ETV Bharat / state

প্ৰযোজকৰ ভূমিকা লোৱা বিশালে কিয় আধাতে এৰিছিল ছবিৰ কাম ? - Online Trading Scam

author img

By ETV Bharat Entertainment Team

Published : Sep 3, 2024, 7:14 PM IST

Online trading fraud: অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকনে ছবি নিৰ্মাণৰ নামতো কৰিছিল ধন বিনিয়োগ । আদিত্যম শইকীয়াৰ পৰিচালনাৰে আহিবলগীয়া নতুন অসমীয়া ছবি 'দ্য ব্লেক আমব্ৰেলা'ৰ প্ৰযোজক হিচাপে আছিল বিশাল । পিচে আধাতে ছবিখনৰ কাম নকৰাৰ কথা পৰিচালকক জনাইছিল বিশালে ।

Online trading fraud, Bishal Phukan invested money in filmmaking
বিশালে কিয় আধাতে এৰিছিল ছবিৰ কাম ? (ETV Bharat Assam)

গুৱাহাটী,৩ ছেপ্টেম্বৰ: অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকনে ক'লা ধন বগা কৰাৰ উপায় হিচাপে বাচি লৈছিল অসমীয়া ছবিজগত । শেহতীয়াকৈ এখন অসমীয়া ছবিত ধন বিনিয়োগ কৰিছিল বিশাল ফুকনে । বিগত বর্ষত মুক্তি লাভ কৰা অসমীয়া ছবি 'ৰঙাটাপু' ছবিখনৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ ঘটা আদিত্যম শইকীয়াৰ দ্বিতীয়খন ছবি 'দ্য ব্লেক আমব্ৰেলা'ৰ প্ৰযোজক হিচাপে আছিল বিশাল ফুকন ।

Online trading fraud, Bishal Phukan invested money in filmmaking
বিশালে প্ৰযোজনা কৰা ছবি (ETV Bharat Assam)

জানিব পৰা মতে, প্ৰায় ১.৫ কোটি টকাৰ বাজেটত ছবিখন নিৰ্মাণ কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । অসমৰ কেইবাগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ লগতে 'হিৰামণ্ডী' খ্যাত বৃটিছ অভিনেতা জেচন শ্বাহৰ দৰে বিদেশী শিল্পীৰো সংযোগ ঘটোৱা হৈছিল ছবিখনত । কিন্তু ছবিখনৰ আধা কাম সম্পন্ন হোৱাৰ পাছত ছবিখন নকৰাৰ সিদ্ধান্তৰ কথা বিশালে জনাইছিল পৰিচালক আদিত্যম শইকীয়াক । এই সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে ফোনযোগে হোৱা বার্তালাপত ছবিখনৰ পৰিচালক আদিত্যম শইকীয়াই জনালে বহু কথা ।

পৰিচালক আদিত্যম শইকীয়া (ETV Bharat Assam)

কেনেদৰে বিশালৰ সৈতে চিনাকি হৈছিল আদিত্যম শইকীয়াৰ ?

এই সন্দৰ্ভত আদিত্যম শইকীয়াই কয়,"বিশাল ফুকনে প্ৰথমৱস্থাত মোৰ ওচৰত কাপোৰ বনাবলৈ আহিছিল । আমি তেনেকৈ লগ পাইছিলো আৰু সেইখিনি সময়তে মোৰ 'ৰঙাটাপু' মুক্তি লাভ কৰিছিল । যিহেতু আমি ছবি বনোৱা মানুহ সেইখিনি সময়তে মই 'দ্য ব্লেক আমব্ৰেলা' ছবিখনৰো পৰিকল্পনা কৰি আছিলো । তেখেতে সেই সময়ত ছবি এখন বনোৱাৰ বাবে আগ্ৰহী আছিল আৰু ময়ো মোৰ ছবিখন স্ক্ৰীপ্টৰ কথা তেওঁৰ আগত কৈছিলো । ছবিখনৰ কাহিনীটো বিশালক কোৱাৰ পিছত বিশালে ছবিখন নিৰ্মাণৰ বাবে সন্মত হৈছিল আৰু ছবিখন প্ৰযোজনা কৰিম বুলি মোক কৈছিল ।"

বিদেশত কৰা হৈছিল ছবিখনৰ চুক্তিত স্বাক্ষৰ:

আদিত্যম আৰু বিশালৰ কথাবাৰ্তাৰ পিছত 'দ্য ব্লেক আমব্ৰেলা'ক এখন বিগ বাজেটৰ ছবিৰ ৰূপত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছিল । বিদেশত এই ছবিখনৰ বাবে চুক্তিত স্বাক্ষৰ কৰাৰ কথা সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰিছিল পৰিচালক আদিত্যমে ।

এই সন্দৰ্ভত তেওঁ কয়,' আচলতে সমাজিক মাধ্যমৰ প্ৰতিটো কথা সঁচা নহয় । আমি ফুৰিবলৈ যাওঁতে ফূৰ্তিতে বা আমাৰ অপৰিপক্কতা বুলিও ক'ব পাৰি যাৰ বাবে সেই স্বাক্ষৰ কৰা প'ষ্ট সামাজিক মাধ্যমত দিছিলো । ভাল ছবি এখন নিৰ্মাণ হ'ব বুলিয়ে আশা কৰিছিলো । এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ম বুলি কেতিয়াও ভবা নাছিলো । কিন্তু চিনেমাৰ চুক্তি কৰিম বুলি আচলতে বাহিৰলৈ কেতিয়াও যোৱা হোৱা নাছিল ।"

ছবিখনৰ কিমান শতাংশ কাম সম্পন্ন হৈছে ?

চলিত বর্ষৰ মাৰ্চ মাহৰ পৰা চিত্ৰগ্ৰহণো আৰম্ভ কৰা হৈছিল ছবিখনৰ ৷ এই সন্দৰ্ভত শইকীয়াই কয়,"মাৰ্চ মাহত আমি ১৬ দিনমান শ্বুটিং কৰিছিলো আৰু মে' মাহৰ প্ৰথম সপ্তাহত কেইদিনমান শ্বুটিং কৰা হৈছিল । তাৰ পাছত আৰু শ্বুটিং হোৱা নাই ।"

ছবিখনৰ বাবে সমগ্ৰ ধনৰ লেনদেন কৰিছিল বিশালে

পৰিচালক আদিত্যমে কয়,"ছবিখনৰ বাবে হ'বলগীয়া খৰচ তথা ধনৰ লেনদেন বিশালে নিজে কৰিছিল । তাৰ বাবে মই এখন পাৰিশ্ৰমিকৰ তালিকা বিশাল ফুকনৰ হাতত অৰ্পণ কৰিছিলো । তেনেদৰে তেওঁ লেনদেন কৰিছিল আৰু ময়ো তেনেদৰে পৰিচালক হিচাপে মোৰ যি প্ৰাপ্য সেয়া তেওঁৰ পৰা পাইছিলো ।"

হঠাতে কিয় থমকি ৰ'ল 'দ্য ব্লেক আমব্ৰেলা'ৰ কাম ?

এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়,"মে' মাহৰ শ্বুটিঙৰ পাছত বৰষুণ আছিল, তাৰ পাছত তেখেতৰ ফালৰ পৰাও কোনো সেউজ সংকেত অহা নাছিল । তাৰ পাছত তেখেতে মোক আগষ্ট মাহৰ ১৯ তাৰিখে এটা মেছেজ দিছিল-"মই ছবিখন আৰু সম্পূৰ্ণ কৰিব নোৱাৰিম ।" এই মেছেজটোৰ পাছত মই তেওঁক লগ পাই কথা পাতিম বুলি কৈ থ'লো কিন্তু লগ পোৱালৈ মই প্ৰথম বাতৰিটো দেখা পাইছিলোৱেই । তাৰ পাছত মই তেওঁক প্ৰশ্ন কৰিছিলোঁ কথাবোৰ কিমান সঁচা, কিমান মিছা । কিন্তু তেখেতে মোক কলে চিন্তা নকৰিব, ব্যৱসায়ত উত্থান-পতন থাকেই । সোনকালেই সকলো ঠিক হৈ যাব ।"

ইফালে, বিশাল বাহিনীয়ে ৰচা এই জালত পৰিছে অসমীয়া ছবিজগতৰ অভিনেতা-অভিনেত্ৰীৰ লগতে বহু পৰিয়াল, আছে কেইবাগৰাকী কণ্ঠশিল্পীও । বাদ পৰি ৰোৱা নাই ৰূপসজ্জা শিল্পীও । আনহাতে বিশাল ফুকনক গ্ৰেপ্তাৰৰ পাছৰে পৰা অন্তৰ্ধান হৈ আছে অভিনেত্ৰী তথা বিশালে পাতি লোৱা ভগ্নী চুমী বৰা ।

লগতে পঢ়ক: অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা ! কেনেদৰে কোটিপতি হৈছিল বিশাল ফুকন ? - ONLINE TRADING SCAM

পডকাষ্ট এটাত লাজ কিয় কৰিম বুলি কোৱা চুমী বৰা নিশ্চয় লাজত অন্তৰ্ধান নাই হোৱা ! - BISHAL PHUKAN SUMI BORA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.