ETV Bharat / state

চৰকাৰী বিদ্যালয়ত অসমীয়া সমাজৰ পৰা বিলুপ্তপ্ৰায় সা-সঁজুলিৰ সংগ্ৰহালয় মুকলি - Museum at school in Nalbari

Diruwa Gopalthan Milan ME School : নলবাৰীৰ ডিৰুৱা গোপালথান মিলন এম ই স্কুলত স্থাপন কৰা হৈছে এটা সংগ্ৰহালয় । এই সংগ্ৰহালয়ত নাই কি ? সংগ্ৰহালয়টোত আছে গৰুগাড়ী, নাঙল, যুঁৱলিকে আদি কৰি খেতিপথাৰত ব্যৱহৃত বিভিন্ন সঁজুলি ।

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 8:52 PM IST

Diruwa Gopalthan Milan ME School
ডিৰুৱাৰ গোপালথান মিলন এম ই স্কুল (ETV BHARAT ASSAM)

নলবাৰী, ১০ জুন: নলবাৰী জিলাৰ এখন চৰকাৰী বিদ্যালয়ত অসমীয়া সমাজ জীৱনৰ পৰা বিলুপ্ত হ'বলৈ ধৰা বিভিন্ন সা-সঁজুলিৰে স্থাপন কৰা হৈছে এটা সংগ্ৰহালয় । যিসময়ত চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্য়াক লৈ চৰ্চা হ'বলৈ ধৰিছে তেনে সময়তেই একাংশ লোকে এই বিদ্য়ালয়সমূহক যিকোনো প্ৰকাৰে জীয়াই ৰাখিবলৈ অহৰহ চেষ্টা চলাই আছে । এনে এখন ছবিয়েই দেখিবলৈ পোৱা গৈছে বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অন্তৰ্গত ডিৰুৱাৰ গোপালথান মিলন এম ই স্কুলত ।

জিলাখনৰ বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ডিৰুৱাৰ চৰকাৰী বিদ্যালয়খনে গ্ৰহণ কৰা এই বিশেষ আদৰণীয় প্ৰদক্ষেপক লৈ ৰাইজৰ মাজত আৰম্ভ হৈছে চৰ্চা । এই বিদ্যালয়খনত স্থাপন কৰা হৈছে সমাজৰ পৰা বিলুপ্ত হ'বলৈ ধৰা অসমীয়া জনজীৱনত ব্যৱহৃত বিভিন্ন সা-সঁজুলিৰ এটা সংগ্ৰহালয় । বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অন্তৰ্গত ডিৰুৱাৰ গোপালথান মিলন এম ই স্কুলৰ প্ৰধান শিক্ষক কুলেন বৰ্মনৰ নেতৃত্বত বিদ্যালয় কৰ্তৃপক্ষই হাতত লৈছে এই আদৰণীয় প্ৰদক্ষেপ ।

অসমীয়া সমাজৰ পৰা বিলুপ্ত হ'বলৈ ধৰা বিভিন্ন সা-সঁজুলি নৱপ্ৰজন্ম তথা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে চিনি পোৱাত সুবিধা হোৱাকৈ বিদ্যালয় কৰ্তৃপক্ষই এই বিশেষ পদক্ষেপেৰে সা-সঁজুলিসমূহ সংগ্ৰহালয়টোত ৰাখিছে । সংগ্ৰহালয়টোত আছে গৰুগাড়ী, নাঙল, যুঁৱলিকে আদি কৰি খেতিপথাৰত ব্যৱহৃত বিভিন্ন সঁজুলি, তাঁতশালত ব্যৱহৃত সঁজুলি আৰু মাছ মাৰিবলৈ ব্যৱহাৰ কৰা বিভিন্ন সঁজুলি ।

উল্লেখযোগ্য যে ডিৰুৱাৰ সোণাৰাম দাস নামৰ এজন লোকে এই সকলোবোৰ সঁজুলিৰ আৰ্হি প্ৰস্তুত কৰি বিদ্যালয়খনক বিনামূলীয়াকৈ প্ৰদান কৰিছে । বিদ্যালয়খনৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে সঁজুলি সমূহৰ আৰ্হিসমূহ সংগ্ৰহালয়ৰ জৰিয়তে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে । সকলো বিদ্যালয়ে যদি এনে পদক্ষেপ হাতত লয় তেন্তে ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যপুথিৰ জ্ঞানৰ লগতে অসমীয়া জনজীৱনৰ বিভিন্ন সংস্কৃতিৰ বিষয়ে জানিব পাৰিব বুলি উল্লেখ কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক কুলেন বৰ্মনে ।

লগতে পঢ়ক:Assam state museum: আমবাৰীৰ পৰা স্থানান্তৰৰ হ'ব ৰাজ্যিক সংগ্ৰহালয়

আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস 2024; ভাৰতৰ শীৰ্ষ ৫ সংগ্ৰহালয় - International Museum Day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.