গোলাঘাট, 11 জুন: ৰাষ্ট্ৰীয় ঘাইপথত শিহৰণকাৰী দুৰ্ঘটনা ৷ দেৰগাঁৱৰ নিকটৱৰ্তী বালিজানৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো । জানিব পৰা মতে, AS 13 AC 5022 নম্বৰৰ এখন বলেৰ’ পিকআপ ভানে শিৱসাগৰৰ পৰা তীব্ৰ বেগেৰে নগাঁৱলৈ গৈ থকা অৱস্থাতে পূৰ্বৰ পৰাই পথত ৰৈ থকা UP 25 DT 0403 নম্বৰৰ এখন ট্ৰাকত পিছফালৰ পৰা খুন্দা মাৰে ।

এই দুৰ্ঘটনাটোত থিতাতে নিহত হয় বলেৰ’ খনত থকা বাবুল আলী নামৰ লোকজন ৷ গুৰুতৰভাৱে আহত হয় বাহনখনৰ চালক নুৰ আলী ।

ঘটনা সন্দৰ্ভত খবৰ লাভৰ পাচতে দুৰ্ঘটনাস্থলীত দেৰগাঁও থানাৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ আহত নুৰ আলীক ততালিকে দেৰগাঁৱৰ ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷ চিকিৎসাধীন নুৰ আলী বৰ্তমান বিপদমুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।
দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, বলেৰ’ বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰা দেখিবলৈ পোৱা যায় । বাহনখনৰ ভিতৰত থকা দুয়োজনৰ ঘৰ নগাঁও জিলাৰ খাৰুপেটীয়াত ৷

উল্লেখযোগ্য যে, দেৰগাঁৱৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালিজানত চলিত বৰ্ষৰ 4 জানুৱাৰীৰ দিনা সংঘটিত হৈছিল সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এটি ভয়ংকৰ পথ দুৰ্ঘটনা । গোলাঘাট দিশৰ পৰা তিনিচুকীয়া অভিমুখে যাত্ৰা কৰা এখন যাত্ৰীবাহী বাছৰ সৈতে বিপৰীত দিশৰ পৰা অহা এখন কয়লা ভৰ্তি ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত থিতাতে মৃত্যু ঘটে শিশুসহ 13 জনকৈ লোকৰ । দুৰ্ভাগ্যজনক বিষয় যে এই পথ দুৰ্ঘটনাটোৰ ফলত কেইবাজনো লোক চিৰদিনৰ বাবে ঘূণীয়া হয় ৷
লগতে পঢ়ক: ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰিল যাত্ৰীবাহী নৈশ বাছ; সংকটজনক অৱস্থাত 6 - Dergaon Bus accident