ETV Bharat / state

সেনা ছাউনীত আলফা (স্বাধীন)ৰ আক্ৰমণ: পৰেশ বৰুৱাসহ চাৰি অভিযুক্তৰ বিৰুদ্ধে NIA ৰ অভিযোগনামা দাখিল - ULFA I Attack On Army Stations

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 10:23 AM IST

NIA chargesheets against Army camp attack: অসমৰ দুটাকৈ সেনা শিবিৰত আলফা (স্বাধীন) এ চলোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত চাৰি অভিযুক্তৰ বিৰুদ্ধে তদন্তকাৰী সংস্থা NIA ৰ অভিযোগনামা দাখিল ৷ পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন) য়ে 15 ডিচেম্বৰত (2023) দুয়োটা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছিল । প্ৰথমটো আক্ৰমণ চলাইছিল যোৰহাট জিলাৰ লিচুবাৰীৰ এটা সেনা শিবিৰত আৰু দ্বিতীয়টো সংঘটিত হৈছিল তিনিচুকীয়া জিলাৰ কাকপথাৰত ।

NIA chargesheets against Army camp attacks
প্ৰতিনিধিত্বমূলক প্ৰতিচ্ছবি (ETV Bharat)

নিউজ ডেস্ক, 26 জুন: 2023 চনৰ ডিচেম্বৰ মাহত অসমৰ এটা সামৰিক ষ্টেচনত আলফা স্বাধীনে কৰা আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত চাৰিজন অভিযুক্তৰ বিৰুদ্ধে মঙলবাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই অভিযোগনামা দাখিল কৰে ।

এন আই এৰ তথ্য অনুসৰি, যোৱা বছৰৰ 14 ডিচেম্বৰত যোৰহাট জিলাৰ লিচুবাৰীৰ সামৰিক ষ্টেচনত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ আছম-ইণ্ডিপেণ্ডেণ্ট (আলফা স্বাধীন)ৰ দুজনকৈ কেডাৰে মটৰ চাইকেলেৰে আহি গ্ৰেণেড নিক্ষেপ কৰিছিল ৷

অসমৰ তিনিচুকীয়া জিলাৰ কাকপথাৰত থকা সেনা শিবিৰত পুনৰ সংঘটিত হয় অনুৰূপ আক্ৰমণৰ ঘটনা । পৰেশ বৰুৱা নেতৃত্বাধীন আলফা(স্বাধীন) য়ে 15 ডিচেম্বৰত(2023) এক প্ৰেছ বিজ্ঞপ্তিযোগে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল ।

লগতে পঢ়ক: Suspicious grenade recovered: যোৰহাটত সেনাৰ চাউনীত বোমা বিস্ফোৰণৰ পাছতে তিনিচুকীয়াতো বোমাৰ আতংক

এই সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰ মাইণ্ড ম্যানমাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰত থকা আলফা(স্বাধীন) ৰ অভিজিত গগৈ ওৰফে কনক গগৈ ওৰফে ৰুমেল অসম ওৰফে আইচেং অসম তথা সংগঠনটোৰ শীৰ্ষ পৰেশ বৰুৱা ওৰফে পৰেশ অসম বুলি এন আই এয়ে প্ৰকাশ কৰিছে ।

লগতে নিয়াই এই আক্ৰমণৰ আঁৰৰ আন এজন মূল ষড়যন্ত্ৰকাৰী আউটফিটৰ স্বয়ম্ভু ব্ৰিগেডিয়াৰ অৰুণোদয় দহোতীয়া ওৰফে অৰুণোদয় অসম বুলি চিনাক্ত কৰিছে । যোৰহাটৰ ঘটনা সন্দৰ্ভত এন আই এয়ে চলোৱা তদন্তৰ অন্তত বিপ্লৱ বৰুৱা, বিৰাজ কছাৰী আৰু অচ্যুত গগৈ নামৰ তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক: আইচেং অসমৰ নেতৃত্বত সংঘটিত হৈছিল যোৰহাটৰ গ্ৰেণেড বিস্ফোৰণ : আৰক্ষী

মঙলবাৰে তিনিওজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হয় আৰু লগতে স্বয়ম্ভু অধিনায়ক আইচেং অসম এতিয়াও পলাতক অৱস্থাত আছে । ভাৰতীয় দণ্ডবিধি আইন, অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন আৰু বিস্ফোৰক সামগ্ৰী আইন আদিৰ অধীনৰ বিভিন্ন ধাৰাত অভিযুক্তসকলৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে ।

কাকপথাৰ সেনা শিবিৰৰ আক্ৰমণৰ সৈতে জড়িত অপৰাধ হিচাপে অসম আৰক্ষীৰ পৰা যোৰহাটৰ গোচৰটো গ্ৰহণ কৰা এন আই এয়ে ইয়াৰ পূৰ্বে কাকপথাৰৰ ঘটনটোৰ সৈতে জড়িত থকাৰ অভিযোগত ছয়জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল ।

লগতে পঢ়ক: ম্যানমাৰস্থিত আলফা স্বাধীনৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণেৰে আক্ৰমণ

যোৰহাট সেনা ছাউনিত গ্ৰেনেড বিস্ফোৰণত জড়িতৰ সন্দেহত আটক ২

সাধাৰণ ৰাইজক নহয়, মোক টাৰ্গেট কৰক : আলফা(স্বা)ক প্ৰত্যাহ্বান ডিজিপিৰ
ডিৰাকত ভাৰতীয় সেনা বাহিনীৰ শিবিৰৰ সন্মুখত গ্ৰেনেড নিক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.