ETV Bharat / state

মৰাণ ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সমিতিৰ শপতগ্ৰহণ আৰু দায়িত্বভাৰ অৰ্পণ - AMSU oath taking ceremony - AMSU OATH TAKING CEREMONY

All Moran Students Union oath taking ceremony : সদৌ মৰাণ ছাত্ৰ সন্থাৰ ২০২৪-২৭ কাৰ্য নিৰ্বাহক বৰ্ষৰ বাবে ৫২ জনীয়া এখন সমিতি গঠন ৷ শুকুৰবাৰে নৱ নিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ আৰু দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠান সম্পন্ন কৰা হয় ৷

AMSU OATH TAKING CEREMONY
সদৌ মৰাণ ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ আৰু দায়িত্বভাৰ অৰ্পণ
author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 10:34 PM IST

তিনিচুকীয়া, ২২ মাৰ্চ: শুকুৰবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ আৰু দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ শুকুৰবাৰে তিনিচুকীয়া কমাৰ্চ কলেজৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠিত সম্পন্ন হয় ।

সদৌ মৰাণ ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ আৰু দায়িত্বভাৰ অৰ্পণ

বৃহত্তৰ অসমৰ সমাজ জীৱন প্ৰেক্ষাপটত কেইবাটাও দশকজুৰি মৰাণ জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশৰ অৰ্থে আহোপুৰোষাৰ্থ কৰি অহাৰ লগতে ৰাজ্যখনৰ সকলোবোৰ দুৰ্যোগ আৰু সমস্যা সমাধানৰ হকে সবল ভূমিকা পালন কৰি আহিছে ছাত্ৰ সংগঠনটোৱে ৷ ছাত্ৰ সংগঠনটিৰ দ্বিবিংশতিতম কেন্দ্ৰীয় অধিৱেশনৰ লগত সংগতি ৰাখি যোৱা ৯ আৰু ১০ মাৰ্চত অনুষ্ঠিত প্ৰতিনিধি সভাত ২০২৪-২৭ কাৰ্যনিৰ্বাহক বৰ্ষৰ বাবে পলিন্দ্ৰ বড়াক সভাপতি আৰু জয়কান্ত মৰাণক সাধাৰণ সম্পাদক হিচাপে লৈ ৫২ জনীয়া এখন সমিতি গঠন কৰি দিয়ে । নৱ নিৰ্বাচিত সমিতিৰ শপত বাক্য পাঠ কৰোৱাই উপদেষ্টা দুলাল মৰাণে।

  • " class="align-text-top noRightClick twitterSection" data="">

শপত গ্ৰহণৰ পাচতেই পুৰণা সমিতিৰ সভাপতি নৱ মৰাণে নৱ গঠিত সমিতিৰ হাতত দায়িত্বভাৰ অৰ্পন কৰে। আজিৰ অনুষ্ঠানটোত উপস্থিত থাকে সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন উপদেষ্টা ক্ৰমে দুলাল মৰাণ আৰু টিকেন্দ্ৰজিৎ গোহাঁই, প্ৰাক্তন উপদেষ্টাত্ৰয় ক্ৰমে দীপন মৰাণ, তৰুণ বৰুৱা মৰাণ, সোমেশ্বৰ মৰাণ, প্ৰাক্তন সভাপতিদ্বয় ক্ৰমে পানীৰাম ডেকা মৰাণ আৰু ভূলেন বৰুৱা ৷ ইয়াৰোপৰি অসম মৰাণ সভাৰ উপ-সভাপতি বিশ্বজিৎ বড়া, সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ সভাপতি লম্বেশ্বৰ মৰাণ, মৰাণ জাতীয় মহিলা পৰিষদৰ সভানেত্ৰী দীপা শইকীয়া বড়া, মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চৰ সম্পাদক মিণ্টু মৰাণ উপস্থিত থাকে ৷ লগতে উপস্থিত থাকে মৰাণ সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত দিলীপ মৰাণ। নৱ মৰাণে সঞ্চালনা কৰা সভাখন আঁত দৰে প্ৰাক্তন সাধাৰণ সম্পাদক দেৱকান্ত মৰাণে ৷

লগতে পঢ়ক: বিজেপিয়ে পাকিস্তানৰ কোম্পানীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ - Bhupen Borah on Electoral bonds

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.