ETV Bharat / state

ক্ষমতাৰ সদ্ব্যৱহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান গৌৰৱ গগৈৰ - MP Gaurav Gogoi

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 9:56 PM IST

Gaurav Gogoi on Himanta Biswa Sarma : ক্ষমতাৰ সদ্ব্যৱহাৰ কৰাৰ আহ্বানেৰে মুখ্যমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ ৷ সাংসদ গগৈৰ মতে আগন্তুক ডেৰবছৰলৈকে মুখ্যমন্ত্ৰীৰ মুখত মুছলমান, আজমল এইবোৰ কথাই শুনি থাকিব ৷

Gaurav Gogoi on Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ সন্দৰ্ভত সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

গুৱাহাটী, ৪ আগষ্ট : শেহতীয়াকৈ বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে দেশজুৰি অনৰ্গল মন্তব্য কৰি অহা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কৰিলে আন এক বিশেষ ঘোষণা ৷ মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি এতিয়াৰে পৰা এজন মুছলমানে হিন্দুৰ মাটি কিনিবৰ বাবে আৰু এজন হিন্দুৱে মুছলমানৰ মাটি কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন ল’ব লাগিব ৷

মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিচতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে ৷ সাংসদগৰাকীয়ে কয়, ‘‘ লাহে লাহে তেওঁ আজমল ফাউণ্ডেশ্যনক মাটি দি থাকিব ৷ লাহে লাহে মুখ্যমন্ত্ৰীৰ মুখেৰে আজমল (বদৰুদ্দিন আজমল)ৰ নাম খুউব ওলাব ৷ অহা নিৰ্বাচনলৈকে ডেৰ বছৰত মুখ্যমন্ত্ৰীৰ মুখত আজমল, মুছলমান এইবোৰ কথাই শুনি থাকিব ৷’’

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাংসদগৰাকীয়ে জনায়, ‘‘ প্ৰধানমন্ত্ৰী মোদীও বিফল হ’ল ৷ যোৱা লোকসভা নিৰ্বাচনত খুউব চেষ্টা চলাইছিল মংগলসূত্ৰ, কংগ্ৰেছৰ ইস্তাহাৰৰ কথা কৈ ৷ য’ত য’ত সেইবোৰ কথা কৈছিল, তাত তেওঁ বিফল হ’ল ৷ প্ৰধানমন্ত্ৰী মোদীয়েই ৰাইজক বিভ্ৰান্তিত পেলাব নোৱাৰিলে, মুখ্যমন্ত্ৰীয়ে কেনেকৈ পাৰিব ? এইবোৰ ৰাজনীতি কৰি লাভ নাই ৷ আৰু ডেৰ বছৰ আছে, এই সময়ত চাহ উদ্যোগ, গাঁৱৰ ৰাস্তাবোৰ মেৰামতি কৰক ৷ ভগৱানে ক্ষমতা দিছে, সেই ক্ষমতা ভালদৰে ব্যৱহাৰ কৰক ৷ ’’

সাংসদ গগৈয়ে লগতে কয়, ‘‘ ডিমৌ, মাজুলীত বহুলোকৰ ভূমিপট্টা নাই ৷ ভূমিপট্টাক লৈ তেওঁলোক যথেষ্ট চিন্তাত আছে ৷ মাজুলীত যিসকলৰ ভূমিপট্টা নাই, তেওঁলোকক ভূমিপট্টা দিয়ক ৷ ডিমৌত যিসকলৰ ভূমিপট্টা নাই, তেওঁলোকক ভূমিপট্টা দিয়ক ৷ গুৱাহাটীৰ পাহাৰত থকা লোকসকলক ভূমিপট্টা দিয়ক ৷ কিন্তু সেইখিনি কাম কৰা নাই ৷’’

লগতে পঢ়ক : মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জনালে কেবাখনো নতুন আইনৰ বিষয়ে : কি কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.