ETV Bharat / state

শিৱসাগৰকাণ্ড প্ৰসংগত গৃহমন্ত্ৰীৰ পদত্যাগ দাবী অখিল গগৈৰ : সমষ্টিলেই নগ’ল বুলি অখিলক সমালোচনা মন্ত্ৰী পীয়ুষৰ - Assam Assembly Autumn session 2024

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 6:06 PM IST

MLA Akhil Gogoi on Assam CM : শিৱসাগৰকাণ্ডক লৈ বিধানসভাত অখিল গগৈয়ে উত্থাপন কৰা সভাস্থগিত প্ৰস্তাৱ খাৰিজ । মন্ত্ৰী পীয়ুষ হাজৰীকাৰ কটাক্ষ, “অখিল গগৈ চেঙা, ধুবুৰীলৈহে দৌৰি যায় ৷ নিজৰ সমষ্টিৰ আক্ৰমণৰ বলি হোৱা ছোৱালীজনীৰ খবৰ ল’বলৈ নাযায় ।”

Opposition demands Assam CMs resignation over Sivasagar panja player attack case
শিৱসাগৰকাণ্ডক বিধানসভাত অখিলৰ সভা স্থগিত প্ৰস্তাৱ খাৰিজ (Assam Legislative Assembly)

গুৱাহাটী, ২২ আগষ্ট : শিৱসাগৰকাণ্ডক লৈ আইন-শৃংখলা ৰক্ষাত ব্যৰ্থতাৰ অভিযোগত বিধানসভাৰ মজিয়াত ৰাজ্যৰ গৃহমন্ত্ৰীৰ পদত্যাগ বিচাৰি সভাস্থগিত প্ৰস্তাৱ ৷ অখিল গগৈক উভতি ধৰি মন্ত্ৰী পীয়ুষ হাজৰীকাৰ প্ৰশ্ন, নিজৰ সমষ্টি শিৱসাগৰত অচলাৱস্থা হওতে সমষ্টিত নাথাকি গুৱাহাটীত কি কৰি আছিল অখিল গগৈয়ে ?

উল্লেখ্য যে, অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি প্ৰথম দিন । স্মাৰ্ট মিটাৰক লৈ বিধানসভাৰ চৌহদত আজি হাতলেম্প আৰু স্মাৰ্ট মিটাৰ লৈ অখিল গগৈৰ প্ৰতিবাদ আৰু সদনৰ ভিতৰত শিৱসাগৰৰ খেলুৱৈক আক্ৰমণ আৰু ৩০ টা সংগঠনৰ প্ৰতিবাদৰ ঘটনাক লৈ গৃহ বিভাগৰ ব্যৰ্থতাৰ অভিযোগ আনি গৃহমন্ত্ৰীৰ পদত্যাগ দাবীৰে বিধানসভাত সভাস্থগিত প্ৰস্তাৱ উত্থাপন শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ৷

লগতে পঢ়ক : স্মাৰ্ট মিটাৰক লৈ উত্তপ্ত বিধানসভা: সদন ত্যাগ কৰি বিৰোধীৰ প্ৰতিবাদ - Assam Assembly Autumn session 2024

  • বিধানসভাত অখিল গগৈৰ মন্তব্য :

“১৮ বছৰতকৈ কম বয়সীয়া ছাত্ৰী, ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈগৰাকীক ১৩ আগষ্টত আক্ৰমণ কৰাৰ পিছতো ১৪ আগষ্ট পৰ্যন্ত আৰক্ষীয়ে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ নকৰিলে । অথচ আক্ৰমণ কৰাৰ দিনাই পুলিচৰ ওচৰত এজাহাৰ দিয়া হৈছিল । ১৪ তাৰিখৰ দিনা ৩০ টা সংগঠনৰ নেতৃত্বত প্ৰতিবাদ হোৱাৰ পিছতহে আবেলিলৈ আক্ৰমণকাৰী অৰুণ লাহতী আৰু মনোজ পোদ্দাৰক গ্ৰেপ্তাৰ কৰা হ’ল ৷ গ্ৰেপ্তাৰ কৰাৰ বাহিৰে আন একো পদক্ষেপ নল’লে । তাৰ পিছতেই ইয়াক লৈ বহু ডাঙৰ ডাঙৰ ঘটনা ঘটিল ৷ অসমতে খিলঞ্জীয়া যুৱতীৰ নিৰাপত্তা নাইকীয়া হ’ল, পিছত গোটেই ঘটনাটো বহিৰাগত আৰু খিলঞ্জীয়া -এনেকুৱা পৰ্যায়লৈ পালেগৈ ৷”

ৰাজ্যত আইন-শৃংখলাৰ পৰিস্থিতি ৰক্ষাত ব্যৰ্থ বুলি কৈ আইনবিহীন অৱস্থা হোৱাৰ অভিযোগ আনি অখিল গগৈৰ মন্তব্য,

“দুমাহত ২২ গৰাকী গাভৰু ধৰ্ষিতা বা নিৰ্যাতিতা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে । ইয়াৰ দ্বাৰা এইটোৱেই প্ৰমাণ হৈছে যে গৃহমন্ত্ৰী ৰূপে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ ব্যৰ্থ হৈছে । সেয়ে গৃহমন্ত্ৰীৰ পদত্যাগ দাবী কৰি সভাস্থগিত প্ৰস্তাৱ আনিছিলো ৷”

অখিল গগৈয়ে সভাস্থগিত প্ৰস্তাৱ আনিছিল যদিও অধ্যক্ষই সেই প্ৰস্তাৱ খাৰিজ কৰে ।

লগতে পঢ়ক : স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট লুণ্ঠন: হাতত লেম্প আৰু স্মাৰ্ট মিটাৰ লৈ বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ - Assam Assembly Autumn session 2024

  • “সমষ্টিত তিনিদিন আন্দোলন হ’ল, অখিল গগৈ ব্যস্ত টিভি, ফেচবুক লাইভত ৷” মন্ত্ৰী পীয়ুষৰ সমালোচনা :

সভাস্থগিত প্ৰস্তাৱৰ বিৰোধিতা কৰি মন্ত্ৰী পীয়ুষ হাজৰীকাই সদনত শিৱসাগৰৰ বিষয়টো সমাধান হোৱা বুলি দাবী কৰে ৷ মন্ত্ৰী হাজৰীকাই সদনত কয়,

“এইটো এটা সমাধান হোৱা বিষয় । শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ইতিমধ্যে শিৱসাগৰলৈ গৈ ৩০ টা সংগঠন আৰু সকলো জাতি-জনগোষ্ঠীক মাতি আনিলে ৷ কেইবা ঘণ্টাজুৰি আলোচনাৰ পিছত বিষয়টো সমাধানো হ’ল । ইয়াত আকৌ কটা ঘাঁত নতুনকৈ নিমখ দিব লাগে বুলি মই নাভাবো । ”

শিৱসাগৰত আন্দোলন হোৱা তিনিদিন অখিল গগৈ ক’ত আছিল বুলি সদনত প্ৰশ্ন পীয়ুষ হাজৰীকাৰ । অখিল গগৈক মন্ত্ৰী হাজৰিকাৰ আক্ৰমণ,

“তেখেতৰ সমষ্টিত দুদিন-তিনিদিন আন্দোলন হ’ল ৷ তেখেত গৈছিল নেকি তালৈ ? আন্দোলনত আপুনি অংশগ্ৰহণ কৰিছিল নেকি ? সমষ্টিয়েই নগ’ল । সমষ্টিত অচলাৱস্থা ৷ কিন্তু তেখেত সমষ্টিলৈকে নগ’ল । তেখেত ক’ত আছিল ?”

বিতৰ্কত ভাগ লৈ অখিল গগৈৰ প্ৰতি লগতে এই তীৰ্যক মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰীকাৰ-

“মোৰ সমষ্টিত কিবা হ’লে মই দৌৰি যাঁও ৷ প্ৰতিজন বিধায়কেই নিজৰ সমষ্টিলৈ দৌৰি যাব । তেখেত ক’ত আছিল ? টিভিত আছিল তেখেত, ফেচবুক লাইভত আছিল ।”

অখিল গগৈ চেঙা, ধুবুৰীলৈহে দৌৰি যায় ৷ নিজৰ সমষ্টিৰ আক্ৰমণৰ বলি হোৱা ছোৱালীজনীৰ খবৰ ল’বলৈ নাযায় বুলি সদনৰ মজিয়াতে অখিল গগৈক প্ৰত্যাক্ৰমণ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰীকাৰ ।

লগতে পঢ়ক : ধৰ্মৰ ভিত্তিত মাটি কিনা-বেচাৰ বিধেয়ক উত্থাপন কৰাক লৈ বিৰোধীৰ সদন ত্যাগ - Assam Assembly Autumn Session

  • মুখ্যমন্ত্ৰীৰে ৩০ সংগঠনৰ আলোচনা কেতিয়া ?

সদনত বিতৰ্কৰ পিছত সদন বাহিৰত সভাস্থগিত প্ৰস্তাৱ আৰু পীয়ুষ হাজৰীকাৰ আক্ৰমণ প্ৰসংগত মন্তব্য কৰি অখিল গগৈয়ে কয়,

“মন্ত্ৰীয়ে কোৱাৰ দৰে সম্পূৰ্ণ সমাধান এতিয়াও হোৱা নাই । শিৱসাগৰত মন্ত্ৰী ৰনোজ পেগুৱে কৈ আহিছে যে ৩০ সংগঠনৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকৰ ব্যৱস্থা কৰিব ৷ এই বৈঠক কেতিয়া হ’ব ?”

লগতে পঢ়ক : স্মাৰ্ট মিটাৰক লৈ সৰৱ বিৰোধী: সত্যতা প্ৰতিপন্ন কৰাৰ প্ৰস্তাৱ মন্ত্রী পীযুষ হাজৰীকাৰ - Oppositions Walkout From Assembly

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.