ETV Bharat / state

আগষ্টৰ ভিতৰত মন্ত্ৰীসভাৰ ৰূপ সলাই নৱেম্বৰত পঞ্চায়ত নিৰ্বাচন পাতিব অসম চৰকাৰে - Panchayat election 2024

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 10:31 PM IST

Panchayat election in Assam: নৱেম্বৰৰ ভিতৰত অসমত পঞ্চায়ত নিৰ্বাচন অনুস্থিত কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ ৷ অহা আগষ্ট মাহৰ ভিতৰত ব্যাপক পৰিৱৰ্তন হ’ব অসম মন্ত্ৰীসভাৰো ৷

Panchayat election in Assam
Panchayat election 2024 (ETV Bharat Assam)

গুৱাহাটী, ৬ মে': অহা আগষ্টৰ ভিতৰত ৰদবদল হ'ব অসম মন্ত্ৰীসভাৰ । বৃহস্পতিবাৰে দিছপুৰত এখন‌ সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব‌ শৰ্মাই এই কথা সদৰী কৰে । তেওঁ কয় যে অহা ১৫ আগষ্টৰ‌ ভিতৰত অসম মন্ত্ৰীসভাৰ‌ সম্পূৰ্ণ ৰদবদল কৰা‌ হ'ব । তিনিখন নতুন মুখ অন্তৰ্ভুক্ত হ’ব হিমন্ত বিশ্ব শৰ্মা কেবিনেটত ৷

নৱেম্বৰত পঞ্চায়ত নিৰ্বাচন পাতিব অসম চৰকাৰে (ETV Bharat Assam)

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচতে অসমৰ মন্ত্ৰীসভাৰ ৰদবদল নিশ্চিত হৈ পৰিছে ।‌ কাৰণ শিলচৰৰ‌ পৰা কেবিনেট মন্ত্ৰী পৰিমল‌ শুক্লবৈদ্য বিজয়ী হোৱাৰ‌ পিচত মন্ত্ৰীসভাত তেওঁৰ পদটো খালী হৈ পৰিব । ইফালে পূৰ্বৰে পৰাই খালী হৈ আছে আন দুটা পদ ৷

লগতে পঢ়ক: দিল্লী নহয়, ২০২৬ ত দিছপুৰ দখলৰ লক্ষ্য গৌৰৱ গগৈৰ - LOK SABHA ELECTION RESULTS 2024

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ইতিমধ্যে দুটাকৈ মন্ত্ৰীৰ পদ খালী‌ হৈ আছে । কেবিনেট মন্ত্ৰী পৰিমল‌ শুক্লবৈদ্য বিজয়ী হোৱাৰ‌ পিচত এতিয়া অসম মন্ত্ৰীসভাত তিনিটা মন্ত্ৰীৰ পদ খালী‌ ‌হৈ পৰিব ।‌‌ এই পদসমূহ পূৰণ‌ কৰাৰ লগতে মন্ত্ৰীসভাৰ সম্পূৰ্ণ সালসলনি কৰা‌ হ’ব ।‌ ২০২৬ চনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি মন্ত্ৰীসভাৰ সম্পূৰ্ণ সালসলনি কৰি পুনৰ গঠন‌‌ কৰা‌ হ’ব ।’’

লগতে পঢ়ক: ধনৰ বলহে আছে ! আশে-পাশে সকলো তোষামোদকাৰী: কাক কিয় এইদৰে ক’লে ৰাজেন গোহাঁয়ে ? - LS POLL RESULTS 2024

উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে ইংগিত দিয়া মতে বৰাকৰ পৰা আৰু বি টি আৰ এলেকাৰ পৰা নিৰ্বাচিত হৈ অহা বিধায়কে মন্ত্ৰীসভাত স্থান পাব পাৰে । অহোম জনগোষ্ঠীৰ বিধায়ককো মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে । কিন্তু এই কথা‌ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ জনোৱা নাই ।

লোকসভা নিৰ্বাচনৰ পিচত ৰাজ্যৰ পাঁচটাকৈ সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । এই কেইটা সমষ্টি হৈছে- বিহালী, চামগুৰি, ধলাই, বঙাইগাঁও আৰু ছিদলী ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে আগৰ বিধানসভা সমষ্টিবোৰত কোনো‌ সাল-সলনি নকৰাকৈ উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । সমষ্টি পুনৰনিৰ্ধাৰণৰ মতে নতুনকৈ সীমা নিৰ্ধাৰিত কৰা বিধানসভাত উপ-নিৰ্বাচন অনুষ্ঠিত নহয় । এয়া আইনত লিখা আছে ।

লগতে পঢ়ক: অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ ভেটি বিজেপিয়ে নহয় কংগ্ৰেছে উচন কৰিলে: গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

ইফালে মুখ্যমন্ত্ৰীয়ে কয় যে অসমত অহা নৱেম্বৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । বৃহস্পতিবাৰে দিছপুৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা‌ হয় । কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকসকলক সম্বোধন কৰি কয় যে পঞ্চায়ত নিৰ্বাচনৰ বাবে অসমৰ পঞ্চায়তসমূহৰ সীমা নিৰ্ধাৰণ কৰা হ'ব । কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত পঞ্চায়তসমূহৰ ভৌগলিক গাঁথনি সলনি হৈছে ।

তেওঁ কয়, ‘‘এটা পঞ্চায়ত যাতে দুটা বিধানসভা সমষ্টিৰ মাজত নাথাকে তাক নিশ্চিত কৰি পঞ্চায়তসমূহৰ সীমা নিৰ্ধাৰণ কৰা‌ হ’ব । অহা আগষ্টত পঞ্চায়তসমূহৰ সীমা নিৰ্ধাৰণ কৰা হ'ব । তাৰ পিচত ছেপ্টেম্বৰত ভোটাৰ তালিকা প্ৰকাশ‌ কৰা‌ হ'ব । অক্টোবৰ বা নৱেম্বৰত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব । এই সকলোবোৰ নিৰ্বাচন আয়োগৰ তৎপৰতাৰ‌ ওপৰত নিৰ্ভৰ কৰিব ।’’

লগতে পঢ়ক: বিটিচিত খোপনি পুতিলে বিজেপিয়ে : চূড়ান্ত ব্যৰ্থৰ তালিকাত বিপিএফ-গণ সুৰক্ষা পাৰ্টি - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.