ETV Bharat / state

মহানগৰীত নাবালিকা নিৰুদ্দেশ: দুগৰাকী উদ্ধাৰ, এগৰাকী এতিয়াও নিৰুদ্দিষ্ট

Student Missing Guwahati: সৰস্বতী পূজাৰ দিনা গুৱাহাটীত নিৰুদ্দেশ হ’ল তিনিগৰাকী ছাত্ৰী ৷ নাবালিকা তিনিগৰাকী নিৰুদ্দেশৰ পিচতে আৰক্ষীৰ কাষ চাপে অভিভাৱক ৷ এই পৰ্যন্ত দুগৰাকীক উদ্ধাৰ কৰা হৈছে যদিও এগৰাকী ছাত্ৰী এতিয়াও নিৰুদ্দিষ্ট হৈ আছে ৷

Student Missing Guwahati
মহানগৰীত নাবালিকা নিৰুদ্দেশ
author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 8:31 PM IST

মহানগৰীত নাবালিকা নিৰুদ্দেশ

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী : বুধবাৰে সৰস্বতী পূজালৈ বুলি সাঁজিকাচি ওলাই যোৱাৰ পিচতে গুৱাহাটীৰ পৰা সন্ধানহীন হয় তিনিগৰাকী ছাত্ৰী ৷ ইয়াৰে দুগৰাকী ছাত্ৰী হ’ল নুনমাটিৰ পঞ্চদ্বীপ জাতীয় বিদ্যালয়ৰ ৷

বুধবাৰে বিয়লি প্ৰায় ৪.৩০ বজাৰ পৰা নিৰুদ্দেশ হয় অষ্টম শ্ৰেণীৰ ছাত্ৰী দুগৰাকী ৷ বুধবাৰে দুপৰ নিশা পর্যন্ত ছাত্ৰী দুগৰাকীক অভিভাৱকে বিচাৰি নাপাই কাষ চাপে আৰক্ষীৰ ৷ আৰক্ষীয়ে বৃহস্পতিবাৰে টিহুৰ পৰা ছাত্ৰী দুগৰাকীক উদ্ধাৰ কৰাৰ লগত দুগৰাকী যুৱকক আটক কৰে ৷ সম্প্ৰতি টিহু আৰক্ষীৰ জিম্মাত আছে ছাত্ৰী দুগৰাকী ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে ছাত্ৰী দুগৰাকী নিৰুদ্দেশৰ চাঞ্চল্য মাৰ নৌযাওতেই আহিল এক অনুৰূপ খবৰ ৷ একেটা দিনতে একেটা অঞ্চলৰে পৰা নিৰুদ্দেশ হৈছিল আন এগৰাকী ছাত্ৰী ৷ নুনমাটিৰ ২ নং বাপুজী নগৰৰ পৰা 15 বছৰীয়া সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰী নিৰুদ্দেশ হৈ আছে ৷ অভিযোগ উত্থাপিত হৈছে যে ছাত্ৰীগৰাকীক অপহৰণ কৰা হৈছে ৷ নুনমাটি হাইস্কুলৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকী নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে নুনমাটি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পিতৃয়ে ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ নং ধাৰাৰ অধীনত থানাত ২৭/২৪ নম্বৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । এজাহাৰত পৰিয়ালে সমীন আলী নামৰ এজন যুৱকৰ নাম উল্লেখ কৰিছে । যুৱকজনে যুৱতীগৰাকীক পলুৱাই নিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ।

বৰ্তমানলৈ যুৱতীগৰাকীৰ কোনো সন্ধান লাভ কৰা নাই আৰক্ষীয়ে । ইফালে এজাহাৰত উল্লেখ কৰা যুৱকজনৰ সৈতে আৰক্ষীয়ে যোগাযোগৰ চেষ্টা অব্যাহত ৰাখিছে যদিও যুৱকজনৰ মোবাইল ফোন বন্ধ হৈ আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: সৰস্বতী পূজাৰ দিনাই নুনমাটিৰ পৰা নিৰুদ্দেশ দুই ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.