ETV Bharat / state

লাওখোৱাকাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ : শীঘ্ৰে আৰম্ভ হ’ব তদন্ত - Fisherman Shooting Case at Laokhowa

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 3:58 PM IST

Fisherman Shooting Case at Laokhowa : লাওখোৱা অভয়াৰণ্যৰ বিলত চোৰাং মাছমৰীয়াৰ সন্দেহত বনকৰ্মীৰ গুলীত দুই ভাতৃৰ মৃত্যুৰ হ’ব দণ্ডাধীশ পৰ্যায়ৰ তদন্ত । নগাঁও জিলা আয়ুক্তই দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰি অতিৰিক্ত জিলা দণ্ডাধীশক প্ৰদান কৰিছে তদন্তৰ দায়িত্ব । জিলা আয়ুক্তৰ নিৰ্দেশত দুই-এদিনৰ ভিতৰতেই তদন্ত আৰম্ভ কৰিব অতিৰিক্ত জিলা দণ্ডাধীশে ।

Fisherman Shooting Case at Laokhowa
লাওখোৱা কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ (ETV Bharat Assam)

নগাঁও, ২৪ জুন : লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ বিলত চোৰাংকৈ মৎস্য চিকাৰৰ বাবে যোৱাৰ সন্দেহত বনকৰ্মীয়ে চলোৱা গুলীত দুই ভাতৃৰ মৃত্যুক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া ।

Fisherman Shooting Case at Laokhowa
নগাঁও জিলা আয়ুক্তৰ তদন্তৰ জাননী (ETV Bharat Assam)

শুকুৰবাৰে নিশা লাওখোৱা অভয়াৰণ্যৰ গড়াজান বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ চৰাইহাগী বন শিবিৰ এলেকাৰ ৰৌমাৰী বিলত মৎস্য চিকাৰৰ বাবে যোৱাৰ সন্দেহত তহলদাৰী বনকৰ্মীৰ এটা দলে চলোৱা গুলীত নিহত হৈছিল জুৰীয়াৰ ধিং বড়ি চাপৰিৰ দুই ভাতৃ আব্দুল জলিল আৰু ছমিৰ উদ্দিন । বনকৰ্মীৰ 8 জাঁই গুলীত দুই ভাতৃ আব্দুল জলিল আৰু ছমিৰ উদ্দিনৰ মৃত্যুৰ পাচতেই সমগ্ৰ জুৰীয়া অঞ্চলত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

ইয়াৰ পিচতে বিভিন্ন দল-সংগঠনৰ লগতে ৰূপহীহাট আৰু ধিং বিধানসভা সমষ্টিৰ দুই বিৰোধী বিধায়ক ক্ৰমে নুৰুল হুদা আৰু আমিনুল ইছলামৰ লগতে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় প্ৰতিনিধিৰ দলেও নিহত দুই ভাতৃৰ বাসগৃহত উপস্থিত হৈ বন বিভাগক অভিযুক্ত কৰি সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী উত্থাপন কৰে । অৱশ্যে ঘটনা সংঘটিত হোৱাৰ এটা দিনৰ ভিতৰতেই তদন্তৰ নিৰ্দেশ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

আনহাতে, বনকৰ্মীৰ গুলীত ধিং বড়ি চাপৰিৰ দুই ভাতৃৰ মৃত্যুক লৈ চর্চা, প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে নগাঁও জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহেও ঘোষণা কৰে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত । ইতিমধ্যে জিলা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহে অতিৰিক্ত জিলা দণ্ডাধীশ সুদীপ নাথক অৰ্পণ কৰে বনকৰ্মীৰ গুলীচালনাৰ ঘটনাৰ তদন্তৰ দায়িত্ব । অতিৰিক্ত দণ্ডাধীশ সুদীপ নাথক সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰি জিলা দণ্ডাধীশে জাৰি কৰিছে এক নিৰ্দেশনা । লগতে আগন্তুক ১০ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈয়ো নিৰ্দেশনা দিয়ে জিলা দণ্ডাধীশে ।

এই সন্দৰ্ভত জিলা আয়ুক্ত কাৰ্যালয়ত ই টিভি ভাৰত অসমৰ সাংবাদিকে যোগাযোগ কৰি জানিব পৰা মতে, দুই-এদিনৰ ভিতৰতেই তদন্ত আৰম্ভ কৰিব । ঘটনা সন্দৰ্ভত ৰাজহুৱা শুনানি গ্ৰহণ কৰি তদন্ত কৰাৰ সম্ভাৱনা থকা বুলিও জানিব পৰা গৈছে ।

উল্লেখ্য, এফালে চোৰাংকৈ লাওখোৱা অভয়াৰণ্যৰ বিলত মৎস্য চিকাৰৰ বাবে যোৱাৰ সন্দেহত বনকৰ্মীয়ে গুলীচালনা কৰা বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ কৰিছে, আনফালে স্থানীয় জনপ্ৰতিনিধি অথবা একাংশ লোকে মথাউৰিৰ ওপৰতেই বনকৰ্মীয়ে গুলীয়াই দুই ভাতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । অৱশ্যে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পন্ন হ'লেই প্রকৃত ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :প্ৰসংগ: লাওখোৱা অভয়াৰণ্যত গুলীচালনা; তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - CM ON laokhowa INCIDENT

লগতে পঢ়ক :বনকৰ্মীৰ গুলীত নিহত দুই ভাতৃ : ঘটনাক লৈ প্ৰতিক্ৰিয়া আ‌মছুৰ - Forest Department Encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.