ETV Bharat / state

নিযুক্তি পৰীক্ষাত তালাচীৰ নামত আতিশয্যৰ অভিযোগ; নলবাৰী আৰক্ষী অধীক্ষকক স্মাৰক-পত্ৰ প্ৰদান কংগ্ৰেছৰ - ADRE 2024

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 8:43 PM IST

ADRE Controversy in Nalbari : দেওবাৰে অনুষ্ঠিত ADRE-ত নলবাৰীৰ পৰীক্ষা কেন্দ্ৰত এগৰাকী যুৱতী পৰীক্ষাৰ্থীক তালাচীৰ নামত শাৰীৰিকভাৱে অপদস্থ কৰাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইতিমধ্যে এই ঘটনাক লৈ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তাৰ মাজতে এই অভিযোগক লৈ নলবাৰী জিলা কংগ্ৰেছৰ তৰফৰ পৰা আৰক্ষী অধীক্ষকক স্মাৰক-পত্ৰ প্ৰদান কৰে ।

ADRE Controversy in Nalbari
নলবাৰী আৰক্ষী অধীক্ষকক স্মাৰক-পত্ৰ প্ৰদান কংগ্ৰেছৰ (ETV Bharat Assam)

নলবাৰী, ১৬ ছেপ্টেম্বৰ : নলবাৰীৰ পৰীক্ষা কেন্দ্ৰত এগৰাকী যুৱতী পৰীক্ষাৰ্থীক আৰক্ষীয়ে তালাচীৰ নামত চলোৱা অশালীন আচৰণৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । পৰীক্ষাৰ্থীগৰাকীয়ে এই ঘটনাৰ বিষয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ পিচতে এই কাৰ্যৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে বিভিন্নজনে । আনহাতে, এই ঘটনাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজনৈতিক দলসমূহো ।

ইফালে নলবাৰীৰ এই ঘটনাক লৈ সৰৱ হৈছে জিলা কংগ্ৰেছ । এই সমগ্ৰ ঘটনাক লৈ লজ্জিত অনুভৱ কৰা কংগ্ৰেছে শিক্ষাৰ নৱদ্বীপ খ্যাত চহৰ নলবাৰীত পৰীক্ষাৰ্থীক আৰক্ষী কনিষ্টবলে অশালীনভাৱে তালাচীৰ অভিযোগৰ এক সুস্থ তদন্ত বিচাৰি সোমবাৰে নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত স্মাৰক-পত্ৰ প্ৰদান কৰে জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলে ।

ঘটনা সন্দৰ্ভত জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে জনায়, "সমগ্ৰ ঘটনাত দুখ লাগিছে । কিয়নো যিটো পৰীক্ষা কেন্দ্ৰত ঘটনাটো সংঘটিত হৈছিল সেইখন বেলশৰ শ্বহীদ স্মৃতি কলেজৰ মই এসময়ত সাধাৰণ সম্পাদক আছিলোঁ । এই ঘটনাত দুখ আৰু লজ্জা প্ৰকাশ কৰি সমগ্ৰ ঘটনাটোৰ উচিত তদন্ত বিচাৰিছোঁ । আমি আজি এই বিষয়ত এখন সংবাদমেলৰ আয়োজন কৰিছিলোঁ । কিন্তু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ইতিমধ্যে এক্স হেণ্ডেলযোগে তদন্ত ঘোষণা কৰাৰ বাবে এই সংবাদমেল বাতিল কৰিছোঁ । ইয়াৰ বিপৰীতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত স্মাৰক-পত্ৰ প্ৰদান কৰো ।"

লগতে শাৰীৰিক তালাচীৰ সময়ত কেন্দ্ৰটোত কোনো ধৰণৰ আৱৰণ নথকাৰো অভিযোগ উত্থাপন কৰে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে । আনহাতে, আগন্তুক পৰীক্ষাসমূহত যুৱতী, মহিলাক এনে ধৰণে তালাচী নচলাই চৰকাৰ প্ৰশাসনে অত্যাধুনিক কাৰিকৰী সামগ্ৰীৰে তালাচী চলাবলৈ আহ্বান জনায় নলবাৰী জিলা কংগ্ৰেছে ।

উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে এই ঘটনাত দুখ প্ৰকাশ কৰি ইতিমধ্যে ভৱিষ্যতৰ পৰীক্ষাসমূহত মহিলা পৰীক্ষাৰ্থীসকলক তালাচীৰ ক্ষেত্ৰত এছ অ' পি প্ৰদানৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক :তালাচীৰ সময়তে কিয় কৰা নাছিল শ্লীলতা হানিৰ অভিযোগ ? ক’লে নলবাৰীৰ অভিযোগকাৰীয়ে - ADRE 2024
লগতে পঢ়ক :ADRE ৰ পৰীক্ষাত মহিলা প্ৰাৰ্থীক তালাচী চলোৱাৰ ক্ষেত্ৰত প্ৰস্তুত হ’ব SOP; মুখ্যমন্ত্ৰীৰ ঘোষণা - ADRE 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.