ETV Bharat / state

নতুন পেন্সন নীতিৰ বিৰোধিতাৰে ৰে’লৱে কৰ্মচাৰীৰ প্ৰতিবাদ - Protest against NPS

NF Railway employees protest : নতুন পেন্সন নীতিৰ বিৰোধিতাৰে উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্মচাৰীৰ প্ৰতিবাদ ৷ নতুন পেন্সনৰ ব্যৱস্থাই কৰ্মচাৰীক অনিশ্চিত ভৱিষ্যতৰ দিশে লৈ যোৱাৰ অভিযোগ ৷

NF Railway employees protest
নতুন পেন্সন নীতিৰ বিৰোধিতাৰে ৰে’লৱে কৰ্মচাৰীৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 9:31 PM IST

গুৱাহাটী, ১৭ আগষ্ট : পুৰণি পেন্সন নীতি বাহাল আৰু নতুন পেন্সন নীতিৰ বিৰোধিতা কৰিছে এন.এফ. ৰে’লৱে এমপ্ল’ইজ ইউনিয়নে ৷ নতুন পেন্সন নীতিৰ বিৰোধিতা কৰি এন. এফ. ৰে’লৱে এমপ্ল’ইজ ইউনিয়ন, নিউ গুৱাহাটী শাখাৰ উদ্যোগত কাৰ্যালয় প্ৰাংগণত আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

নতুন পেন্সন নীতিৰ বিৰোধিতাৰে ৰে’লৱে কৰ্মচাৰীৰ প্ৰতিবাদ (ETV Bharat Assam)

প্ৰতিবাদী কৰ্মচাৰীসকলে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কৰ্মচাৰী তথা পৰিয়ালবৰ্গৰ অৰ্থনৈতিক, সামাজিক তথা তেওঁলোকৰ প্ৰাপ্য অধিকাৰ সুনিশ্চিত কৰা, কৰ্মচাৰীসকলৰ নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰাৰ লগতে পুৰণি পেন্সন নীতি বাহাল ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ৷

ইয়াৰ পিছত ইউনিয়নৰ তৰফৰ পৰা এক সজাগতামূলক বাইক ৰেলী উলিওৱা হয় ৷ নিউ গুৱাহাটী এন.এফ. ৰে’লৱে এমপ্ল'ইজ ইউনিয়নৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা বাইক ৰেলী নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সমীপত থকা ডিজেল লোক' শ্বেডলৈ আহি সমাপ্ত হয় । বাইক ৰেলীৰ অন্তত অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকে এন.এফ. ৰে’লৱে এমপ্ল’ইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়া ।

ইউনিয়নৰ নেতাগৰাকীয়ে ৰে’লৱে কৰ্মচাৰীসকলৰ বিভিন্ন অভাৱ-অভিযোগৰ বুজ লোৱাৰ লগতে কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে । তাৰ পিছত ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই নিউ গুৱাহাটীৰ ডিজেল শ্বেড আৰু ৱাগন মেইনটেইনেচ ডিপো পৰিদৰ্শন কৰি ক্ষেত্ৰকৰ্মী কৰ্মচাৰীসকলৰ সৈতে মত বিনিময়ে কৰে । মত বিনিময় অনুষ্ঠানত নিউ গুৱাহাটীৰ অন্যান্য কেন্দ্ৰীয় কাৰ্যালয়ৰ বিষয়া আৰু শাখা বিষয়াসকল উপস্থিত থাকে ।

উল্লেখ্য যে পুৰণি পেন্সন নীতি বাহাল ৰাখি নতুন পেন্সন নীতি বাতিলৰ দাবীৰে বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷

লগতে পঢ়ক : পুৰণি পেন্সন নীতি পুনঃ প্ৰৱৰ্তনৰ দাবীত উত্তাল সদন, OPS এ দেউলীয়া কৰিব চৰকাৰক- মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.