ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাই যি বিভাগৰেই দায়িত্ব লৈছে সেই বিভাগেই হৈছে ব্যৰ্থ: গৌৰৱ গগৈ - MP Gaurav Gogoi - MP GAURAV GOGOI

Gaurav Gogoi in Mariani:মৰিয়নীত মতবিনিময় আৰু সম্বৰ্ধনা অনুষ্ঠানত সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে বিজেপি চৰকাৰৰ লগতে মুখ্য়মন্ত্ৰীক কৰিলে তীব্ৰ সমালোচনা । গৌৰৱ গগৈৰ মতে, মুখ্য়মন্ত্ৰী কি কি বিভাগত ব্য়ৰ্থ হৈছে ?

MP Gaurav Gogoi slams BJP govt
সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 10:09 PM IST

যোৰহাট, ১৮ আগষ্ট: যোৰহাট জিলাৰ মৰিয়নীত দেওবাৰে এক মতবিনিময় আৰু সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে লোকসভা নিৰ্বাচনত মৰিয়নীবাসীয়ে দেখুওৱা আৱেগ আৰু স্বাভিমানক কৃতজ্ঞতা জ্ঞাপন কৰি বিজেপি চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে । ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰাৰ পিছত দুগুণ উৎসাহিত হৈ পৰিছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ ।

সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

লোকসভা নিৰ্বাচনৰ পৰা বিজেপিয়ে শিক্ষা নল'লে :

সাংসদগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কয়," ৰাইজে ২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিক যি শিক্ষা দিলে সেই শিক্ষা বিজেপি দলে নল’লে । সেয়েহে ৰাইজ ঐক্যবদ্ধ হৈ ২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিক শিক্ষা দিব । "

ব্য়ৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা :

আনহাতে,মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ তেওঁ কয়," বিভিন্ন সময়ত ড৹ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱা বিভাগে ৰাইজৰ উন্নতি সাধন নকৰিলে আৰু তেওঁৰ অধীনত থকা বিভাগসমূহে ৰাইজৰ হকে কাম কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে । কাৰণ বিত্তমন্ত্ৰীৰ দায়িত্বত থাকি অসমক ধৰুৱা কৰিলে । শিক্ষা বিভাগৰ দায়িত্বত থাকি অসমৰ স্কুল বন্ধ কৰিলে । লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থাকি বাট-পথৰ উন্নয়ন কৰিব নোৱাৰিলে । গুৱাহাটীৰ উন্নয়ন মন্ত্ৰীৰ দায়িত্বত আছিল তেওঁ, কিন্তু এতিয়া গুৱাহাটীত ১৫ মিনিট বৰষুণ দিলেই হয় কৃত্ৰিম বানপানী ।"

তেওঁ পুনৰ কয়," হিমন্ত বিশ্ব শৰ্মাৰ কিছু দায়িত্বই কংগ্ৰেছক উপকাৰ কৰিছে । কাৰণ নেডা'ৰ আহ্বায়কৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৱত বিজেপিৰ আসন বৃদ্ধি কৰিব নোৱাৰিলে । কাৰণ বিজেপি তথা তেওঁলোকৰ সমৰ্থিত দলৰ হাতত থকা মণিপুৰৰ দুখন আসন, মেঘালয় আৰু নাগালেণ্ডৰ এখনকৈ আসন কংগ্ৰেছে লাভ কৰিলে ।"

লগতে পঢ়ক:ফ্লাই অভাৰৰ চুপাৰ টেণ্ডাৰ মৰাতহে ওস্তাদ মুখ্যমন্ত্ৰী : গৌৰৱ গগৈ - MP Gaurav Gogoi

পাছপ’ৰ্ট সেৱা কেন্দ্ৰ স্থাপনৰ দাবী: বৈদেশিক পৰিক্ৰমা মন্ত্ৰীলৈ পত্ৰ সাংসদ গৌৰৱ গগৈৰ - Passport Seva center in Sivasagar

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.