ETV Bharat / state

আমবাৰীত আবতৰীয়া দেৱালী : অগপৰ মুখ্য কাৰ্যালয়ত ফণীভূষণ চৌধুৰীক আদৰণি - lok sabha election results 2024

Phani Bhushan Choudhury Felicitated at AGP Office : আমবাৰীৰ মুখ্য কাৰ্যালয়ত অগপৰ অভিনন্দন অনুষ্ঠান । বৰপেটা লোকসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক সম্বৰ্ধনা অগপৰ । মহানগৰীৰ আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত ফটকা ফুটাই দলীয় কৰ্মীয়ে আদৰিলে ফণীভূষণ চৌধুৰীক ।

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 8:52 PM IST

Phani Bhushan Choudhury Felicitated at AGP Office
আমবাৰীস্থিত অগপৰ কাৰ্যালয়ত ফণীভূষণ চৌধুৰীক আদৰণি (ETV Bharat Assam)

গুৱাহাটী, ৫ জুন : ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাজ্যৰ অন্যতম আঞ্চলিক দল অসম গণ পৰিষদে এখন আসন লাভ কৰিবলৈ সক্ষম হৈছে । এইবাৰৰ নিৰ্বাচনত এনডিএ মিত্ৰজোঁটত থকা অগপই দুখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ধুবুৰী আসনত পৰাজয়ৰ বিপৰীতে বৰপেটা আসনখন নিজৰ দখললৈ আনিবলৈ সক্ষম হয় । বৰপেটা সমষ্টিৰ পৰা বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে জয়লাভ কৰে । আনহাতে, জয়লাভৰ পিচত ফণীভূষণ চৌধুৰীক উষ্ম আদৰণি জনোৱা হয় ।

দলৰ কাৰ্যালয়ত ফণীভূষণ চোধুৰীক উষ্ম আদৰণি (ETV Bharat Assam)

এই উপলক্ষে অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানতে বৰপেটা সমষ্টিৰ পৰা বিজয়ী হোৱা ফণীভূষণ চৌধুৰীক অগপৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ পূৰ্বে মহানগৰীৰ আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত ফটকা ফুটাই দলীয় কৰ্মীয়ে ফণীভূষণ চৌধুৰীক দলৰ কাৰ্যালয়লৈ আদৰণি জনায় ।

আনহাতে, অগপ নেতৃত্বই ফুলৰ মালা, শৰাই আৰু মানপত্ৰৰে তেওঁক সম্বৰ্ধনা জনায় । এই অনুষ্ঠানত উপস্থিত থাকে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ।

লগতে পঢ়ক :40 বছৰ ধৰি বিধায়ক হৈ থকাৰ পিচত এইবাৰ দিল্লীলৈ যাব ফণীভূষণ চৌধুৰী - Lok Sabha Election Results 2024

ইফালে সংবাদ মাধ্যমৰ আগত বিজয়ী প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে মিত্ৰজোঁটৰ বিষয়ববীয়া আৰু কৰ্মীসকলক ধন্যবাদ জনায় । লগতে বৰপেটা লোকসভা সমষ্টিৰ যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ ৰাইজৰ লগত আলোচনা কৰি চিহ্নিত কৰি সমাধানৰ চেষ্টা কৰিব বুলি মন্তব্য কৰে । অনুষ্ঠানত উপস্থিত থাকি কাৰ্যকৰী সভাপতি কেশৱ মহন্তই প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি-অগপৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ‌ জনায় ।

উল্লেখ্য যে বৰপেটা লোকসভা সমষ্টিত অগপৰ ফণীভূষণ চৌধুৰীয়ে ৮,৬০,১১৩টা ভোট লাভ কৰি বিজয়ী হয় । তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ দীপ বায়নে লাভ কৰে ৬,৩৭,৭৬২টা ভোট । ফণীভূষণ চৌধুৰী ২,২২,৩৫১টা ভোটৰ ব্যৱধানত জয়ী হয় । আনহাতে, সমষ্টিটোত চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৯৬,১৩৮টা আৰু তৃণমূল কংগ্ৰেছৰ আবুল কালাম আজাদে ১৬,৪৩২টা ভোট লাভ কৰে । সমষ্টিটোত নোটাত পৰে ১৭,১১৭ টা ভোট ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.