ETV Bharat / state

গৃহমন্ত্ৰী নিজেই আহি পুখুৰী খান্দি বান সমস্যা ৰোধ কৰক: গৌৰৱ গগৈ - ASSAM FLOOD 2024

MP Gaurav Gogoi: যোৰহাট জিলাৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন সাংসদ গৌৰৱ গগৈৰ । বান সময়ত অসমলৈ কিয় এজনো কেন্দ্ৰীয় মন্ত্ৰী অহা নাই বুলি প্ৰশ্ন গৌৰৱ গগৈৰ । স্মাৰ্ট চিটিৰ নামত ডিব্ৰুগড় আৰু গুৱাহাটীৰ অৱস্থাক লৈও প্ৰশ্ন সাংসদগৰাকীৰ ৷

MP Gaurav Gogoi
বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন সাংসদ গৌৰৱ গগৈৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 8:06 PM IST

যোৰহাট, ৮ জুলাই: যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে সোমবাৰে জিলাখনৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে ৷ সাংসদ গগৈয়ে নিমাতীঘাট, ৮নং স্পাৰ, নহটীয়া, ককিলামুখ, গোহাঁইগাঁও হাতীশালৰ বানাক্ৰান্ত অঞ্চলসমূহৰ ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লোৱাৰ লগতে বানাক্ৰান্তৰ মাজত সাহাৰ্য বিতৰণ কৰে ৷ গগৈয়ে ব্ৰহ্মপুত্ৰৰ ৰক্ষাকৱচস্বৰূপ মথাউৰিসমূহ পৰিদৰ্শন কৰি উক্ত মথাউৰি পুনৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা পৰ্যাপ্ত পৰিমাণ পুঁজি মুকলি কৰি দিয়াৰ বাবে আহ্বান জনায় ৷

বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন সাংসদ গৌৰৱ গগৈৰ (ETV BHARAT ASSAM)

লগতে পঢ়ক: চৰকাৰক মথাউৰি মেৰামতি-নিৰ্মাণৰ হিচাপ বিচাৰিলে গৌৰৱ গগৈয়ে - MP Gaurav Gogoi

তেওঁ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটু সমালোচনা কৰি ৰাজ্যৰ বান পৰিস্থিতি আৰু বান সমস্যা সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি উল্লেখ কৰে ৷ বিগত তিনিদিনত তেওঁ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থান পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ পৰিবৰ্তে মুখ্যমন্ত্ৰীয়ে আজিও প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ সক্ষম হোৱা নাই বুলি মন্তব্য কৰে ৷ ইয়াৰ উপৰি সকলোতে বান সাহাৰ্য লাভ কৰা নিয়মো বেলেগ বেলেগ বুলি তেওঁ অভিযোগ কৰে ৷

বান সাহাৰ্য বিতৰণক লৈ যিদৰে দিছপুৰৰ পৰা নিৰীক্ষণ হ’ব লাগে, সেইদৰে হোৱা নাই বুলি সাংসদ গগৈয়ে দাবী কৰে ৷ ইফালে অসমৰ বান সমস্যা কেইটামান পুখুৰী খান্দিলেই সমাধান হ’ব বুলি কোৱা গৃহমন্ত্ৰী অমিত শ্বাহক নিজেই আহি পুখুৰী খান্দি বান সমস্যা ৰোধ কৰিবলৈ আহ্বান জনাই সাংসদ গৌৰৱ গগৈয়ে । তেওঁ লগতে কয় যে, অসমৰ বান সমস্যাক লৈ কেন্দ্ৰীয় চৰকাৰ চিন্তিত নহয়, যাৰ বাবে এই দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰীৰ লগতে অন্য কেন্দ্ৰীয় মন্ত্ৰী অসমলৈ আহিবলৈ ইচ্ছুক নহয় ।

লগতে পঢ়ক: বানাক্ৰান্তৰ খবৰ লৈ গৌৰৱ গগৈয়ে উভতি ধৰিলে মুখ্য়মন্ত্ৰীক : চৰকাৰে দুৰ্নীতি-ছিণ্ডিকেট চলাইছে - MP Gaurav Gogoi in Charaideo

স্মাৰ্ট চিটি সম্পৰ্কেও প্ৰশ্ন উথাপন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৰাকীয়ে । স্মাৰ্ট চিটিৰ নামত গুৱাহাটীত নলাত পৰি এটি নাবালকৰ মৃত্যু হোৱাৰ বিপৰীতে ডিব্ৰুগড়ৰ অৱস্থাও তথৈবচ বুলি চৰকাৰখনক সমালোচনা কৰে সাংসদ গগৈয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.