ETV Bharat / state

এটা দশকত সম্পূৰ্ণ নহ’ল ৩৯ কিল’মিটাৰ পথ নিৰ্মাণৰ কাম ! ৰাইজৰ বাবে এতিয়াও আধৰুৱা সপোন - Highway Expansion in Teok

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

NHIDCL construction in Teok : দহ বছৰেও ৩৯ কিল’মিটাৰ পথ নিৰ্মাণ কৰিব নোৱাৰিলে এন এইচ আই ডি চি এলে ৷ ৰাইজৰ মতে ২০৫২ চনতো যে এই পথচোৱাৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব, তাত সন্দেহ আছে ৷ ইফালে মুখ্যমন্ত্ৰীৰ কথা কেৱল কথা হৈয়েই থাকিল ৷

NHIDCL construction in Teok
মাত্ৰ ৩৯ কিল’মিটাৰ পথ নিৰ্মাণ কৰিবলৈ লগা সময়ক লৈ চিন্তিত টীয়কবাসী (ETV Bharat Assam)

টীয়ক, ৩০ ছেপ্টেম্বৰ : এটা দশক অতিক্ৰম কৰাৰ পাছতো হৈ নুঠিল যোৰহাট বাইপাছৰ পৰা জাঁজী পৰ্যন্ত মাত্ৰ ৩৯ কিল’মিটাৰ দৈৰ্ঘ্যৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম । ২০১৪ চনত উক্ত কাম আৰম্ভ হৈছিল যদিও এন এইচ আই ডি চি এলৰ তত্বাৱধানত ৰূপায়ণ হোৱা ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম যোৰহাট বাইপাছৰ পৰা জাঁজী পৰ্যন্ত সম্পূৰ্ণ নহ'ল ।

বিগত দহ বছৰত বহু দেশী-বিদেশী ঠিকাদাৰী প্ৰতিষ্ঠানে নিজৰ ময়মতালিৰে ক’ৰবাত দলং, কালভাৰ্ট, PUP, নলা-নৰ্দমা, উপ-পথ, মূলপথৰ কাম অলেখ ক্ৰুটিপূৰ্ণভাৱে চলাই গৈছিল বুলি অভিযোগ উত্থাপিত হৈছে ৷ যাৰ ফলত এফালে কামবোৰ প্ৰায়ে হৈ উঠিছিল যদিও আনফালে আধৰুৱা কাম-কাজে ৰাষ্ট্ৰীয় ঘাইপথটো মৃত্যুৰ উপত্যকাত পৰিণত হোৱাত বহুলোক মৃত্যুৰ মুখত পৰাৰ সমান্তৰালকৈ চিৰদিনৰ বাবে ঘূণীয়া হৈছে ।

শেহতীয়াকৈ যোৰহাট বাইপাছৰ পৰা জাঁজী-জামুগুৰি সমীপলৈকে এই পথচোৱা খৰতকীয়াকৈ ৰূপায়ণ কৰাৰ স্বাৰ্থত তিনিটা নিৰ্মাণকাৰী প্ৰতিষ্ঠানক কামৰ আৱণ্টন দিয়ে NHIDCL য়ে । সেই অনুযায়ী যোৰহাট বাইপাছৰ পৰা হাতীগড়পৰ্যন্ত সৎগুৰু নামৰ এটা প্ৰতিষ্ঠানক, হাতীগড়ৰ পৰা বাদুলীপুখুৰীলৈকে বিনী কনচট্ৰাকশ্যনক আৰু বাদুলীপুখুৰিৰ পৰা জাঁজী জামুগুৰি সমীপলৈকে এই পথচোৱা এম পি আগৰৱালা কনচট্ৰাকশ্যনক প্ৰদান কৰাৰ উপৰি এই পথচোৱাত থকা পি ইউ পি, দলঙৰ নিৰ্মাণৰ কাম সৎগুৰুক প্ৰদান কৰা হৈছে ।

এই প্ৰতিষ্ঠানকেইটাই পথ সম্প্ৰসাৰণৰ কাম অব্যাহত ৰাখিছে যদিও যোৰহাট বাইপাছৰ পৰা বাদুলীপুখুৰীলৈ এইচোৱা পথৰ কামৰ গতি লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপিত হৈছে । তদুপৰি টীয়ক নগৰত, টীয়ক বাগান তিনিআলি, কাকজান দ গাঁও তিনিআলিত অপৰিকল্পিতভাৱে নিৰ্মাণ কৰিবলৈ লোৱা পি ইউ পিকেইটাৰ বাবে এই পথচোৱাৰ কাম লেহেমীয়া হোৱাৰ অন্যতম কাৰণ বুলি অভিযোগ উঠিছে । বাৰিষা পি ইউ পিকেইটাৰ বাবে প্ৰয়োজন হোৱা পলসৰ অভাৱৰ বাবে এই নিৰ্মাণকাৰ্যৰ দহ শতাংশও আগবঢ়া নাই ।

উল্লেখযোগ্য যে টীয়ক নগৰৰ মাজমজিয়াৰ পি উ পিটোৱে টীয়ক নগৰৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক ক্ষতিগ্ৰস্ত কৰাৰ লগতে নতুনকৈ গঢ় লৈ উঠা টীয়ক নগৰখনৰ সৌন্দৰ্য ম্লান কৰিব বুলি অভিযোগ আনিছে ৷ বহুলোকে এই পি ইউ পিটো উঠাই দিয়া বা উৰণীয়া সেতু নিৰ্মাণৰ বাবে সংশ্লিষ্ট বিষয়াসকলক জনাইছিল যদিও কোনো সদুত্তৰ নাপালে । ইপিনে পূৰ্বৰ নিৰ্মাণকাৰী সংস্থাসমূহৰ ক্ৰুটিপূৰ্ণ নিৰ্মাণকাৰ্যৰ বাবে এই পথচোৱাৰ স্থায়িত্বক লৈ সন্দেহৰ অবতাৰণা হৈছে ।

ইপিনে পৰিকল্পনাবিহীনভাৱে য’তে-ত’তে কাম চলাই নিয়াৰ লগতে বৰষুণ দিলেহে কামত লাগি আভুৱা ভৰাৰ অভিযোগ তুলিছে ৰাইজে । এইদৰে চলিলে আৰু কিমান দিন লাগিব সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন ৷ সেয়ে অনতিপলমে পথৰ কাম সম্পূৰ্ণ নকৰিলে ৰাইজে গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰিছে ।

লগতে পঢ়ক : চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম লেহেমীয়া হোৱাৰ বিৰুদ্ধে যোৰহাটত তীব্ৰ প্ৰতিবাদ

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত মৎস্য পালনৰ আহ্বান : যাতায়তৰ বাবে নহয় এই পথ

মৃত্যুদূতৰূপী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ; ২ দিনত প্ৰায় ৫ গৰাকী লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.