ETV Bharat / state

চৰকাৰী কাৰ্যসূচীত এতিয়াৰে পৰা নচলিব আমিষ খাদ্য: মুখ্যমন্ত্ৰীৰ নিৰ্দেশ - Assam Government

author img

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 5:25 PM IST

Himanta Biswa Sarma : বৈঠকত খোৱা খাদ্যৰ তালিকাক লৈ জিলা আয়ুক্তসকলক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷ মুখ্যমন্ত্ৰীৰ ভ্ৰমণ আৰু চৰকাৰী আমোলাৰ ভ্ৰমণত সাধাৰণ নিৰামিষ খাদ্য পৰিৱেশন কৰিব লাগিব ৷

Himanta Biswa Sarma
জিলা আয়ুক্তৰে মুখ্যমন্ত্ৰীৰ বৈঠক (ETV Bharat Assam)

গুৱাহাটী, 29 জুলাই : দিছপুৰৰ জনতা ভৱনত সোমবাৰে জিলা আয়ুক্তৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত খোৱা খাদ্যৰ তালিকাক লৈ জিলা আয়ুক্তসকলক বিভিন্ন কঠোৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ চৰকাৰী কাৰ্যসূচীত এতিয়াৰে পৰা নচলিব আমিষ খাদ্য ৷ চৰকাৰী কাৰ্যসূচীৰ খাদ্য হ'ব সম্পূৰ্ণ নিৰামিষ ৷ জিলা আয়ুক্তসকলক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷ বাজেট হ্ৰাস কৰাৰ বাবে এই সিদ্ধান্ত ৷

মুখ্যমন্ত্ৰীয়ে কয় কেবিনেট, মুখ্যমন্ত্ৰীৰ ভ্ৰমণ আৰু চৰকাৰী আমোলাৰ ভ্ৰমণত সাধাৰণ নিৰামিষ খাদ্য পৰিৱেশন কৰিব লাগিব ৷ চৰকাৰী কাৰ্যসূচীত আড়ম্বৰপূৰ্ণ খাদ্য পৰিৱেশন ৰাইজে ভাল নাপায় ৷ ৰাইজে বেয়া পোৱা কাম কৰিব নোৱাৰো ৷

বছৰৰ শেষৰফালে হ'ব পঞ্চায়ত নিৰ্বাচন :

31 ডিচেম্বৰৰ ভিতৰতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ ৷ আয়ুক্ত সন্মিলনত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা ৷ জনতা ভৱনত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে জিলা আয়ুক্তৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত এই কথা ঘোষণা কৰি তেওঁ কয় যে 31 ডিচেম্বৰৰ ভিতৰত যাতে নতুন পঞ্চায়তে দায়িত্ব ল'ব পাৰে তাৰ বাবে জিলা আয়ুক্তসকল নিৰ্বাচনৰ বাবে সাজু হোৱা উচিত ৷ তেওঁ পঞ্চায়তৰ পুনৰ নিৰ্ধাৰণৰ কাম খৰতকীয়াকৈ কৰাৰ বাবে জিলা আয়ুক্তসকলক কয় ৷

2 অক্টোবৰৰ পৰা আৰম্ভ হ’ব উপ-জিলাৰ প্ৰশাসনিক কাম :

2 অক্টোবৰৰ পৰা আৰম্ভ হ’ব উপ-জিলাৰ প্ৰশাসনিক ব্যৱস্থা ৷ কামৰূপ জিলাৰ হ’ব 2 খন উপ-জিলা ৷ নতুন অসম অসামৰিক সেৱাৰ বিষয়াসকলক উপ-জিলাত নিযুক্তি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৈঠকত ঘোষণা কৰে ৷ তেওঁ কয় যে মঙলবাৰে অসমৰ নতুন ৰাজ্যপালৰ শপত গ্ৰহণৰ পিচত কামৰূপ জিলাৰ 2 খন উপ-জিলাৰ আনুষ্ঠানিকভাৱে কাম আৰম্ভ কৰা হ'ব ৷

অৰুণোদয়ৰ বাবে নতুন নিয়ম :

অৰুণোদয় আঁচনিত হিতাধিকাৰী নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত নতুন নিয়ম কৰা হ'ব ৷ তেওঁ কয় - 'অৰুণোদয়ৰ ক্ষেত্ৰত অলপ খেলি-মেলি হৈছে ৷ 5-9 শতাংশ লোকে পোৱা নাই অৰুণোদয়ৰ ধন ৷ অৰুণোদয় 3.0ৰ ক্ষেত্ৰত আমি ৰাইজক প্ৰশিক্ষণ দিব লাগিব' ৷ অৰুণোদয় আঁচনিক লৈ এইধৰে মুখ্যমন্ত্ৰীয়ে মন্তব্য‌ কৰে ৷

লগতে পঢ়ক : শিক্ষাসেতু এপ-অলনাইন বদলি প্ৰক্ৰিয়াক প্ৰশংসা হিমাচলৰ শিক্ষামন্ত্ৰীৰ - Himanchal education department

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.