ETV Bharat / state

বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ প্রকৃতিপ্রেমীয়ে সাজিছে লোহাৰ পিঞ্জৰা - Unique iron cage

Iron cage in Assam: প্রকৃতিপ্রেমীয়ে বাসগৃহত নিজা খৰচত সাজি উলিয়াইছে এটা লোহাৰ পিঞ্জৰা । যিকোনো সময়ত যিকোনো স্থানলৈ অনায়াসে লৈ যাব পাৰিব এই লোহাৰ পিঞ্জৰাটো ।

Iron cage in Assam
বাঘক পিঞ্জৰাবদ্ধ কৰিবলৈ লোহাৰ পিঞ্জৰা (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 7:38 PM IST

ৰঙাপৰা, ৭ জুন : শোণিতপুৰত খাদ্যৰ সন্ধানত অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ ওলাই অহা নাহৰফুটুকী বাঘে প্ৰায়ে আতংকৰ সৃষ্টি কৰি আহিছে । বাঘৰ ভয়ত ৰাইজ একপ্ৰকাৰ ত্ৰস্তমান হৈ পৰে । ঢেকিয়াপতীয়া বা নাহৰফুটুকী বাঘক পুনৰ বন বিভাগে খেদি পঠিয়াবলৈ অহৰহ চেষ্টা কৰাৰ পাচত যদি ব্যৰ্থ হয় তেতিয়াহ'লে বাঘক পিঞ্জৰাবদ্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। কিন্তু সেই সময়ছোৱাত এটা লোহাৰ পিঞ্জৰা বিচাৰি বন বিভাগে হাহাকাৰ কৰিবলগীয়া হয় । এই সমস্যাৰ পৰা জিলাখনৰ বন বিভাগক সকাহ দিবলৈ শোণিতপুৰ জিলাৰ এজন প্রকৃতিপ্রেমীয়ে বাসগৃহত নিজৰ সম্পূৰ্ণ খৰছত এটা শক্তিশালী লোহাৰ পিঞ্জৰা সাজি উলিয়াইছে ।

বাঘক পিঞ্জৰাবদ্ধ কৰিবলৈ লোহাৰ পিঞ্জৰা (ETV BHARAT ASSAM)

ৰাজ্যৰ বন্যপ্ৰাণী বিভাগৰ প্রধান মুখ্য বন সংৰক্ষক আৰু পশ্চিম শোণিতপুৰ বন্যপ্রাণী বিভাগৰ বিষয়াৰ অনুমতি সাপেক্ষে প্রকৃতিপ্রেমী দিলীপ নাথে বাঘৰ পিঞ্জৰাটো সাজি উলিয়াইছে । দিলীপ নাথে লোহাৰ পিঞ্জৰাটো কিছু ব্যতিক্রমী আৰু বনকৰ্মীসকলে যিকোনো সময়ত যিকোনো স্থানলৈ অনায়াসে লৈ যাব পৰা সুবিধাৰে নিৰ্মাণ কৰিছে । ইফালে, লোহাৰ পিঞ্জৰাটোত আতংকৰ সৃষ্টি কৰা বাঘটো নিশা কোন সময়ত পিঞ্জৰাবদ্ধ হ'ব তাৰ সঠিক সময় নিৰ্দ্ধাৰণ কৰাৰ বাবে এটা ঘড়ী লগোৱা থাকিব । পিঞ্জৰাটো তিনিটা ভাগত সাজি উলিওৱা হৈছে । অতি গধুৰ পিঞ্জৰাটো তিনিটা ভাগত সাজি উলিওৱাৰ বাবে বনকৰ্মীসকলে অনা-নিয়াত সুবিধা লাভ কৰিব ।

এই ডাঙৰ পিঞ্জৰাটোত চাৰিটা চকা সংযোগ কৰা হৈছে । চকাবোৰ যিকোনো সময়তে উঠা-নমা কৰিব পাৰিব । অত্য়াধুনিক পদ্ধতিৰে দিলীপ নাথে বাঘৰ পিঞ্জৰাটো সাজি উলিয়াইছে । পিঞ্জৰাটো সাজি উলিওৱাৰ ক্ষেত্ৰত পশ্চিম শোণিতপুৰ বা প্ৰাধিকাৰী বিষয়া নৃপেন্দ্র নাথ কলিতাই দিলীপ নাথক উৎসাহ যোগাইছে । এই সন্দৰ্ভত প্রকৃতিপ্রেমী দিলীপ নাথে কয় যে বন বিভাগৰ অনুমতি সাপেক্ষে এটা পিঞ্জৰা নিৰ্মাণ কৰি থকা হৈছে । কাৰণ জিলাখনত বাঘে সন্ত্রাস সৃষ্টি কৰিলে বাঘটো পিঞ্জৰাবন্ধ কৰিবলৈ এটাও পিঞ্জৰা নাই ।

তেওঁ পুনৰ কয় যে জিলাখনত সন্ত্ৰাসৰ সৃষ্টি কৰা বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা পিঞ্জৰাটো আনিবলগীয়া হয় আৰু তাৰ বাবে বহু সময়ৰ প্ৰয়োজন । সেই সময়ছোৱাত বাঘটোৱে মানুহক আক্ৰমণ কৰিব পাৰে বা বাঘটোক দুষ্ট প্রকৃতিৰ লোকে বিষাক্ত দ্ৰব্যৰ জৰিয়তে নিধন কৰিব পাৰে । গতিকে আমাৰ আপুৰুগীয়া সম্পদ বাঘক সংৰক্ষণ কৰি ৰাখিবৰ বাবে তাৎক্ষণিক ভাৱে পিঞ্জৰাবদ্ধ কৰি অভয়াৰণ্য নাইবা চিৰিয়াখানাত মুকলি কৰাৰ লক্ষ্যৰে লোহাৰ পিঞ্জৰাটো নিৰ্মাণ কৰা হৈছে ।

প্রকৃতিপ্রেমী দিলীপ নাথে পুনৰ কয়,"লোহাৰ পিঞ্জৰাটো যিকোনো সময়ত তিনিজন ব্যক্তিয়ে ঠেলি লৈ যাব পাৰিব । চাৰিটা চকাযুক্ত পিঞ্জৰাটো লৈ যোৱাৰ ক্ষেত্ৰত বনকৰ্মীসকলৰ বিশেষ অসুবিধাৰ সন্মুখীন নহ'ব । এই পিঞ্জৰাটোৰ পৰা জিলাখনৰ বন বিভাগটো উপকৃত হ'ব । উক্ত পিঞ্জৰাটো দুই-এদিনৰ ভিতৰতে বন বিভাগক চমজাই দিয়া হ'ব ।" অসমত থকা বিভিন্ন বন্যপ্রাণী জীৱ-জন্তুসমূহৰ লগতে নাহৰফুটুকী যাতে সংৰক্ষিত হৈ থাকে তাৰ বাবে বন বিভাগৰ অনুমতি সাপেক্ষে লোহাৰ পিঞ্জৰাটো নিৰ্মাণ কৰাৰ কথা তেওঁ সদৰী কৰে । জিলাখনৰ যিকোনো স্থানত সন্ত্ৰাসৰ সৃষ্টি কৰা বাঘটোক হানি-বিঘিনি নোহোৱাকৈ পিঞ্জৰাবদ্ধ কৰি পুনৰ অভয়াৰণ্য বা চিৰিয়াখানাত মুকলি কৰাৰ লক্ষ্যৰে অত্যাধুনিকভাৱে লোহাৰ পিঞ্জৰাটো সম্পূর্ণ নিজা খৰচত দিলীপ নাথে সাজি উলিওৱাত তেওঁক ৰাইজে শলাগ লৈছে ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা নাহৰফুটুকী আৰু ঢেকীয়াপতীয়া বাঘে বিশেষকৈ শিঙৰী, বছিলা, চিতলমাৰী, ৰৌতা আদি অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰে । প্রণিধানযোগ্য যে, ২০১৮ চনত শিঙৰীত ৰাজু বাউৰী নামৰ এজন লোকক এটা ঢেকীয়াপতীয়া বাঘে আক্ৰমণ কৰাত তেওঁৰ মৃত্য়ু হৈছিল । বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগৰ এমাহ সময়ৰ প্ৰয়োজন হৈছিল । পিঞ্জৰাবদ্ধ ঢেকীয়াপতীয়া বাঘটো পৰৱৰ্তী সময়ত ৰাজ্যিক চিৰিয়াখানাত মুকলি কৰি দিয়া হৈছিল ।

লক্ষণীয় কথাটো এই যে বাঘটোক নিশা পিঞ্জৰাবদ্ধ কৰাৰ সময়খিনিত ছাগলীৰ বিপৰীতে প্ৰকৃতিপ্রেমী দিলীপ নাথ নিজে সোমাই আছিল । উক্ত ঢেকীয়াপতীয়া বাঘটোৱে ৰৌতা, ওদালগুৰি, বৰঝাৰ আদি অঞ্চল বিগত দুবছৰ ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি ১৭ জনকৈ লোকক আক্ৰমণ কৰি আহত কৰিছিল । ইপিনে, ২০২২ চনত জিলাখনৰ শলমাৰী কঠালুড়বাত বাঘৰ আক্ৰমণত এজন সাংবাদিক গুৰুতৰভাৱে আহত হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.