ পৰা আজিলৈকে স্থানীয় ৰাইজে নিজা পদক্ষেপত নিৰ্মাণ কৰি উলিওৱা বাঁহৰ দলংখনেৰেই যাতায়ত কৰি আহিছে । উল্লেখ্য যে, এই পথটো আমুলগুৰিৰ পৰা 2 নং ঘেয়াৰী, চেঁচা, দুলংকান, পাভমাৰী, শলমাৰী, গৰৈমাৰী, নৰোৱাথান-ঘিলামৰা সংযোগী অতি গুৰুত্বপূৰ্ণ পথ ৷ এই পথটোৰে শিক্ষাৰ্থীকে ধৰি শ শ লোকে অহা যোৱা কৰে ৷

পথিকৰ ভিৰৰ বাবেই সঘনাই জৰাজীৰ্ণ হৈ পৰে ৰাইজে শ্ৰমদানেৰে নিৰ্মাণ কৰি লোৱা বাঁহৰ দলংখন । এই বিষয়ে বহুবাৰ ধেমাজিৰ স্থানীয় বিধায়ক তথা শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাক অৱগত কৰি অহা হৈছে যদিও আজিকোপতি তিলমানো গুৰুত্ব নিদিয়া বুলি অভিযোগ তুলিছে ৰাইজে ৷ শেষত উপায়ন্তৰ ক্ষুব্ধ জনতাই লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

সোমবাৰে ভুক্তভোগী ৰাইজে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰি অনুষ্ঠিত কৰিলে প্ৰতিবাদী সভাও । সভাৰ জৰিয়তে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে যিকোনো প্ৰকাৰে এখন স্থায়ী দলং নিৰ্মাণ কৰি দিবলৈ চৰকাৰক দাবী জনায় ৷

লক্ষণীয় বিষয় যে ধেমাজি সদৰৰ পৰা মাত্ৰ 7 কিঃমিঃ নিলগত থকা পথটোত সংশ্লিষ্ট বিভাগ আৰু জনপ্ৰতিনিধিসকলে গুৰুত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিততে ক্ষোভিত ৰাইজে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়ক: অমৃত কালত এডাল বাঁহৰ সাঁকোৱে শেষ ভৰসা ছৈখোৱাবাসীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.