ETV Bharat / state

১৬ এপ্ৰিলত গুৱাহাটীৰ কিছু অংশত নো ড্ৰোণ ফ্লাই জ’ন ঘোষণা - PM Modi visit in Guwahati

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 10:58 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 16 আৰু 17 এপ্ৰিলৰ ভ্ৰমণসূচী উপলক্ষে প্ৰশাসনৰ বিশেষ নিৰ্দেশনা ৷ কিছু নিৰ্দিষ্ট পথত 'ন' ফ্লাই জ'ন আৰু ন' ক্ৰেকাৰ জ'ন' ঘোষণা ৷

PM MODI VISIT IN GUWAHATI
গুৱাহাটীত নো ড্ৰ’ন ফ্লাই জ’ন ঘোষণা

গুৱাহাটী, 15 এপ্ৰিল : গুৱাহাটীলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰী মোদীৰ গুৱাহাটী ভ্ৰমণক লৈ তৎপৰ হৈছে প্ৰশাসন ৷ মহানগৰীত মঙলবাৰে 'ন' ফ্লাই আৰু ন' ক্ৰেকাৰ জ'ন' ঘোষণা জিলা দণ্ডাধীশৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 16 আৰু 17 এপ্ৰিলৰ ভ্ৰমণসূচী উপলক্ষে কামৰূপ মহানগৰ জিলাৰ কিছু নিৰ্দিষ্ট পথত 'ন' ফ্লাই জ'ন আৰু ন' ক্ৰেকাৰ জ'ন' হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলাৰ জিলা দণ্ডাধীশ সুমিত সত্তাৱনে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এক নিৰ্দেশ যোগে জিলা দণ্ডাধীশ গৰাকীয়ে সদৰী কৰা মতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা জালুকবাৰী- মালিগাঁও-ভৰলুমুখ- পাণবজাৰ- জিএছ ৰোড- ছয়মাইল হৈ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰলৈ এই সমগ্ৰ পথছোৱাত এই নিৰ্দেশ বাহাল থাকিব ৷ আনহাতে উল্লেখিত পথসমূহৰ লগতে কইনাধৰাৰ অতিথিশালা এলেকাত ড্ৰোণ উৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰী কৰিছে জিলা প্ৰশাসনে ৷ আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণক লৈ মহানগৰ যান-বাহন আৰক্ষীয়ে বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে ৷

মঙলবাৰে গুৱাহাটীৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ কৰিছে প্ৰশাসনে ৷ বিয়লি 3 বজাৰ পৰা নিশা 10 বজালৈ বাহাল থাকিব এই নিৰ্দেশনা ৷ মহানগৰীৰ ডি জি ৰোড, এম জি ৰোড, জি এন বি ৰোড , বি বৰুৱা ৰোড, জি এছ ৰোডতো একেই নিষেধাজ্ঞা জাৰী কৰা হৈছে ৷ এই পথকেইটাত আবেলি 3 বজাৰ পৰা নিশা 10 বজালৈ চলিব নোৱাৰিব বাণিজ্যিক বাহন ৷ মন্থৰ গতিৰ বাহনো নিষিদ্ধ কৰিছে এই সময়ছোৱাত ৷ মহানগৰীৰ ABC পইণ্টৰ পৰা বিধানসভাৰ ৰ’টাৰীলৈ 4 বজাৰ পৰা ওৱান ৱে’ ঘোষণা কৰা হৈছে ৷ পথছোৱাত সন্ধিয়া 6 বজাৰ পৰা সম্পূৰ্ণ ৰূপে বন্ধ হ'ব যান-বাহনৰ চলাচল ৷ অৱশ্যে জৰুৰীকালীন বাহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা নাথাকিব ৷

লগতে পঢ়ক : মঙলবাৰে অসমলৈ আহি আছে মোদী আৰু প্ৰিয়ংকা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.