ETV Bharat / state

অসমৰ মুখ্য সচিবক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ - National Green Tribunal

বন আইন উলংঘা কৰি শোণিতপুৰ জিলাৰ বনাঞ্চলত চৰকাৰীভাবে নিৰ্মাণ কৰা পথ, গাঁও, ভোটকেন্দ্ৰ বিদ্যালয় স্থাপন কৰাক লৈ লাগিছে হুলস্থূল । পূৰ্বৰ মুখ্য বন সংৰক্ষক বিষয়াও ন্যাধিকৰণৰ কৈফিয়তৰ পৰা সাৰি যাব পৰা নাই ৷

POLLING STATIONS ASSAM
ৰাষ্ট্ৰীয় সেউজ ন্যাধীকৰণৰ নিৰ্দেশ (etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 9:36 PM IST

অসম চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ ৰাষ্ট্ৰীয় সেউজ ন্যাধীকৰণৰ (etv bharat assam)

তেজপুৰ, 9 মে' : অসম চৰকাৰৰ বন বিভাগত সৃষ্টি হৈছে খলকনিৰ ৷ বন আইন উলংঘা কৰি শোণিতপুৰ জিলাৰ বনাঞ্চলত চৰকাৰীভাবে নিৰ্মাণ কৰা পথ, গাঁও, ভোটকেন্দ্ৰ বিদ্যালয় স্থাপন কৰাক লৈ লাগিছে হুলস্থূল । ৰাজ্যত লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিচতে সৃষ্টি হৈছে হাহাকাৰ ৷ ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত দাখিল কৰা শপতনামাত প্ৰকাশ পাইছে যে অসমৰ বন্যপ্ৰাণী অভয়াৰণ্য আৰু কাষৰীয়া বনাঞ্চলৰ ভিতৰত কেইবাখনো বিদ্যালয়, 5 কিলোমিটাৰ দৈৰ্ঘৰ পথ, চাহ বাগিচা, কূপ আৰু ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্মাণ কৰাৰ ঘটনা ৷

যোৱা সপ্তাহত গৃহীত এক আদেশত এন জি টিয়ে অসমৰ মুখ্য সচিবক বন (সংৰক্ষণ) আইন, 1980ৰ গুৰুতৰ উলংঘা কৰি ইমান ব্যাপক নিৰ্মাণৰ অনুমতি দিয়া বিষয়াসকলৰ সবিশেষ দি শপতনামা দাখিল কৰিবলৈ কয় ৷ এই ঘটনাৰ পিচতে ৰাজ্য চৰকাৰৰ বন বিভাগত হাহাকাৰ লাগিছে ৷ পূৰ্বৰ মুখ্য বন সংৰক্ষক বিষয়াও ন্যায়াধীকৰণৰ কৈফিয়তৰ পৰা সাৰি যাব পৰা নাই ৷

2 মে’ত ন্যায়িক সদস্য ন্যায়াধীশ বি অমিত স্থলেকাৰ আৰু বিশেষজ্ঞ সদস্য অৰুণ কুমাৰ বাৰ্মাৰ অধীনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত বিষয়টো উপস্থাপন কৰা হৈছে ৷ বৰ্তমানৰ গোচৰটো অসমৰ শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত (এছ আৰ ডব্লিউ এছ) বন (সংৰক্ষণ) আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি যোৱা বছৰ এন জি টিত বিশিষ্ট আৰ টি আই কৰ্মী দিলীপ নাথে দাখিল কৰা আবেদনৰ সৈতে জড়িত ৷ য’ত চৰকাৰী আৰু অবৈধভাৱে বৃহৎ পৰিসৰৰ নিৰ্মাণ কাৰ্য সংঘটিত হৈছে ৷

নাথে ই টি ভি ভাৰতক কয় যে, সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত পূৰ্বতে 38 খন বিদ্যালয় স্থাপন কৰাৰ লগতে 5 কিলোমিটাৰ পকী পথ নিৰ্মাণ কৰা হৈছে ৷ কিন্তু জিলাখনৰ বন বিভাগে বা জিলা প্ৰশাসনে সেইসময়ত কোনো ধৰণৰ ব্যৱস্থা নকৰিলে ৷ তেওঁ পুনৰ কয় যে, বন আইন সম্পূৰ্ণৰূপে উলংঘা কৰি শোণিতপুৰ জিলাৰ দুখন গুৰুত্বপূৰ্ণ বনাঞ্চলৰ ভূমি গতাই দিয়া হৈছে বেদখলকাৰীক ৷ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষাৰ বাবেই ভূমি আবেদনকাৰী সকলৰ নথিত বেদখলকাৰী বুলি স্পষ্টকৈ উল্লেখ থকা স্বত্বেও জিলাখনৰ 1,301 টা বেদখলকাৰী পৰিয়ালক চৰকাৰী ভাবে বনাঞ্চলৰ ভূমি আৱন্টন দিয়া হৈছে ৷

যোৱা বছৰ প্ৰায় দহ হেজাৰ এনে নথিৰ প্ৰতিলিপিসহ এই তথ্য প্ৰকাশ কৰিছিল বিশিষ্ট আৰ টি আই কৰ্মী দিলীপ নাথে ৷ দেশৰ বন আইন উলংঘা কৰি চৰকাৰীভাৱে কৰা এনে নিয়মৰ বিৰুদ্ধে তেওঁ আগষ্ট মাহৰ ভিতৰতে দেশৰ উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হ’ব বুলিও সংবাদমেলত ঘোষণা কৰিছিল ৷ বন আইন অনুসৰি বন ভূমিত 75 বছৰ ধৰি বসবাস কৰা লোককহে ভূমিৰ অধিকাৰ দিব লাগে ৷ কিন্তু শোণিতপুৰত সোনাই-ৰূপাই অভয়াৰণ্য আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি 2012 চনত হাতে লিখা সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত এজেণ্টৰ দ্বাৰা লাভ কৰা আবেদনকাৰীৰ নথিৰ ভিত্তিত বন ভূমিৰ অৱন্টন দিয়াৰ ঘটনা সংঘটিত হৈছে ৷ মনকৰিবলগীয়া যে সেউজ ন্যায়াধীকৰণৰ তৰফৰ পৰা অহা চাৰি সপ্তাহৰ ভিতৰত অসম চৰকাৰৰ মুখ্য সচিবক 6 জুলাইত এই বিষয়ে সবিশেষ তথ্য তথা শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : অসম চিকিৎসা মহাবিদ্যালয়ত ছিণ্ডিকেটৰ অভিযোগ বিজেপি নেতাৰ - Allegation Against AMCH

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.