ETV Bharat / state

খিলঞ্জীয়াক কিয় প্ৰহাৰ কৰিলে বহিৰাগত ব্য়ৱসায়ীয়ে ? - Protest against Non Assamese

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 8:33 AM IST

Protest in Silapathar :অনাঅসমীয়াই খিলঞ্জীয়া যুৱকক প্ৰহাৰৰ অভিযোগ । স্বাষ্টিক এন্টাৰপ্ৰাইজৰ বিৰুদ্ধে প্ৰতিবাদ দল-সংগঠনৰ । কি দোষ কৰিছিল যুৱকে ? মূল অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী ।

Protest in Silapathar
ব্য়ৱসাসিক প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

জোনাই, ৩ ছেপ্টেম্বৰ: অনাঅসমীয়া প্ৰসংগই ৰাজ্য়জুৰি উত্তাল কৰি থকাৰ মাজতেই এইবাৰ ধেমাজি জিলাৰ চিলাপথাৰত এটা ব্য়ৱসাসিক প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন । ব্য়ৱসাসিক প্ৰতিষ্ঠানটোৰ এজন চালকক প্ৰহাৰৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতেই এই ঘটনাই লৈছে প্ৰতিবাদী ৰূপ ।

বিগত দুদিন ধৰি এই ঘটনাই চিলাপথাৰ উত্তপ্ত কৰি থকাৰ মাজতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰতিষ্ঠানটোৰ দুই কৰ্মচাৰীক । ইপিনে, পলাতক অৱস্থাত আছে মূল অভিযুক্ত ।

  • চালকক প্ৰহাৰৰ অভিযোগ :

নবীন হিমানী মালিকানাধীন চিলাপথাৰ নগৰত থকা ‘‘স্বাষ্টিক এন্টাৰপ্ৰাইজ’’ নামৰ ব্যৱসায় প্ৰতিষ্ঠানটোত মালিনীপুৰ পঞ্চায়তৰ শলখনি সোণোৱাল গাঁৱৰ ৰতন সোণোৱাল (২৮) নামৰ যুৱকজনে কেইবামাহৰ পৰা চালক হিচাপে কৰ্মৰত আছিল । উত্থাপিত অভিযোগ মতে,দেওবাৰে বিয়লি প্ৰতিষ্ঠানটোৰ এটা টায়াৰ হেৰুওৱা ঘটনাত জগৰীয়া কৰি মালিকপক্ষই চালক ৰতনক প্ৰহাৰ কৰে ।

যুৱকজনক প্ৰখৰ ৰ'দত এঘণ্টা আঠু কঢ়াই ৰখাৰ লগতে প্ৰহাৰ কৰে । আনকি ভেৰণীয়া গুণ্ডাৰ সহায়ত দাবী ধমকি দি ২৪ হাজাৰ টকা আদায়ৰ বাবদ কাগজত স্বাক্ষৰ কৰি লয় । দাবী কৰা ধন জমা দিবলৈ বান্ধি দিয়ে সময় সীমা । নহ'লে চুৰি কৰাৰ অভিযোগত চালকজনৰ বিৰুদ্ধে গোচৰ দিয়াৰো ভাবুকি প্ৰদান কৰে ।

  • সৰৱ সোণোৱাল কছাৰী ছাত্ৰ সন্থা :

ইয়াৰ পিচতেই যুৱকজনে বিষয়টো অৱগত কৰে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কৰ্মীক । ঘটনাটো বিয়পি পৰাত মুহূৰ্তত প্ৰতিষ্ঠানটোত সোণোৱাল আৰু চুতীয়াকে আদি কৰি বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতা-কৰ্মী উপস্থিত হয় । সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । প্ৰতিষ্ঠানটোৰ কৰ্ম-কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্থানীয় কেইবাটাও খিলঞ্জীয়া দল সংগঠনে । এই সন্দৰ্ভত চিলাপথাৰ আৰক্ষী থানাত ব্য়ৱসায়িক প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কৰ্মীয়ে দাখিল কৰে এজাহৰ ।

  • দোষীক গ্ৰেপ্তাৰৰ দাবীত এজাহাৰ :

ইয়াৰ পিচতে দোষীক গ্ৰেপ্তাৰৰ দাবীত দেওবাৰে সন্ধিয়া স্বাষ্টিক এন্টাৰপ্ৰাইজৰ সন্মুখত টায়াৰ জ্বলাই অৱৰোধ কৰে ৰাজপথ । অনাঅসমীয়া বিৰোধী শ্লোগানেৰে চিলাপথাৰৰ আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদী খিলঞ্জীয়াই । ইফালে, চিলাপথাৰ আৰক্ষী থানাত স্বাষ্টিক এন্টাৰপ্ৰাইজৰ বিৰুদ্ধে সোণোৱাল কছাৰী ছাত্ৰ সন্থাই তৰা গোচৰৰ ভিত্তিত ১৬৯/২০২৪ নম্বৰত গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় ন্যাস সংহিতাৰ অধীনত ১১৮(২)/৩০৮(৫)/৩(৫) ধাৰাত অনিল কুমাৰ সিং আৰু ৰাম শৰ্মা নামৰ দুজনক চিলাপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও মূল অভিযুক্ত নবীন হিমানী নামৰ লোকজনক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই ।

এই ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে সন্ধিয়া পুনৰ চিলাপথাৰ নগৰত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে উলিয়াই প্ৰতিবাদী সমদল । চিলাপথাৰ ৰাজ্যিক বাছ আস্থানৰ সন্মুখৰ দুই শতাধিক কৰ্মীয়ে নবীন 'হিমানীক গ্ৰেপ্তাৰ কৰক','স্বাষ্টিক এন্টাৰপ্ৰাইজ বন্ধ কৰক' আদি শ্লোগান দিয়ে । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীও ।

  • বহিৰাগত ব্য়ৱসায়ীক সকীয়নি :

প্ৰতিবাদকাৰীসকলে খিলঞ্জীয়া যুৱকক হত্যাচাৰ চলোৱা বহিৰাগত ব্য়ৱসায়ীৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ দাবী তুলি এন্টাৰপ্ৰাইজৰ স্বতাধিকাৰীক থলগিৰি অসমীয়া ৰাইজৰ ওচৰত আঠু কাঢ়ি ক্ষমা বিচাৰিবলৈ দাবী জনায় । উক্ত কাৰ্যসূচীত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰীক্ষিত সোণোৱাল উপস্থিত থাকে ।

লগতে পঢ়ক:অসমীয়া বিৰোধী শক্তিৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ হুংকাৰ ১২ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ - Union against anti Assamese forces

সুৰক্ষা লাগে খিলঞ্জীয়াৰ: ডিব্ৰুগড়ত ৩২ টাকৈ সংগঠনৰ গণবিক্ষোভ - Protest in Dibrugarh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.