নতুন দিল্লী : যোৰহাট-দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা প্ৰৱৰ্তনৰ বাবে ধাৰাবাহিক প্ৰচেষ্টা অব্যাহত ৰাখিছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে । মঙলবাৰে সাংসদ গৌৰৱ গগৈয়ে নতুন দিল্লীত অসামৰিক বিমান পৰিবহণ বিভাগৰ মন্ত্ৰী কিঞ্জৰাপু ৰামমোহন নাইডুক সাক্ষাৎ কৰে ।
সাক্ষাৎকালত তেওঁ যোৰহাট-দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা পুনৰ চলাচলৰ দাবীৰ বিষয়টোৰ কাৰ্যকৰীকৰণৰ অগ্ৰগতিৰ বুজ লয় আৰু সাংসদগৰাকীয়ে মন্ত্ৰীগৰাকীক বিষয়টো অৱগত কৰে ।
তেওঁ মন্ত্ৰীগৰাকীক অৱগত কৰে যে যোৱা ১ জুলাই, ২০২৪ তাৰিখে এই বিষয়টোক লৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক প্ৰথমবাৰ সাক্ষাৎ কৰিছিল আৰু অলপ দিনৰ পিচতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ তৰফৰ পৰা পত্ৰযোগে জনোৱা হৈছিল যে স্পাইচজেটে যোৰহাট-দিল্লী সংযোগী বিমান সেৱাৰ কাম-কাজ পুনৰ আৰম্ভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে । কিন্তু দুৰ্ভাগ্যজনকভাৱে তাৰ পিচৰ পৰা সেই ক্ষেত্ৰত কোনো বিশেষ অগ্ৰগতি হোৱা নাই ।
সেয়েহে বিষয়টো পুনৰ গুৰুত্বসহকাৰে বিবেচনা কৰিবলৈ সাংসদ গৌৰৱ গগৈয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক টানি অনুৰোধ জনায় । গৌৰৱ গগৈয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰায় যে যোৰহাটৰ পৰা দিল্লীলৈ পোনপটীয়া বিমানৰ অভাৱত যাত্ৰীসকল বিশেষকৈ চিকিৎসাজনিত জৰুৰীকালীন ভ্ৰমণ, ব্যৱসায়িক ভ্ৰমণৰ লগতে শিক্ষাৰ্থীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।
বৰ্ধিত টিকটৰ মূল্যবৃদ্ধিয়ে যোৰহাটবাসীৰ ওপৰত যথেষ্ট আৰ্থিক বোজা জাপি দিছে । উত্তৰ-পূৰ্বাঞ্চলৰ আন আন চহৰসমূহে দিল্লীলৈ পোনপটীয়া বিমান সংযোগ লাভ কৰিছে যদিও গুৰুত্বপূৰ্ণ যোৰহাট চহৰক এই সেৱাৰ পৰা বঞ্চিত কৰা হৈছে ।
মন্ত্ৰীগৰাকীক এই বিষয়টো গুৰুত্ব সহকাৰে ব্যক্তিগতভাৱে তদাৰক কৰিবলৈও লোকসভাত বিৰোধী দলৰ উপ-নেতা গৌৰৱ গগৈয়ে আহ্বান জনোৱাৰ লগতে বিগত সময়ত দিল্লী-যোৰহাটৰ মাজত থকা পোনপটীয়া সংযোগী ইণ্ডিগো বিমানখনৰ পুনৰ চলাচল আৰম্ভ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।