ETV Bharat / state

পেটৰ ক্ষুধাই লৈ গৈছিল বহিৰাজ্যলৈ: আদবাটৰে পৰা পৰিয়ালে পোৱা নাই কোনো খবৰ - ASSAM YOUTH MISSING IN OTHER STATE - ASSAM YOUTH MISSING IN OTHER STATE

Assam Youth Missing in running train: বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ ধেমাজিৰ যুৱক ৷ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি ৷ বিচাৰি উলিয়াবলৈ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান পৰিয়ালৰ ৷

one-person-from-dhemaji-gone-missing-on-the-way-to-kerala
আদবাটতে নিৰুদ্দেশ ধেমাজিৰ যুৱক : হাহাকাৰ পৰিস্থিতি পৰিয়ালৰ মাজত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 12:28 PM IST

ধেমাজি, 13 আগষ্ট: কৰ্মসংস্থাপনৰ অভাৱত বহিঃৰাজ্যলৈ গৈ বহু অসমীয়া যুৱক-যুৱতী সন্ধানহীন হোৱাৰ ঘটনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা পৰিলক্ষিত হৈ আহিছে ৷ শেহতীয়াকৈ আকৌ এবাৰ ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ শ্ৰীপানী পঞ্চায়তৰ 2 নং উদয়পুৰ বৰুৱা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷

আদবাটতে নিৰুদ্দেশ ধেমাজিৰ যুৱক (ETV Bharat Assam)

গাঁওখনৰ এজন লোক কর্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । নিৰুদ্দেশ হোৱা লোকজন শ্ৰীপানী পঞ্চায়তৰ 2 নং উদয়পুৰ বৰুৱা গাঁৱৰ কুম্ভ কোঁৱৰ । লোকজনৰ বয়স 44 ৷

জানিব পৰা মতে, লোকজনে কর্মসংস্থাপন বিচাৰি পৰিয়ালৰে আন চাৰিজনৰ সৈতে বিগত 27 জুলাইত ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’ল ষ্টেচনৰ পৰা বিবেক এক্সপ্ৰেছেৰে কেৰালালৈ গৈছিল । কিন্তু যাত্ৰাপথতে সোমবাৰৰ নিশা অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া নামৰ ষ্টেচনটোৰ পৰা নিৰুদ্দেশ হয় লোকজন ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, লোকজনে প্ৰস্ৰাৱ কৰিবলৈ বুলি ৰে’লখনৰ পৰা নামি যায় আৰু বহু সময়লৈ উভতি নাহে । লগৰীয়াকেইজনে বহুত বিচাৰ-খোঁচাৰ কৰে, যদিও একো শুংসূত্ৰ উলিয়াব নোৱাৰিলে কুম্ভ কোঁৱৰৰ ।

লগত থকা পৰিয়ালৰ লোককেইজনে জানিবলৈ দিয়া অনুসৰি, নিৰুদ্দেশ হোৱাৰ সময়ত পিন্ধনত কেৱল হাফপেণ্ট এটাহে আছিল কুম্ভ কোঁৱৰৰ দেহত । তেতিয়াৰে পৰা পৰিয়ালৰ লোকে অনেক বিচাৰ-খোঁচাৰ কৰিও কুম্ভ কোঁৱৰৰ সম্ভেদ উলিয়াব নোৱাৰাত শোকত ভাগি পৰে । ইতিমধ্যে পৰিয়ালৰ লোকে ডিব্ৰুগড় ৰে’ল আৰক্ষীক এই নিৰুদ্দেশ সন্দৰ্ভত অৱগত কৰিছে ।

লোকজনক যিকোনো প্ৰকাৰে বিচাৰি উলিয়াবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে পত্নী তথা পৰিয়ালৰ লোকে । কোনো লোকে লোকজনৰ কিবা সম্ভেদ পালে সমীপৰ আৰক্ষী থানা অথবা 91017-42843 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: কাম কৰিবলৈ গৈ এসপ্তাহ ধৰি সন্ধানহীন মৰাণৰ এজন লোক - Missing case in Moran

42 দিনে নিৰুদ্দিষ্ট পুত্ৰ ; সহায় বিচাৰি অসম চৰকাৰলৈ কাতৰ আহ্বান অসুস্থ পিতৃৰ - rangia youth missing in hyderabad

চাকৰি এৰি ক’লৈ গ’ল কলিয়াবৰৰ 18 বছৰীয়া দিগম্বৰ - Kaliabor youth missing

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.