ETV Bharat / state

এইডছ আক্ৰান্ত ব্যক্তিৰ মৃত্যু; কি ব্যৱস্থা ল’ব জিলা প্ৰশাসনে ? - HIV Positive Case - HIV POSITIVE CASE

HIV Positive Patient Dies : চৰাইদেউত ড্ৰাগছ আসক্ত ব্যক্তিৰ মৃত্যু ৷ ঘটনা সম্পৰ্কে পোহৰলৈ অহাৰ পাচত আতংকৰ সৃষ্টি জনসাধাৰণৰ মাজত ৷ জিলা আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰে সংগঠনৰ ব্যাপক প্ৰতিক্ৰিয়া ৷ জিলা প্ৰশাসনক উচিত পদক্ষেপ গ্ৰহণৰ দাবী ৷

HIV POSITIVE CASE
এইডছ আক্ৰান্ত ব্যক্তিৰ মৃত্যু (Source : Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 7:12 AM IST

এইডছ আক্ৰান্ত ব্যক্তিৰ মৃত্যু (Source : Etv Bharat Assam)

মৰাণ, 24 মে’: স্বাস্থ্যখণ্ডলৈ এটি চিন্তনীয় খবৰ আহিছে চৰাইদেউৰ পৰা ৷ জিলাখনত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে এইচ আই ভি এইডছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ড্ৰাগছ আসক্ত লোকৰ সংখ্যা জিলাখনত বাঢ়িবলৈ ধৰাত এয়া এইডছত আক্ৰান্ত হোৱাৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে ৷

শেহতীয়াকৈ জিলাখনত এইডছত আক্ৰান্ত 19 গৰাকী লোকক চিনাক্ত কৰিছিল স্বাস্থ্য বিভাগে ৷ এই খবৰে একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে জিলাখনত ৷ এই আতংক অব্যাহত থকাৰ মাজতে চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছে এগৰাকী এইডছ আক্ৰান্ত ব্যক্তিৰ ৷

লগতে পঢ়ক: HIV ত আক্ৰান্ত যুৱকৰ মৃত্যুৰ পাছতে চৰাইদেউ স্বাস্থ্য বিভাগত হাহাকাৰ - HIV Positive Case

চৰাইদেউৰ সোণাৰিতো বৃদ্ধি পোৱা ড্ৰাগছ আসক্ত তথা নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে চৰকাৰ তথা স্থানীয় আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিছে যদিও বিশেষ সফল হোৱা পৰিলক্ষিত হোৱা নাই । যাৰ ফলত বাঢ়িবলৈ ধৰিছে ড্ৰাগছ আসক্তৰ সংখ্যা ৷

জিলা স্বাস্থ্য বিভাগৰ পৰা প্ৰকাশ কৰা এক সূত্ৰত ড্ৰাগছ আসক্তসকলে চিৰিঞ্জৰ সহায়ত নিজৰ শৰীৰত ড্ৰাগছ সোমোৱাই লোৱাৰ বাবেই এইডছৰ দৰে মাৰাত্মক ৰোগসমূহৰ আৰম্ভণি হ’বলৈ ধৰিছে ৷ তিলতিলকৈ মৃত্যুৰ দিশে ঠেলি দিয়া একাংশ ড্ৰাগছ সেৱনকাৰী যুৱকে এতিয়া নিজৰ লগতে আনৰ বাবেও বিপদ চপাই লোৱাৰ আশংকা ব্যক্ত কৰিছে জিলা স্বাস্থ্য বিভাগে ৷

লগতে পঢ়ক: বিলাসী ৰে’লেৰে ড্ৰাগছৰ সৰবৰাহ: তিনিচুকীয়াত ১০ লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক এজন - Mission Against Drug

এই কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় আছু আৰু এ জে ৱাই চি পিৰ দৰে সংগঠনসমূহে ৷ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ সীমান্তৰ নামতোলাৰ পৰা সোণাৰি হৈ অব্যাহত থকা নিষিদ্ধ ড্ৰাগছৰ অবৈধ সৰবৰাহ কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী উত্থাপন কৰিছে সংগঠন দুটাই ৷

উদ্বেগজনক কথাটো হৈছে যে, চৰাইদেউ জিলাখন অসম-নাগালেণ্ডৰ সীমান্তৱৰ্তী এখন জিলা ৷ যাৰ বাবে আৰক্ষী তথা জিলা প্ৰশাসনৰ হেমাহিৰ সুযোগতে ড্ৰাগছ সৰবৰাহৰ এক ৰমৰমীয়া ব্যৱসায় জিলাখনত চলি থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সংগঠনৰ লগতে সচেতন মহলে ৷

পিছে এই প্ৰতিবেদন প্ৰকাশৰ পিছত জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগে কি পদক্ষেপ গ্ৰহণ কৰি জিলাখন ড্ৰাগছমুক্ত কৰাৰ ক্ষেত্ৰত সহায়ক হয়, সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: অস্ত্ৰোপচাৰ কৰি পেটৰ ভিতৰত কোনে সৰবৰাহ কৰিলে ক’কেইন ? - Cocaine Drugs Smuggling

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.