ETV Bharat / state

গুৱাহাটীত ইউ এছ টি এমৰ পানী, ডিব্ৰুগড়ত কাৰ পানী ? ৰকিবুল হুছেইনৰ প্ৰশ্ন - Rakibul Hussain Slams Assam CM

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 10:29 PM IST

Rakibul Hussain Slams Assam CM : চামগুৰিত মুখ্যমন্ত্ৰীক তুলাধুনা সাংসদ ৰকিবুল হুছেইনৰ । ইউ এছ টি এমৰ পানী বিতৰ্কত মুখ্যমন্ত্ৰীক কটাক্ষ- গুৱাহাটীত ইউ এছ টি এমৰ পানী, ডিব্ৰুগড়ত কাৰ পানী ?

Rakibul Hussain Slams Assam CM
USTMৰ পানী বিতৰ্কত মুখ্যমন্ত্ৰীক কটাক্ষ ৰকিবুল হুছেইনৰ (ETV Bharat Assam)

চামগুৰি, ১২ আগষ্ট : চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত লৰিমুখত সোমবাৰে অনুষ্ঠিত হয় কংগ্ৰেছৰ এক যোগদান অনুষ্ঠান । এই অনুষ্ঠানত সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে এই আই ইউ ডি এফ দলৰ যুৱ মৰ্চাৰ সভাপতি জহিৰুল ইছলামে ।

মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা ৰকিবুল হুছেইনৰ (ETV Bharat Assam)

আনহাতে, কংগ্ৰেছত যোগদানৰ পিচত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ মন্তব্য, "জহিৰুল ইছলামৰ যোগদানে অসমত কংগ্ৰেছ দলৰ যুৱশক্তিক প্ৰভাৱ পেলাব । এয়া মাত্ৰ আৰম্ভণিহে । সকলো দলৰ পৰাই কংগ্ৰেছ দলত আহি যোগদান কৰিব ।"

ইফালে কংগ্ৰেছত যোগদানৰ পিছত জহিৰুল ইছলামৰ প্ৰথম প্ৰতিক্ৰিয়া, "চামগুৰি সমষ্টিৰ বহু এ আই ডি এফ সদস্যই কংগ্ৰেছত যোগদান কৰিব । এ আই ইউ ডি এফ দলটো ব্যক্তিস্বাৰ্থত নিয়োজিত হৈছে । দেশ তথা ৰাজ্যক বিজেপিয়ে অশান্ত কৰি পেলাইছে । এই ফেঁচীবাদী চৰকাৰক ৰুধিবলৈ কংগ্ৰেছ দলৰ বাহিৰে অন্য কোনো শক্তি নাই । যাৰ বাবে মই কংগ্ৰেছত যোগদান কৰিছো ।"

উল্লেখ্য যে বিগত দুদিনৰ পৰা গুৱাহাটীত কৃত্ৰিম বানক লৈ মুখ্যমন্ত্ৰীৰ বক্তব্যই ৰাজনৈতিক মহলত তীব্ৰ খলকনি তুলি আছে । ইউ এছ টি এমৰ পানীয়ে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি কৰা বুলি মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা বক্তব্যৰ পিচতে ৰাজ্যৰ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত সাংসদগৰাকীৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত ৰকিবুল হুছেইনে কয়, "বুলড'জাৰ, এনকাউণ্টাৰ, বন্দুকেৰে সমস্যা সমাধান কৰা মুখ্যমন্ত্ৰীয়ে অসমক বানমুক্ত কৰিব নোৱাৰি লোকৰ ওপৰত দোষ জাপি দি আছে । মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা ঢাকিবলৈ গুৱাহাটীত ইউ এছ টি এমৰ পানী বুলি কৈ আছে । যদি গুৱাহাটীত ইউ এছ টি এমৰ পানী, তেন্তে ডিব্ৰুগড়ত কাৰ পানী ? শিৱসাগৰত কাৰ পানী ? মালিগাঁৱত কাৰ পানী ? বানমুক্ত অসম গঢ়াৰ কথা কৈ মুখ্যমন্ত্ৰী হোৱা হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ সৰ্বব্যৰ্থ মুখ্যমন্ত্ৰী ।"

লগতে পঢ়ক :ৰিণিকি ভূঞাৰ সকলো সম্পত্তি অসমৰ ৰাইজৰ সম্পত্তি: দিছপুৰত ঘোষণা মুখ্যমন্ত্ৰীৰ - CM Himanta on USTM
লগতে পঢ়ক :প্ৰসংগ মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি : ৰাজ্যৰ বিভিন্ন বিৰোধী দলৰ তীব্ৰ প্ৰতিক্ৰিয়া - Assam CM Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.