ETV Bharat / state

এতিয়া আৰু চিন্তা নাই বন্যপ্ৰাণীৰ: বুঢ়াপাহাৰত পথৰ কাষৰ বেৰিয়াৰ আঁতৰালে NHAI এ - Kaziranga National Park

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 9:35 PM IST

Burhapahar range of KNP: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী অহা-যোৱা পথত 'ছাইড বেৰিয়াৰ' স্থাপন কৰি পুনৰ বেৰিয়াৰ উঠালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে । ৰাইজে আপত্তি কৰাৰ পিচতেই এই সিদ্ধান্ত প্ৰাধিকৰণৰ ৷

Burhapahar range of KNP
Kaziranga National Park (ETV Bharat Assam)

কলিয়াবৰ, 31 মে’: বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অৱনতিৰ সংকেত কঢ়িয়াই অনা এক কাণ্ড প্ৰকৃতিপ্ৰেমী ৰাইজৰ সক্ৰিয়তাৰ বাবে বন্ধ কৰিবলৈ বাধ্য হ'ল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী অহা-যোৱা পথত 'ছাইড বেৰিয়াৰ' বহুৱাই ৰাইজৰ ৰোষত পৰি পুনৰ বেৰিয়াৰ উঠালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পথৰ কাষৰ বেৰিয়াৰ আঁতৰালে NHAI য়ে (ETV Bharat Assam)

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হঠকাৰী কাণ্ডই চকু কঁপালত তুলিছে প্ৰকৃতিপ্ৰেমীৰ । উচ্চতম ন‍্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ কাষেৰে যোৱা ৩৭ নং (বৰ্তমান ৭১৫ নং) ৰাষ্ট্ৰীয় পথৰ কাষত বন‍্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত কোনো বেৰা দিব নোৱাৰিব । কিন্তু সেই নিৰ্দেশ অমান্য কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ চকুৰ সমুখতে কলিয়াবৰৰ বুঢ়াপাহাৰৰ ৰাষ্ট্ৰীয় পথটোৰ কাষত শকত তাঁৰ আৰু লোৰ প্লেটেৰে স্থাপন কৰিছিল বেৰা ।

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা বনৰীয়া ম'হক লৈ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট - Kaziranga National Park

এই বেৰা স্থাপনৰ ফলত বানপানীৰ সময়ত ওখ ঠাই আৰু খাদ‍্যৰ সন্ধানত ওলাই অহা বিভিন্ন বন‍্যপ্ৰাণী বিপদত পৰাৰ আশংকা কৰিছিল স্থানীয় সচেতন ৰাইজে । প্ৰতি বাৰিষাতে বুঢ়াপাহাৰৰ উক্ত অঞ্চলেৰেই বহু বন‍্যপ্ৰাণীয়ে ওখ ঠাই আৰু খাদ‍্যৰ সন্ধানত ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰলৈ যায় ।
বেৰা স্থাপনৰ ফলত বন্যপ্ৰাণীসমূহ যথেষ্ট বিপদত পৰাৰ আশংকা কৰিছিল প্ৰকৃতিপ্ৰেমীয়ে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষৰ সৈতে কোনো আলোচনা নকৰাকৈয়ে এই হঠকাৰী সিদ্ধান্ত লৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথচোৱাৰ কাষত সংস্থাপন কৰিছিল বেৰিয়াৰ ।

লগতে পঢ়ক: বৰ গৰম ! কাজিৰঙাৰ জলাশয়ত জলকেলি বন্যহস্তীৰ - Amazing video of wild elephants

এনিমেল ক'ৰিড'ৰ বুলি ফলক লগাই থোৱা ঠাইতো কাণ্ডজ্ঞানহীনভাৱে পথটোৰ দুয়োপাৰে লগাইছিল লোৰ বেৰিয়াৰ । কোনো পৰিকল্পনা নোহোৱাকৈ বেৰিয়াৰ স্থাপন কৰি পুনৰ বেৰিয়াৰ উঠাবলৈ বাধ্য হ’ল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ । বন্যপ্ৰাণীৰ বিপদ মাতি অনা এনে কামৰ আৰম্ভণিতে উদ্যান কৰ্তৃপক্ষই বিষয়টো গুৰুত্ব দিয়া হ'লে চৰকাৰী ধনৰ অপচয় ৰোধ কৰিব পৰা গ'লহেঁতেন বুলি উল্লেখ কৰিছে ৰাইজে । এইক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ আওকণীয়া মনোভাৱক দুৰ্ভাগ্যজনক আখ্যা দিছে সচেতন মহলে ।

লগতে পঢ়ক: লাংৱকু জলপ্ৰপাতস্থলী পৰিদৰ্শন বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ - Langvoku Waterfall

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.