লখিমপুৰ, ৬ জুলাই : ১৯৮৯ চনত স্থাপিত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিৱেশনখনি শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে । প্ৰথম দিনা পুৱা ৯ বজাত ক্লাবৰ সভাপতি কুমুদ বৰুৱাই পতাকা উত্তোলন কৰাৰ পিচতে ৯.৩০ বজাত অসম বাৰ্তাজীৱী সংঘৰ প্ৰাক্তন সভাপতি টুটুমণি ফুকনে শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন কৰে ।
মুখ্যমন্ত্ৰীৰ আনটাইড পুঁজিৰে ক্লাবৰ দ্বিতীয় মহলাত নিৰ্মাণ কৰা প্ৰেক্ষাগৃহটো উদ্বোধন কৰে লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাই । তেওঁ প্ৰেক্ষাগৃহটো মুকলি কৰি বিগত সময়ত জিলাখনত সংবাদ মাধ্যমৰে থকা মধুৰ স্মৃতিৰ বিষয়ে তেওঁ উল্লেখ কৰে । সংবাদ মাধ্যমৰ গুৰুত্বক অৱলোকন কৰি তেওঁ কয়," ৰাজনৈতিক ব্যক্তিয়ে কোৱা কথা সদায় একপক্ষীয় হয় । বিৰোধী দলে আন এটা দলৰ কথা মানি ল'ব নিবিচাৰে, সেয়া লাগিলে ভাল কথাই হওক । কিন্তু সংবাদ মাধ্যমে কোৱা কথা সকলো ৰাইজে শুনে বা মানি লয় ।" এয়াই সংবাদ মাধ্যমৰ অন্য এক গুৰুত্বপূর্ণ দিশ বুলি তেওঁ মন্তব্য় কৰে ।
দুপৰীয়া প্ৰাক্তন আৰু জ্যেষ্ঠ সাংবাদিকৰ মাজত অন্তৰংগ আলাপৰ আয়োজন কৰা হয় । ইয়াৰ পিচতে প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভা আদিৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ সামৰণি পৰিব । এই অধিৱেশনৰ দ্বিতীয় দিনা দিনৰ ১ বজাত লখিমপুৰৰ তথ্য আৰু জনসংযোগ বিষয়া বংকিম ভাগৱতীয়ে মূল সভা উদ্বোধন কৰাৰ পিচতে সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিক ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব । মূল সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই । সভাত নিৰ্দিষ্ট বক্তা হিচাপে অধিবক্তা শান্তনু বৰঠাকুৰে অংশগ্ৰহণ কৰিব । সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ ৰূপে সন্মানিত দেৱজিৎ ফুকন, বিশিষ্ট কণ্ঠশিল্পী ড৹ শংকৰ পাটোৱাৰীয়ে ।