ETV Bharat / state

চামগুৰিত পুত্ৰক লগত লৈ কুচকাৱাজ আৰম্ভ ৰকিবুল হুছেইনৰ - MP Rakibul Hussain

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 10:06 PM IST

Samguri Constituency: চামগুৰিত পুত্ৰৰ সৈতে উপ-নিৰ্বাচনৰ বাবে অভিযান চলালে সাংসদ ৰকিবুল হুছেইনে । পুত্ৰ তাঞ্জিল হুছেইনক লগত লৈ চৰকাৰৰ বিৰুদ্ধে মন্তব্য় কৰি প্ৰত্য়াহ্বান জনালে মিত্ৰজোঁটক ।

MP Rakibul Hussain
সাংসদ ৰকিবুল হুছেইন (ETV BHARAT ASSAM)

চামগুৰি, ২১ জুন: চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰৰ নাম চৰ্চালৈ অহাৰ পিচতেই সমষ্টিটোত হুছেইনে আৰম্ভ কৰিছে অভিযান । শুক্ৰবাৰে পুত্ৰ তাঞ্জিল হুছেইনক লগত লৈ চামগুৰি সমষ্টিৰ কেইবাটাও অঞ্চলত উপস্থিত হয় ৰকিবুল হুছেইন । সমষ্টিটোৰ চাৰিখন পঞ্চায়ত এলেকাৰ কংগ্ৰেছ নেতা-কৰ্মী তথা সমৰ্থকৰ সৈতে ব্ৰহ্মচাৰী সত্ৰত এক মতবিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰকিবুল হুছেইনে । এই সভাৰ অন্তত চৰকাৰক তীব্ৰ সমালোচনা কৰে ৰকিবুল হুছেইনৰ লগতে পুত্ৰ তাঞ্জিল হুছেইনে ।

সাংসদ ৰকিবুল হুছেইন (ETV BHARAT ASSAM)

বিভিন্ন শিতানত চৰকাৰে লোৱা মাচুল বৃদ্ধিৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ চামগুৰিৰ পৰাই আহ্বান জনালে সাংসদগৰাকীয়ে । ইপিনে,আন্তর্জাতিক যোগ দিৱসৰ চৰকাৰী কাৰ্যসূচীলৈ ৰকিবুল হুছেইনক নিয়মমাফিক নিমন্ত্ৰণ নজনোৱাৰ বাবে ধুবুৰী জিলা আয়ুক্তৰ বিৰুদ্ধে তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে । অৱশ্য়ে বানত ৰাইজে ককবকাই থকাৰ সময়ত যোগ দিৱসৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনালেও তেওঁ নগ'লহেতেঁন বুলি মন্তব্য কৰে । এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিচাপে নাম নথকা এখন চিঠিৰে মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে তেনে অনুষ্ঠানলৈ যাবনে নাযায় বুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে ।

লগতে পঢ়ক:এদিন তৰুণ গগৈক কন্দুৱাইছিল, এতিয়া আপোনাৰ কন্দাৰ পাল: মুখ্যমন্ত্ৰীক উদ্দেশ্যি বাক্যবাণ ৰকিবুল হুছেইনৰ - Rakibul Hussain criticizes CM Himanta

তেওঁ পুনৰ কয়," ৰকিবুল হুছেইন মন্ত্ৰী হৈ থকাৰ সময়ত চামগুৰিৰ এটা এটা পঞ্চায়তত ১০০ টাকৈ চাকৰি পাইছিল । " নিজৰ ২৩ বছৰ বিধায়কৰ অভিজ্ঞতাৰ কথাও উল্লেখ কৰি বিজেপি বিধায়ক জিতু গোস্বামীৰ তেনে ৰাজনৈতিক অভিজ্ঞতা আছে নেকি বুলি কটাক্ষ কৰি ৰকিবুল হুছেইনে কয়," আগন্তক বিধানসভা নিৰ্বাচনত চৰকাৰ গঠন কৰিব নোৱাৰে বুলি জিতু গোস্বামীতকৈও মুখ্যমন্ত্ৰীয়ে ভালকৈয়ে গম পাইছে ।"

ইপিনে, চামগুৰি সমষ্টিত উপ-নিৰ্বাচনত কংগ্ৰেছে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেই বিষয়ে মন্তব্য় কৰিলে ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনে । এই প্ৰসংগত তাঞ্জিলে কয়," কংগ্ৰেছত হাইকমাণ্ড অথবা ৰাইজে যাক বিচাৰে তেওঁৱেই প্ৰাৰ্থিত্ব লাভ কৰে ।" তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব আন কোনো নেতাক দিলেও দলটোৰ এজন সৈনিক হিচাপে চামগুৰিত দলীয় কাম কৰি বুলি মন্তব্য কৰি কয়," কোনোবাই ভাবিলেই দিল্লীলৈ গৈ কিবা এটা দি কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লৈ আহিব নোৱাৰে ।" চামগুৰিত পূৰ্বে ৰকিবুল হুছেইনে জয়লাভ কৰা ভোটৰ ব্যৱধানৰ অভিলেখ ভংগ কৰি উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী জয়ী হ'ব বুলিও মন্তব্য কৰে তাঞ্জিল হুছেইনে ।

লগতে পঢ়ক:প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৰাজধৰ্ম পালন কৰক মুখ্যমন্ত্ৰীয়ে : ৰকিবুল হুছেইন - Rakibul Hussain on Assam CM

কংগ্ৰেছত নিষিদ্ধ এ আই ডি এফৰ বিধায়ক : ৰকিবুল হুছেইন - congress vs aiudf

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.