ETV Bharat / state

চাহ শ্ৰমিকৰ পূজা বোনাছক লৈ নিৰ্দেশনা, ১৫ ছেপ্টেম্বৰৰ ভিতৰত কৰিব লাগিব ঘোষণা - Durga Puja 2024

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 2:22 PM IST

Puja Bonus : নগাঁও জিলাৰ চাহ বাগিচাসমূহৰ শ্ৰমিকৰ আগন্তুক দুৰ্গা পূজাৰ বোনাছ সন্দৰ্ভত আলোচনা প্ৰশাসনৰ । কেতিয়া দিব লাগিব বোনাছ ? নিৰ্দেশ দিলে জিলা আয়ুক্তই ।

Puja Bonus
চাহ শ্ৰমিকৰ পূজা বোনাছক লৈ নিৰ্দেশনা (ETV Bharat Assam)

নগাঁও, ১০ ছেপ্টেম্বৰ : নগাঁও জিলাত আগন্তুক দুৰ্গা পূজাৰ উপলক্ষে শ্ৰমিকসকলক বাগিচাসমূহে দিবলগীয়া বোনাছৰ ঘোষণা ১৫ ছেপ্টেম্বৰৰ ভিতৰত প্ৰকাশ কৰিব লাগিব । এই বিষয়ে ১৫ ছেপ্টেম্বৰৰ ভিতৰত জিলা আয়ুক্ত কাৰ্যালয় তথা জিলা সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ত জমা দিব লাগিব । সোমবাৰে বিয়লি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এই সন্দৰ্ভত আয়োজিত এক গুৰুত্বপূৰ্ণ সভাত আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে এই নিৰ্দেশ জাৰি কৰে ।

  • সকলোৱে মানিব লাগিব জিলা আয়ুক্তৰ নিৰ্দেশ

চাহ বাগিচাৰ শ্ৰমিকসকলৰ আগন্তুক দুর্গা পূজাৰ উপলক্ষে পাবলগীয়া বোনাছ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা জিলাখনৰ চাহ বাগিচাসমূহৰ কৰ্তৃপক্ষৰ সৈতে অনুষ্ঠিত হয় । আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত আয়ুক্তগৰাকীয়ে দুৰ্গা পূজা উপলক্ষে শ্ৰমিকসকলক বাগানসমূহে দিবলগীয়া বোনাছৰ ঘোষণা ১৫ ছেপ্টেম্বৰৰ ভিতৰত প্ৰকাশ কৰি জিলা আয়ুক্ত কাৰ্যালয় তথা জিলা সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ত জমা দিবলৈ নিৰ্দেশ দিয়ে ।

  • শান্তি শৃংখলা বজায় ৰাখিবলৈ আহ্বান

জিলা আয়ুক্তগৰাকীয়ে বোনাছ বিতৰণৰ সময়ত সকলো বাগিচা কৰ্তৃপক্ষক শান্তি শৃংখলা বজায় ৰখাৰ লগতে যদি বিতৰণৰ সময়ত সুৰক্ষা কৰ্মীৰ প্ৰয়োজন অনুভৱ কৰে তেনেহ'লে আগতীয়াকৈ জিলা আৰক্ষী অধীক্ষকৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় । আয়ুক্তগৰাকীয়ে চাহ বাগিচাসমূহত চলি থকা চৰকাৰী বিভিন্ন আঁচনিসমূহৰ বুজ লয় । লগতে আধাৰকাৰ্ড আৰু গৰ্ভৱতী মহিলাৰ ‘‘প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনি’’ৰ অগ্ৰগতিৰ সন্দৰ্ভতো বুজ লয় ।

উক্ত সভাত চাহ বাগিচা কৰ্তৃপক্ষই নিজৰ নিজৰ বাগিচাৰ বোনাছ সন্দৰ্ভত বক্তব্য আগবঢ়ায় । চাহ মজদূৰ সংঘৰ প্ৰতিনিধিসকলেও এই সভাত নিজৰ বক্তব্য প্ৰদান কৰে । জিলা আয়ুক্তগৰাকীয়ে পূজাৰ বোনাছ বিতৰণ কাৰ্যসূচী জিলাখনৰ চাহ বাগিচাসমূহত যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় তাৰ বাবে সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰে ।

চাহ শ্ৰমিকৰ বোনাছ প্ৰদানক লৈ অনুষ্ঠিত হোৱা এই সভাত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ কলিতা, কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত, জিলা সহকাৰী শ্ৰম আয়ুক্ত কবিতা বৰ্মন, জিলাখনৰ চক্ৰ বিষয়া, জিলাখনৰ বাগিচাসমূহৰ পৰিচালকসকল, জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়া আৰু অসম চাহ মজদূৰ সংঘৰ বিষয়ববীয়াসকলো উপস্থিত থাকে ।

লগতে পঢ়ক:দুৰ্গা পূজাত কি কি নিয়ম মানিব লাগিব সমিতিসমূহে ? - Durga Puja 2024

অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে পূজাত ছখন বিশেষ ৰে'লৰ চলাচল - NF Railway

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.