ETV Bharat / state

জিতু গোস্বামীৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকৰ কাষ চাপিল ৰকিবুল হুছেইন - Rakibul Hussain

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 4:53 PM IST

Rakibul Hussain: চামগুৰিত উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন আৰু বিজেপি বিধায়ক জিতু গোস্বামীৰ সংঘাত আকৰ্ষণীয় হৈ পৰিছে । এইবাৰ জিতু গোস্বামীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীৰে আৰক্ষী অধীক্ষকৰ কাষ চাপিল কংগ্ৰেছ সাংসদগৰাকী । কিন্তু কি কৰিছিল জিতু গোস্বামীয়ে ?

Rakibul Hussain
জিতু গোস্বামীৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকৰ কাষ চাপিল ৰকিবুল হুছেইন (ETV Bharat)

নগাঁও,১৪ ছেপ্টেম্বৰ : কংগ্ৰেছৰ সাংসদ তথা চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইন আৰু বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ সংঘাত অব্যাহত আছে । দীৰ্ঘসময় ধৰি ৰকিবুল হুছেইনৰ দখলত থকা চামগুৰি বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ পিতৃ তথা সাংসদ ৰকিবুল হুছেইন আৰু বিজেপি বিধায়ক জিতু গোস্বামীৰ মাজত আৰম্ভ হোৱা বাকযুদ্ধ ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে । বিভিন্ন বিষয়ক লৈ ইজনে সিজনৰ বিৰুদ্ধে মন্তব্য কৰা দেখা গৈছে । এইবাৰ জিতু গোস্বামীৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকৰ কাষ চাপিল সাংসদ ৰকিবুল হুছেইন । চামগুৰিত সন্ত্ৰাস চলোৱাৰ অভিযোগ ৰকিবুল হুছেইনৰ । একেদৰে জিতু গোস্বামীয়ে ষড়যন্ত্ৰ কৰিছে বুলিও ৰকিবুল হুছেইনে অভিযোগ কৰে ।

ৰকিবুল-জিতু গোস্বামীৰ সংঘাত

শেহতীয়াকৈ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও মন্তব্য কৰিছিল সাংসদ ৰকিবুল হুছেইনে । তাৰ পিছতে গুৱাহাটীত সংবাদমেল সম্বোধন কৰি ৰকিবুল হুছেইনক উভতি ধৰিছিল । কংগ্ৰেছ সাংসদগৰাকীৰ বিৰুদ্ধে ২০০ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰাৰো হুংকাৰ দিছিল বিধায়ক জিতু গোস্বামীয়ে ।

বিধায়ক জিতু গোস্বামীৰ এই হুংকাৰক প্ৰত্যাহ্বান জনাই শনিবাৰে সংবাদ মাধ্যমৰ সন্মুখত জিতু গোস্বামীৰ বিৰুদ্ধে পূৰ্বে বেংকে জাৰি কৰা জাননী, চি বি আইৰ গোচৰ থকাৰ কথা উল্লেখ কৰে ৰকিবুল হুছেইনে । তেওঁ কয়,"মোৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিবলৈ সাহস নাই জিতু গোস্বামীৰ ।" কেৱল এয়াই নহয় সংবাদমেলৰ জৰিয়তে কোনো নিৰাপত্তাৰক্ষী অবিহনেই যোৱাৰ কথা উল্লেখ কৰা বিধায়ক জিতু গোস্বামীয়ে উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া চামগুৰি সমষ্টিত ষড়যন্ত্ৰ ৰচনা কৰাৰ উমান পোৱা বুলিও উল্লেখ কৰে সাংসদ ৰকিবুল হুছেইনে ।

বিগত ১০ ছেপ্টেম্বৰত বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন কৰি নগাঁও সদৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ কৰে ৰকিবুল হুছেইনে । যাৰ বাবে শনিবাৰে নগাঁও আৰক্ষী অধীক্ষকৰ কাষ চাপে ৰকিবুল হুছেইন । আৰক্ষী অক্ষীকৰ পৰা ন্যায় লাভ কৰাৰ আশা ব্যক্ত কৰি ন্যায় নাপালে পৰৱৰ্তী সময়ত আদালতৰ কাষ চপাৰো হুংকাৰ প্ৰদান কৰে ৰকিবুল হুছেইনে । সম্প্ৰতি চামগুৰি বিধানসভা সমষ্টিত সন্ত্ৰাসৰ দৰে পৰিৱেশৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে ।

লগতে পঢ়ক :ৰকিবুল হুছেইনৰ বিৰুদ্ধে কোনে তৰিব ২০০ কোটি টকাৰ মানহানিৰ গোচৰ ! - MP Rakibul Hussain

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.