ETV Bharat / state

চৰকাৰখন আছেনে নাই এতিয়া বহুতেই সন্দেহ কৰিছে : অশোক গোৱেলৰ বাসগৃহত ৰকিবুল হুছেইন - Businessman shot dead - BUSINESSMAN SHOT DEAD

Businessman killed in Goalpara : দুৰ্বৃত্তৰ গুলীত নিহত ব্যৱসায়ী অশোক গোৱেলৰ বাসগৃহত উপস্থিত হৈ সোমবাৰে পৰিয়ালক সাক্ষাৎ সাংসদ ৰকিবুল হুছেইনৰ। সমগ্ৰ ৰাজ্যতে আইন-শৃংখলাৰ পৰিস্থিতিৰ অৱনতি ঘটাৰ অভিযোগ সাংসদগৰাকীৰ। গৃহ বিভাগৰ দায়িত্বৰ পৰা পদত্যাগ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান।

Businessman killed in Goalpara
চৰকাৰক সমালোচনা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 6:55 PM IST

গোৱালপাৰা, 15 জুলাই : গোৱালপাৰা জিলাৰ কল্যাণপুৰত দেওবাৰে নিশা দুৰ্বৃত্তৰ গুলীচালনাত নিহত হোৱা বৰ বজাৰৰ ব্যৱসায়ী অশোক গোৱেলৰ বাসগৃহত সোমবাৰে উপস্থিত হয় ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ৷ সোমবাৰে পুৱা 10.30 বজাত গোৱেলৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে সাংসদগৰাকীয়ে ৷ সাংসদ ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ আগত দেওবাৰে নিশা সংঘটিত হোৱা এই গুলীচালনাৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৷ গোৱালপাৰা চহৰৰ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগত কল্যাণপুৰত এনেদৰে পুত্ৰৰ সন্মুখত নিজ পিতৃক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰি পলায়ন কৰাৰ ঘটনাই ৰাজ্যখনৰ আইন -শৃংখলাৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে বুলি কয় তেওঁ ৷

ব্যৱসায়ী অশোক গোৱেলৰ বাসগৃহত উপস্থিত সাংসদ ৰকিবুল হুছেইন (ETV BHARAT ASSAM)

সাংসদগৰাকীয়ে কয় যে, বৰ্তমান ৰাজ্যখনত এক অৰাজক পৰিৱেশৰ সৃষ্টি হৈছে ৷ চাৰিওফালে কেৱল হিংসা আৰু মৃত্যুৰ কিৰিলি ৷ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ আইন-শৃংখলা বজাই ৰাখিব পৰা নাই ৷ গৃহ বিভাগৰ প্ৰাথমিক দায়িত্ব হৈছে জনসাধাৰণৰক সুৰক্ষা দিয়া ৷ ৰাজ্যখনৰ জনসাধাৰণক সুৰক্ষা দিব পৰা নাই চৰকাৰে ৷ সাংসদ হুছেইনে আৰু কয় যে, জনসাধাৰণে এতিয়া ভয়-শংকাত দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷ এইখন চৰকাৰৰ দিনত দুই নম্বৰী মানুহৰ উৎপাতত খাটিখোৱা সৰু সৰু ব্যৱসায়ীসকলে মুক্তমনে ব্যৱসায় কৰিব পৰা নাই ৷ এই চৰকাৰখনে ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিৱেশ বৰ্তাই ৰাখিব পৰা নাই ৷ গতিকে অতি সোনকালে মুখ্যমন্ত্ৰীগৰাকীয়ে গৃহ বিভাগৰ দায়িত্বৰ পৰা পদত্যাগ কৰি আন কাৰোবাক দায়িত্ব দিবলৈ আহ্বান জনাই সাংসদগৰাকীয়ে ৷

লগতে পঢ়ক : পৃথিৱী বিখ্যাত ফেইল কৰিছে মুখ্যমন্ত্ৰীয়ে : ৰকিবুল হুছেইন - Assam Flood 2024

আনহাতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা অশোক গোৱেলৰ পৰিয়ালৰ দায়িত্ব চৰকাৰে ল’ব লাগে বুলিও দাবী জনাই সাংসদগৰাকীয়ে ৷ ক্ষুদ্ৰ ব্যৱসায়ী অশোক গোৱেলে কোনোমতে ব্যৱসায় কৰি পৰিয়ালক পোহপাল দি আহিছিল বুলি কয় তেওঁ ৷ গতিকে এতিয়া অশোক গোৱেলৰ পৰিয়াল কেনেকৈ চলিব প্ৰশ্ন কৰি ভুক্তভোগী পৰিয়ালৰ দায়িত্ব চৰকাৰে ল’ব লাগে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৰকিবুল হুছেইনে ৷ উল্লেখ্য যে, ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা 7.65 এম এম পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমানলৈকে কোনো দুৰ্বৃত্তৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক : ৰাজপথত চিনেমাৰ কায়দাৰে হত্যা ব্যৱসায়ীক; হত্যাৰ কাহিনী শুনিলে মূৰে-কপালে হাত দিব আপুনিও - Businessman shot dead

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.