ETV Bharat / state

অসমৰ পাৰ্বত্য এলেকাত ৩০০০ টা শিক্ষকৰ পদ‌ খালী : পীযুষ হাজৰীকা - বিদ্যালয় প্ৰাদেশিকীৰণ

Assam Assembly Budget Session : অসমৰ পাৰ্বত্য এলেকাত ৩০০০ টা শিক্ষকৰ পদ‌ খালী হৈ আছে ৷ চৰকাৰী সময়সূচী অনুসায়ী কিছু অসুবিধাৰ বাবে এই শিক্ষকৰ খালী পদসমূহ চৰকাৰে পূৰণ কৰিব পৰা নাই ৷ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ লগতে তেওঁ ভৱিষ্যতে ৰাজ্যত কোনো বিদ্যালয় প্ৰাদেশিকীৰণ নহয় বুলিও উল্লেখ কৰে ৷

Assam Assembly Budget Session
ভৱিষ্যতে ৰাজ্যত কোনো বিদ্যালয় প্ৰাদেশিকীৰণ নহয় : পীযুষ হাজৰীকা
author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 2:29 PM IST

Updated : Feb 22, 2024, 6:25 PM IST

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : অনুসূচিত জনজাতি অধ্যুষিত অসমৰ পাৰ্বত্য এলেকাসমূহত বৰ্তমানো চৰকাৰী বিদ্যালয়সমূহত মুঠ ৩০০০ টা শিক্ষকৰ পদ খালী হৈ আছে । আবেদন কৰা প্ৰাৰ্থীৰ অভাৱ আৰু যোগ্যতা থকা প্ৰাৰ্থীৰ অভাৱৰ বাবে তথা বিভিন্ন চৰকাৰী সময়সূচী (Roster) অনুসায়ী কিছু অসুবিধাৰ বাবে এই শিক্ষকৰ খালী পদসমূহ চৰকাৰে দীৰ্ঘদিন ধৰি পূৰণ কৰিব পৰা নাই ৷ বৃহস্পতিবাৰে সদনত শিক্ষামন্ত্ৰীৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰীকাই এই মন্তব্য দিয়ে ।

উল্লেখ্য যে, অসমত বিদ্যালয়ত শিক্ষকৰ‌ খালী পদ আৰু বিদ্যালয় শিক্ষক প্ৰাদেশিকীকৰণ বিষয়ক আইন সম্পৰ্কে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে (জ্যেষ্ঠ) সোধা প্ৰশ্নৰ উত্তৰ দি সদনত শিক্ষামন্ত্ৰীৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে নতুনকৈ বিদ্যালয় প্ৰাদেশিকৰণৰ কোনো প্ৰস্তাৱ চৰকাৰে লোৱা নাই ।

তেওঁ কয়, ‘‘ভৱিষ্যতে ৰাজ্যত কোনো বিদ্যালয় প্ৰাদেশীকৃত নহয় । এই মুহূৰ্তত চৰকাৰৰ প্ৰাদশীকিকৰণ আইন, ২০১৭ সংশোধন কৰাৰ কোনো প্ৰস্তাৱ নাই বুলি সদনত হাজৰীকাই স্পষ্ট কৰে । সদনত হাজৰীকাই জনায় যে অসমৰ ১৫ খন জিলাৰ ৩৭ খন‌ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক কম আছে । চৰকাৰে এই শিক্ষক পদ পূৰণৰ কাম কৰি আছে ।

সদনত শিক্ষামন্ত্ৰীৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰীকাই দিয়া উত্তৰ সন্দৰ্ভত এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে (জ্যেষ্ঠ) কয় যে অসমত কেবাশ শিক্ষকৰ পদ খালী হৈ আছে । আকৌ বিভিন্ন বিদ্যালয়ত বিজ্ঞান আৰু অংকৰ শিক্ষকৰ পদ খালী হৈ আছে । এই পদসমূহত টিউটৰ‌ হিচাপে কৰ্মৰতসকলক নিয়মীয়া শিক্ষকলৈ পদোন্নতি কৰা নাই বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

এই সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে চৰকাৰে বৰ্তমান নিম্ন আৰু উচ্চ মাধ্যমিকত ৫৫৫০ টা আৰু মাধ্যমিক পৰ্যায়লৈকে ৮৯৮০‌ টা শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । আকৌ যোগ্যতা অনুসৰি টিউটৰসকলক নিয়মীয়া শিক্ষকলৈ পদোন্নতি কৰাৰ প্ৰক্ৰিয়া চৰকাৰে অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : পদ প্রাদেশিকীকৰণৰ দাবীত চচলত বঞ্চিত শিক্ষকৰ প্ৰতিবাদ

Last Updated : Feb 22, 2024, 6:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.