ETV Bharat / state

শুই থাকোঁতেই হাতীৰ গচকত প্ৰাণ গ’ল এজনৰ - WILD ELEPHANT MENACE

Man Elephant Conflict: গোৱালপাৰাত অব্যাহত হাতী-মানুহৰ সংঘাত । হাতীৰ আক্ৰমণত পুনৰ প্ৰাণ গ’ল এজন লোকৰ ৷ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ । খবৰ দিলেও হাতী খেদিবলৈ নাহে বন বিভাগৰ লোক ।

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 1:58 PM IST

Man Elephant Conflict in Goalpara
হাতী-মানুহৰ সংঘাত (ETV Bharat Assam)

গোৱালপাৰা, ২৪ জুলাই: গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত হাতী-মানুহৰ সংঘাত । পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ'ল গজেন্দ্ৰ ক্ষত্ৰিয় (৫৩) নামৰ এজন লোকৰ । মঙলবাৰে নিশা লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনস্থ শিগৰী গাঁৱত প্ৰৱেশ কৰে বনৰীয়া হাতীৰ এটা বৃহৎ জাকে । এই হাতীৰ জাকটোৱে প্ৰথমে গজেন্দ্ৰ ক্ষত্ৰিয়ৰ ঘৰৰ আচবাব লণ্ড-ভণ্ড কৰি লোকজনক শুই থকা অৱস্থাতে গচকি দিয়াত তেওঁৰ মৃত্যু ঘটে ।

হাতী-মানুহৰ সংঘাত (ETV Bharat Assam)

আনহাতে, বনৰীয়া হাতীৰ আক্ৰমণত তুলসী ক্ষত্ৰিয় আৰু সোণমনি ক্ষত্ৰিয় নামৰ দুজন লোক গুৰুতৰভাৱে আহত হয় । গুৰুতৰভাৱে আহত লোক দুজন বৰ্তমান চিকিৎসাধীন আৱস্থাত আছে । উল্লেখ যে যোৱা মঙলবাৰে নিশা প্ৰায় ৪০ টা হাতী থকা এটা বৃহৎ জাকে লক্ষীপুৰৰ শিগৰী আমবাৰী গাঁৱত চলাই উপদ্ৰৱ ।

হাতীৰ জাকটোৱে উধীৰ ক্ষত্ৰিয়, কানাই ক্ষত্ৰিয়, কৰ্মেশ্বৰ বৰ্মন, মালতী দাস, ভানুমতি ক্ষত্ৰিয়ৰ উপৰিও আন ১০টা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে ভঁৰালৰ থকা ধান-চাউল খাই তহিলং কৰে । তদুপৰি পৰিয়ালকেইটাৰ খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি কাপোৰ-কানিকে আদি কৰি সকলো সামগ্ৰী বিনষ্ট হোৱাত মূৰে-কপালে হাত দিছে ভুক্তভোগীয়ে ।

উল্লেখিত গাঁও সমূহত বিগত কিছুদিনৰ পৰা হাতীৰ জাকটোৱে বাহৰ পাতি আছে । এই বিষয়ে স্থানীয় ৰাইজে লক্ষীপুৰ আঞ্চলিক বন বিভাগক অৱগত কৰাৰ পিচতো বনৰীয়া হাতীৰ জাকটোক খেদিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলি ভুক্তভোগীসকলে অভিযোগ উত্থাপন কৰে । লক্ষীপুৰ আঞ্চলিক বন বিভাগ হাতীৰ জাকটো ৰোধ কৰিবলৈ ব্যৰ্থ হৈছে । আজি পুৱাৰ ভাগত লক্ষীপুৰ আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ গজেন্দ্ৰ ক্ষত্ৰিয়ৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:কলিয়াবৰত জাকে জাকে ওলাইছে বন্যহস্তী - WILD ELEPHANT MANACE

চন্দ্ৰপুৰত আবদ্ধ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি অহা বন্যহস্তী - Assam Flood 2024

ৰঙাপৰাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ : গচকত পশুধনৰ মৃত্যু - Man Elephant Conflict

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.