শিলচৰ, 6 মে’ : ৰাজ্যত সংঘটিত হৈছে ছাত্ৰৰ আত্মহত্যাৰ ঘটনা ৷ এই ঘটনা সংঘটিত হৈছে NIT শিলচৰত ৷ NIT শিলচৰৰ গেষ্ট হাউচৰ লগতে লাগি থকা বাথৰুমত চিপ লৈ এজন ছাত্ৰই আত্মহত্যা কৰে ৷ সোমবাৰে পুৱা সংঘটিত হোৱা এই ঘটনা বহু দেৰিকৈ পোহৰলৈ আহে ৷
প্ৰাপ্ত তথ্য অনুসৰি, মৃত ছাত্ৰজনে নিজৰ পিতৃ-মাতৃৰ সৈতে গেষ্ট হাউচটোত আছিল ৷ পিছত কোনো কামত ছাত্ৰজনৰ পিতৃ-মাতৃ বাহিৰলৈ যায় ৷ উভতি অহাৰ পিছত গেষ্ট ৰুমটোৰ লগতে লাগি থকা বাথৰুমৰ দৰ্জা বন্ধ প্ৰত্যক্ষ কৰে তেওঁলোকে ৷ সমান্তৰালকৈ ছাত্ৰজনক ৰুমত নেদেখাত সন্দেহ ওপজে পিতৃ-মাতৃৰ ৷
এই পৰিস্থিতি প্ৰত্যক্ষ কৰি তেওঁলোকে চিঞৰ-বাখৰ কৰাত ঘটনাস্থলীত উপস্থিত হয় শিক্ষানুষ্ঠানখনৰ অন্যান্য ছাত্ৰ-ছাত্ৰীৰ লগতে NIT কৰ্তৃপক্ষ ৷ তেওঁলোকে বাথৰুমৰ দৰ্জা ভাঙি ছাত্ৰগৰাকীয়ে ডিঙিত চিপ লৈ থকা প্ৰত্যক্ষ কৰে ৷ মূহুৰ্ততে আৰক্ষী অবিহনে ঘটনাস্থলীত উপস্থিত শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই ছাত্ৰগৰাকীক উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে ৷ পিছে চিকিৎসকে ছাত্ৰজনক মৃত ঘোষণা কৰে ৷ পৰৱৰ্তী সময়ত মৃত ছাত্ৰজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় ৷
উল্লেখ্য যে, মৃত ছাত্ৰগৰাকী NIT শিলচৰৰ মেকানিকেল ইঞ্জিনিয়াৰ বিভাগৰ কিশোৰ প্ৰাণ ডেকা বুলি জানিব পৰা গৈছে ৷ পিছে কি কাৰণে ছাত্ৰজনে আত্মহত্যাৰ দৰে পন্থা বাছি ল’লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ এই ঘটনাই শিলচৰ NIT ৰ দৰে শিক্ষানুষ্ঠানখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে ঘটনাস্থলীত শিলচৰ আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷ পৰৱৰ্তী সময়ত ইয়াৰ আঁৰৰ কাহিনী পোহৰলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰে আৰক্ষীয়ে ৷