ETV Bharat / state

বৰপেটাত বান পৰিস্থিতিৰ বুজ ল'লে সাংসদ ৰকিবুল হুছেইনে - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 5:17 PM IST

Assam Flood 2024: বৰপেটা জিলাত বান পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে । বানৰ সমান্তৰালকৈ খহনীয়া সমস্যাই ৰাইজক আতংকিত কৰি ৰাখিছে । ভাতকুছিত উপস্থিত হৈ পীড়িত লোকসকলৰ সৈতে মত বিনিময় সাংসদ ৰকিবুল হুছেইনৰ ।

Assam Flood 2024
বৰপেটাত বান পৰিস্থিতিৰ বুজ ল'লে সাংসদ ৰকিবুল হুছেইনে (ETV Bharat)

বৰপেটা, ৭ জুলাই : ৰাজ্যত বান পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে । প্ৰায় ২৯ খন জিলা বানৰ কবলত পৰিছে । বৰপেটা জিলাৰো বিভিন্ন অঞ্চল প্লাৱিত হৈ পৰিছে । এনে পৰিস্থিতিত হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে আৰু বহু কৃষিভূমি নষ্ট হৈছে । ইয়াৰ মাজতে শনিবাৰে সন্ধিয়া বান পৰিস্থিতিৰ বুজ ল'বলৈ জিলাখনত উপস্থিত হয় ধুবুৰী লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন । সাংসদগৰাকীয়ে চেঙা সমষ্টিৰ ভাতকুছিত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় । লগতে ৰাইজৰ সৈতে মত বিনিময়ো কৰে ৷

উল্লেখ্য যে বাৰিষাৰ বানত ভাতকুছি অঞ্চলৰ ৰাইজ ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে । আনহাতে স্থানীয় লোকসকলে সাংসদগৰাকীক কয় যে অঞ্চলটোৰ কৃষকসকল অধিক ক্ষতিৰ সন্মুখীন হৈছে । আনহাতে ভাতকুছিকে ধৰি প্ৰায় ৫ খন গাঁৱৰ লোকৰ যাতায়াতৰ একমাত্ৰ ভৰসা মূল পথটো পকী নোহোৱাৰ বাবে দীৰ্ঘদিন ধৰি সমস্যাৰ সন্মুখীন হৈ অহাৰ কথাও সাংসদগৰাকীক স্থানীয় লোকসকলে অৱগত কৰে । এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাংসদগৰাকীক ৰাইজে দাবী জনায় ।

ৰাইজে অভিযোগ কৰা মতে ভাতকুছি, আগমন্দিয়া, টেকলাৰবালা, গোপালপুৰ, মাজৰগাঁও আদি ৫ খন গাঁৱৰ ৰাইজে যাতায়াত কৰা পথতো বছৰৰ প্ৰায় ৮ মাহ পানীৰ তলতে থাকে । পূৰ্বে জনীয়া সমষ্টিৰ আৰু সম্প্ৰতি চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাতকুছি গাঁৱৰ এই পথটো নিৰ্মাণ কৰি দিবলৈ সাংসদগৰাকীক ৰাইজে আহ্বান জনায় । অৱশ্যে সাংসদগৰাকীয়ে এইক্ষেত্ৰত নিজৰ সীমাবদ্ধতাৰ কথা উল্লেখ কৰি পথটো নিৰ্মাণৰ ব্যৱস্থা ল'বলৈ খণ্ড উন্নয়ন বিষয়াক নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক :অপৰিৱৰ্তিত বান পৰিস্থিতি: ৰাজ্যৰ প্ৰায় ২৪ লাখ লোক ক্ষতিগ্ৰস্ত, মৃত্যুৰ সংখ্যা ৫৮ লৈ বৃদ্ধি - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.