ETV Bharat / state

চৰকাৰে সৃষ্টি কৰিছে বিভাজনমুখী ৰাজনীতি : গৌৰৱ গগৈ - MP Gaurav Gogoi - MP GAURAV GOGOI

Gaurav Gogoi in Jorhat : মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰৱ সাংসদ গৌৰৱ গগৈ । বসুন্ধৰা আঁচনিৰে মুখ্য়মন্ত্ৰীৰ সম্পত্তি বৃদ্ধি কৰিব পাৰিছে বুলি মন্তব্য় সাংসদগৰাকীৰ ।

Gairav Gogoi in Jorhat
সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 6:16 PM IST

যোৰহাট, ২৬ আগষ্ট : "শান্তি সম্প্ৰতিৰ আৰু কোনো ভেদাভেদ নাৰাখি জীয়াই থাকিব বিচৰা অসমীয়া জাতিৰ মাজত বিজেপি চৰকাৰে সৃষ্টি কৰিছে বিভাজনমুখী ৰাজনীতি । কিন্ত ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে ৰাইজক একত্ৰিত কৰি যাব ।" এই মন্তব্য় সাংসদ গৌৰৱ গগৈৰ । সোমবাৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ ৩৮ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে এইদৰে মন্তব্য় কৰে ।

সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

কৰ্মচাৰীসকলক কোনো দলে ৰাজনৈতিক দৃষ্টিভংগীৰে চাব নালাগে বুলি উল্লেখ কৰি তেওঁ কয়, "শিক্ষকসকলৰ ছুটিৰ সংখ্যা বৃদ্ধি হ'ব লাগে । কংগ্ৰেছৰ আদৰ্শৰ বাবে সমগ্ৰ দেশৰ কৰ্মচাৰীসকলৰ মাত শুনা পাইছো । কংগ্ৰেছ দলে মাত নমতা হ'লে বিজেপি চৰকাৰে নতুন পেঞ্চন আঁচনি ঘূৰাই ন'ললেহেতেন ।"

  • দুখীয়া মানুহৰ পৰা স্মাৰ্ট মিটাৰ ঘূৰাই ল'বলৈ বাধ্য হ'ব :

সাংসদ গৌৰৱ গগৈয়ে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰৱ হৈ কয়, "স্মাৰ্ট মিটাৰ জৰিয়তে দুখীয়া শ্ৰেণীক শোষণ কৰা হৈছে ৷ কিন্তু ইয়াৰ পিছতো মুখ্যমন্ত্ৰীয়ে দম্ভ অহংকাৰ এৰি দিয়া নাই । আমি স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰি শীঘ্ৰে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম । এসময়ত মুখ্যমন্ত্ৰীয়ে নিজৰ দম্ভ-অহংকাৰ এৰি দুখীয়া মানুহৰ পৰা স্মাৰ্ট মিটাৰ ঘূৰাই ল'বলৈ বাধ্য হ'ব ।"

  • বসুন্ধৰা আঁচনিৰে ব্যক্তিগত সম্পত্তি বৃদ্ধি কৰিছে মুখ্য়মন্ত্ৰীয়ে :

আনহাতে, বসুন্ধৰা আঁচনিৰ বিৰুদ্ধে সৰৱ হৈ কয়, "মুকলিকৈ কথা কোৱাৰ অধিকাৰ আমাৰো আছে । সেই অধিকাৰক বিজেপি চৰকাৰে বাধা দিব বিচাৰে । এইখন চৰকাৰ সম্পূৰ্ণকৈ ব্যৰ্থ হৈছে । না তেওঁলোকে দুখীয়াক সহায় কৰিব পাৰিছে, না একত্ৰিত কৰিব পাৰিছে । তেওঁ মাথোঁ বসুন্ধৰা ১, ২, ৩ আঁচনি লৈ ব্যক্তিগত সম্পত্তি বৃদ্ধি কৰিব পাৰিছে ।"

লগতে পঢ়ক:মুখ্যমন্ত্ৰীক স্বেচ্ছামূলক অৱসৰ লোৱাৰ আহ্বান গৌৰৱ গগৈৰ - Gaurav Gogoi on Dhing case

প’ৰ্টেলৰ জৰিয়তে ৰাজহুৱা কৰা হ’ব মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ তথ্য: গৌৰৱ গগৈ - Gaurav Gogoi

বিজেপিয়ে য’ত স্মাৰ্ট শব্দটো লগাই তাতেই গণ্ডগোল হয়: তেজপুৰত সাংসদ গৌৰৱ গগৈ - MP Gaurav Gogoi slams bjp in Tezpur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.