ETV Bharat / state

তিতাবৰত সুৰামত্ত আৰক্ষী জোৱানৰ তাণ্ডব, ৰাজপথত নিৰীহ লোকক গুলীওৱাৰ ভাবুকি দিয়াৰ অভিযোগ - Policeman threatening innocent

তিতাবৰৰ মেলামাটি অঞ্চলত আৰক্ষী জোৱানে তাণ্ডৱ সৃষ্টি কৰাৰ অভিযোগ ৷ সুৰাৰ ৰাগীত মাতাল হৈ থকা জোৱানজনে চাহপাত কঢ়িওৱা বাহনৰ চালকক প্ৰহাৰ কৰাৰ লগতে চালকজনৰ সহযোগীজনক মাৰিবলৈ খেদি যোৱাৰ অভিযোগ উঠিছে ৷

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 7:53 PM IST

ALLEGATION AGAINST POLICEMAN
নৱনিযুক্ত আৰক্ষী জোৱানৰ বিৰুদ্ধে অভিযোগ
সুৰামত্ত আৰক্ষী জোৱানৰ তাণ্ডব

যোৰহাট, 28 এপ্ৰিল : তিতাবৰত সুৰামত্ত আৰক্ষী জোৱানৰ গুণ্ডাগিৰি ৷ নিৰীহ লোকক গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগ নৱনিযুক্ত আৰক্ষী জোৱানৰ বিৰুদ্ধে ৷ খাকী পোছাকৰ অপব্যৱহাৰেৰে উপদ্ৰব চলাই আতংকৰ সৃষ্টি নৱনিযুক্ত আৰক্ষী জোৱানৰ ৷

জানিব পৰা মতে যোৰহাট জিলাৰ তিতাবৰৰ মেলামাটি অঞ্চলত শনিবাৰে নিশা এজন নৱনিযুক্ত আৰক্ষী জোৱানে তাণ্ডৱ সৃষ্টি কৰে ৷ AS 03 AJ 8303 নম্বৰৰ টাটা এটৰজ বাহনখনেৰে আৰক্ষী জোৱানজনে মেলামাটি অঞ্চলত উপদ্ৰব চলাই আতংক সৃষ্টি কৰাৰ লগতে জাভেদ ৰহমান নামৰ এজন যুৱকক খুন্দা মৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আনহাতে এখন চাহপাত কঢ়িওৱা বাহনক খুন্দিয়াবলৈ লওঁতে বাহনখন কথমপি ৰক্ষা পৰে যদিও সুৰাৰ ৰাগীত মাতাল হৈ থকা জোৱানজনে চাহপাত কঢ়িওৱা বাহনখনৰ চালকক প্ৰহাৰ কৰাৰ লগতে চালকজনৰ সহযোগীজনক মাৰিবলৈ খেদি যোৱাৰো অভিযোগ উঠিছে ৷ ইয়াৰ পিচতে স্থানীয় ৰাইজে বাহনখন কৰায়ত্ত কৰাত আৰক্ষী জোৱানজনে গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে বুলিও অভিযোগ কৰিছে ভুক্তভোগীয়ে ৷

ইফালে ঘটনাস্থলীতে অন্য এখন এল্ট বাহনত আৰক্ষী জোৱানজনৰ সহযোগী এটা দুৰ্বৃত্তৰ দল উপস্থিত হৈ মাৰপিতৰ ঘটনাৰ সৃষ্টি কৰে বুলি জানিবলৈ দিয়ে ভুক্তভোগীয়ে ৷ এই ঘটনা সংঘটিত কৰা আৰক্ষী জোৱানজনৰ নাম প্ৰাঞ্জল শইকীয়া আৰু ঘৰ তিতাবৰৰ আমগুৰিঘাটৰ পতিয়া গাঁৱত বুলি জানিব পৰা গৈছে ৷ লগতে জানিব পৰা মতে আৰক্ষী জোৱান প্ৰাঞ্জল শইকীয়া বৰ্তমান হোজাই জিলাত কৰ্মৰত ৷

আনহাতে এই আঘাতপ্ৰাপ্ত জাভেদ ৰহমানৰ জ্যেষ্ঠ ভাতৃক ফোনযোগে মৃগেন নামৰ এজন ব্যক্তিয়ে প্ৰাঞ্জল শইকীয়াৰ বিৰুদ্ধে আৰক্ষীক দিয়া গোচৰ উঠাই নল’লে বিশেষ কেইগৰাকীমান লোকে গুলীয়াই হত্যা কৰিব পাৰে বুলিও ফোন যোগে ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত তিতাবৰ আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী ৷

লগতে পঢ়ক : চাহ বাগিচাৰ কলঘৰৰ মেচিনত সোমাই আঙুলি ছিগিল কৰ্মচাৰীৰ - Accident In Tea Factory

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.