ETV Bharat / state

ডিব্ৰুগড়ত বোমা বিচাৰি নাপালে আৰক্ষী-সেনাবাহিনীয়ে - ULFA I BOMB PLANS

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 7:11 AM IST

ULFA I bomb threat in Dibrugarh: আলফা স্বাধীনে কোৱাৰ দৰে ডিব্ৰুগড়ত বোমা বিচাৰি নাপালে আৰক্ষী আৰু সেনাবাহিনীয়ে । সেনাৰ বোমা বিশেষজ্ঞৰ দলে চৌকিডিঙ্গীৰ এ এছ টি চি চৌহদত স্নিফাৰ ডগ লৈ প্ৰতিখন বাছ আৰু চৌহদ নিৰীক্ষণ কৰিও নাপালে কোনো আপত্তিজনক সামগ্ৰী ।

ULFA I Bomb Threat in Dibrugarh
ডিব্ৰুগড়ত বোমা বিচাৰি নাপালে আৰক্ষী-সেনাবাহিনীয়ে (ETV Bharat Assam)

মৰাণ, ১৬ আগষ্ট : স্বাধীনতা দিৱসৰ দিনটোত সমগ্ৰ অসমৰ লগতে বোমাৰ আতংকত থাকিবলগা হ'ল ডিব্ৰুগড় চহৰৰ ৰাইজ । সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) এ ৰাজ্যৰ কেইবাটাও স্থানৰ লগতে ডিব্ৰুগড়ৰ পুৰণি বাছ আস্থানৰ এখন পৰিত্যক্ত বাছত বোমা স্থাপনৰ কথা প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰাৰ পিচতে‌ ডিব্ৰুগড়ত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ।

বোমা স্থাপনৰ কথা ৰাজহুৱা হোৱাৰ পাচতে পুৰণি বাছ আস্থানত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে আৰক্ষীয়ে । বাছ আস্থানৰ চৌপাশে মোতায়েন কৰা হয় আৰক্ষী । লগতে বাছ আস্থানৰ কাষত থকা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হয় । বাছ আস্থানলৈ মানুহৰ প্ৰৱেশ বন্ধ কৰি দিয়ে আৰক্ষীয়ে । মুঠতে এক যুদ্ধকালীন পৰিৱেশৰ সৃষ্টি হয় ডিব্ৰুগড়ত ।

আনহাতে, ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে নিজে সমগ্ৰ পৰিৱেশ তদাৰক কৰে । অৱশ্যে ডিব্ৰুগড়ত কোনো বোমা বিশেষজ্ঞ দল নথকাত বিয়লি তিনিচুকীয়াৰ দিনজানৰ পৰা আহে সেনাৰ বোমা বিশেষজ্ঞৰ দল । এই বোমা বিশেষজ্ঞ দলটোৱে স্নিফাৰ ডগসহ তন্নতন্নকৈ আস্থানটোত থকা প্ৰতিখন বাছ আৰু চৌহদ সন্ধিয়া পৰ্যন্ত নিৰীক্ষণ কৰে ।

ডিব্ৰুগড়ৰ চৌকিডিঙ্গীৰ অসম ৰাজ‍্যিক পৰিবহণ নিগমৰ আস্থানত থকা পৰিত‍্যক্ত বাছবোৰত তন্নতন্নকৈ পৰীক্ষা কৰে বোমা বিশেষজ্ঞৰ দলে । কিন্তু ক'তো পোৱা নগ'ল বোমাৰ অস্তিত্ব । আনহাতে, বাছ আস্থানটোত কোনো আপত্তিজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই বুলিও জানিবলৈ দিয়ে ডিব্ৰুগড়ৰ আৰক্ষীয়ে ।

ইফালে বোমাৰ সন্ধানত অভিযান চলি থকাৰ সময়তে ঘটনাস্থলীত উপস্থিত হয় ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন । ঘটনা সন্দৰ্ভত তেওঁ কয়, "আৰক্ষী আৰু বোমা বিশেষজ্ঞ দলে বোমা সংস্থাপন কৰা বুলি উল্লেখ কৰা স্থানত অনুসন্ধান চলায় যদিও বোমা বা তেনে ধৰণৰ কোনো সামগ্ৰী উদ্ধাৰ হোৱা নাই । আচলতে এয়া নিজৰ অস্তিত্ব প্ৰকাশৰ এক কৌশল । ৰাজ্যত এতিয়া কোনো আতংকৰ পৰিৱেশ নাই । ইয়াত কোনো বোমা উদ্ধাৰ হোৱা নাই ।"

উল্লেখ্য, দিনজোৰা অনুসন্ধানৰ অন্তত ডিব্ৰুগড়ৰ সেনাবাহিনীৰ বোমা বিশেষজ্ঞ দলে অভিযান সামৰাৰ লগে লগে অন্ত পৰে ডিব্ৰুগড়ত বোমাৰ আতংক । অৱশ্যে পৰৱৰ্তী সময়তো ডিব্ৰুগড় আৰক্ষীয়ে নিজাববীয়াকৈ ডিব্ৰুগড় চহৰৰ বিভিন্ন স্থানত অনুসন্ধান অব্যাহত ৰাখে ।

লগতে পঢ়ক :আলফা(স্বা)ৰ বিস্ফোৰণৰ পৰিকল্পনা বিফল: অসমৰ বিকাশৰ স্বাৰ্থত পৰেশ বৰুৱালৈ পুনৰ শান্তিৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ - ULFA I Bomb plans failed
লগতে পঢ়ক :লখিমপুৰৰ তৃতীয়টো বোমা ক'লৈ গ'ল ? সন্ধ্যা পৰ্যন্ত উদ্ধাৰ নহ'ল তৃতীয়টো বোমা - ULFA I bomb plans

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.