ETV Bharat / state

প্ৰসংগ মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি : ৰাজ্যৰ বিভিন্ন বিৰোধী দলৰ তীব্ৰ প্ৰতিক্ৰিয়া - Assam CM Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 9:37 PM IST

Riniki Bhuyans Property Controversy : এতিয়া ৰাজ্যৰ ৰাজনীতিত এটায়ে মুখ্য চৰ্চাৰ বিষয় হৈ পৰিছে, সেয়া হৈছে মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি । আনহাতে, মুখ্যমন্ত্ৰীৰ পত্নীয়ে অবৈধভাৱে সম্পত্তি গঢ়া বুলি কৰা কংগ্ৰেছৰ অভিযোগত 'এই সকলো সম্পত্তি অসমৰে' বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাক লৈ এতিয়া আকৌ ৰাজ্যত নতুন ৰাজনৈতিক বাক্যবাণ আৰম্ভ হৈছে ।

Riniki Bhuyans Property Controversy
মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিক লৈ ৰাজ্যৰ বিভিন্ন বিৰোধী দলৰ তীব্ৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

গুৱাহাটী, ১২ আগষ্ট : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সম্পত্তিক লৈ বিভিন্ন বিতৰ্ক অব্যাহত আছে । কিন্তু তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নীৰ সম্পত্তি সন্দৰ্ভত দিয়া ৰাজহুৱা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ বিৰোধী দলসমূহে ।

মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে এক অনুষ্ঠানত সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যত প্ৰকাশ কৰিছিল, "ৰিণিকি ভূঞাই যি কৰিছে সেয়া অসমৰ ৰাইজৰ কাৰণে কৰিছে । লগত লৈ নাযায় । মোৰ ল'ৰাৰ নামত একো নাথাকে । সকলো অসমৰ ৰাইজৰ হ'ব । ৰিণিকিৰ সকলোবোৰ সম্পত্তি অসমৰ সম্পত্তি । স্কুল, ৰিজ'ৰ্ট, নিউজ লাইভ সকলো অসমৰ সম্পত্তি ।"

তেওঁ লগতে উল্লেখ কৰে, "উইলত সকলো কথা গম পাব । মোৰ ল'ৰা-ছোৱালীক একো নালাগে । নিউজ লাইভৰ উপাৰ্জন হোৱাইট, গতিকে পেলাই দিব নেকি ? কিবাতো কৰিব লাগিব ।"

এ পি চি চিৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া : ১০০ দিনৰ ভিতৰত বাজেয়াপ্ত কৰা হ’ব মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি

মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ পিছতে এই বিষয়ত মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই । ভূপেন বৰাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ অবাধ সম্পত্তি সন্দৰ্ভত উত্থাপিত অভিযোগৰ উত্তৰত 'এইবোৰ ৰাইজৰে সম্পত্তি' বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "আগন্তুক ২০২৬ বৰ্ষত অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ ১০০ দিনৰ ভিতৰত এছ আই টি (Special Investigative Team) গঠন কৰি আয়তকৈ অধিক সম্পত্তিৰ হিচাপ উলিওৱা হ'ব । আয়বহিৰ্ভূত সম্পত্তি বাজেয়াপ্ত কৰা হ'ব আৰু বাজেয়াপ্ত কৰা সকলো সম্পত্তি বিক্ৰী কৰি পোৱা ধন ৰাজভঁৰালত জমা কৰা হ'ব । পত্নীৰ সম্পত্তি যে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰে গঠন কৰি দিয়া এছ আই টিৰ দ্বাৰা বাজেয়াপ্ত কৰা হ'ব সেই কথাৰ পূৰ্বানুমান মুখ্যমন্ত্ৰীয়ে ঠিকেই কৰিছে ।"

ভূপেন বৰাই লগতে কয়, "২০২৬-ত অসমৰ ৰাইজে দুৰ্নীতিগ্ৰস্ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ওফৰাই কংগ্ৰেছ চৰকাৰ পুনৰ প্ৰতিষ্ঠা কৰিবৰ বাবে ইতিমধ্যে পণ লোৱা বুলি বিজেপিৰ নেতৃত্বই বুজি উঠিছে । যাৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতাৰ মাজত হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু দলৰ মাজত বিসম্বাদ বৃদ্ধি পাইছে ।"

অসম জাতীয় পৰিষদৰ সাধাৰণ ‌সম্পাদক জগদীশ ভূঞাৰ প্ৰতিক্ৰিয়া

আনহাতে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পত্নীৰ অবাধ সম্পত্তি সন্দৰ্ভত উত্থাপিত অভিযোগৰ উত্তৰত 'এইবোৰ ৰাইজৰে সম্পত্তি' বুলি কৰা ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সাধাৰণ ‌সম্পাদক জগদীশ ভূঞাই ।

জগদীশ ভূঞাৰ প্ৰশ্ন, "এই সম্পত্তিৰ লাভাংশ কাৰ ? ৰাইজৰ নে মুখ্যমন্ত্ৰীৰ নিজৰ ? শৰ্মাই সম্পত্তি গঢ়াৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিছে নেকি ? শৰ্মাই ৰাইজৰ বিকাশৰ বাবে নে পৰিয়ালৰ বিকাশৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিছে ? তেওঁৰ পত্নীৰ স্কুলখনত ছাত্ৰ-ছাত্ৰীৰ পঢ়া খৰচ বিনামূলীয়া নকৰে কিয় ?" প্ৰকৃততে মুখ্যমন্ত্ৰীয়ে অবান্তৰ কথা কৈ আছে বুলিও অভিযোগ কৰে অজাপৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।

চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ প্ৰতিক্ৰিয়া

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পত্নীৰ অবাধ সম্পত্তি সন্দৰ্ভত উত্থাপিত অভিযোগৰ উত্তৰত কৰা ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চি পি আই এমেও । চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ কয়, "সম্পত্তি দান দিয়াৰে যদি উদ্দেশ্য আছে, তেন্তে মুখ্যমন্ত্ৰীয়ে ইমান সম্পত্তি কিয় গোটাইছে । শৰ্মাই মুখ্যমন্ত্ৰীৰ ক্ষমতা অপব্যৱহাৰ কৰি এই অগাধ সম্পত্তি গোটাইছে । মুখ্যমন্ত্ৰীয়ে এইবোৰ আঁভুৱা-ভৰা কথা কৈছে । মুখ্যমন্ত্ৰীয়ে প্ৰকাৰন্তৰে অগাধ সম্পত্তি গঢ়াৰ কথা স্বীকাৰ কৰিছে । গতিকে মুখ্যমন্ত্ৰীৰ পৰিয়ালে কেনেকৈ আৰু কিমান পৰিমাণৰ সম্পত্তি গঢ়িছে তাৰ তদন্ত হ'ব লাগে ।"

আপ, ‌অসমৰ সভাপতি ভৱেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

আনহাতে, পত্নীৰ সম্পত্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আপ, ‌অসমৰ সভাপতি ভৱেন চৌধুৰীয়ে‌ কয়, "মুখ্যমন্ত্ৰীয়ে তেওঁৰ পত্নীৰ যি উইলৰ কথা কৈছে সেয়া ৰাজহুৱা কৰক । কেৱল মুখেৰে ক'লে নহ'ব ।" উইলখন ৰাজহুৱা কৰাৰ বাবে তেওঁ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনায় ।

লগতে পঢ়ক :ৰিণিকি ভূঞাৰ সকলো সম্পত্তি অসমৰ ৰাইজৰ সম্পত্তি: দিছপুৰত ঘোষণা মুখ্যমন্ত্ৰীৰ - CM Himanta on USTM
লগতে পঢ়ক :অনিশ্চয়তাত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ: ৰাজ্যসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচনক লৈ ব্যস্ত মুখ্যমন্ত্ৰী - Assam cabinet expansion

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.