ETV Bharat / state

গাহৰি পালকক উপকৃত কৰিব পৰাকৈ স্বাক্ষৰিত বুজাবুজিৰ চুক্তি - MoU signed

author img

By ETV Bharat Assamese Team

Published : 7 hours ago

MoU signed: গাহৰি পালকৰ সুবিধাৰ্থে বড়োলেণ্ড গাহৰি মিছন আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা গৱেষণা সঞ্চালকালয়ৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ । খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা গৱেষণা সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত স্বাক্ষৰিত হয় এই চুক্তি ।

MoU signed to benefit pig herders
গাহৰি পালকক উপকৃত কৰিব পৰাকৈ স্বাক্ষৰিত বুজাবুজি চুক্তি (ETV Bharat Assam)

গুৱাহাটী,২৬ ছেপ্টেম্বৰ: অসম তথা উত্তৰ-পূৰ্বাঞ্চলত গাহৰিৰ মাংসৰ চাহিদাৰ ৫০ শতাংশও গাহৰি এই অঞ্চলত উৎপাদন নহয় । অথচ চাহিদা পূৰণ কৰিব পৰাকৈ উৎপাদনৰ সামৰ্থ আছে । এই অঞ্চলৰ পৰম্পৰাগত গাহৰি পালক আৰু নতুনকৈ গঢ় লৈ উঠা বাণিজ্যিক পালক উভয়কে চলিত সময়ত আফ্রিকান ছোৱাইন ফিভাৰ, চিৰকো, ক্লাছিকেল ছোৱাইন ফিভাৰ, পেষ্ট্যুৰেলা, চবকা আৰু বিভিন্ন প্রজননজণিত ৰোগ আদিয়ে জুৰুলা কৰিছে । বছৰি ৩০ শতাংশৰ পৰা ৪০ শতাংশ গাহৰি আক্ৰান্ত হোৱাৰ ফলত পালকসকল প্ৰতি বছৰে প্ৰায় ৯০০ কোটি টকা উপাৰ্জনৰ পৰা বঞ্চিত হয় ।

সেয়েহে সঠিক সময়ত ৰোগৰ নিয়ন্ত্রণ, চিকিৎসা আৰু প্ৰতিৰোধৰ ব্যৱস্থা কৰিলে যথেষ্ঠ পৰিমাণে উপকৃত হোৱাৰ সম্ভাৱনা আছে । এই উদ্দেশ্য আগত ৰাখি বৃহস্পতিবাৰে বড়োলেণ্ড গাহৰি মিছন আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ পশুচিকিৎসা গৱেষণা সঞ্চালকালয়ে বি টি আৰ অঞ্চলৰ ২৪ হাজাৰতকৈ অধিক পঞ্জীভুক্ত গাহৰি পালকক উপকৃত কৰিব পৰাকৈ এক দ্রুত আৰু কুশল ৰোগ নিৰ্ণয় সেৱা আগবঢ়োৱাৰ বাবে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয় ।

খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা গৱেষণা সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য ড° বিদ্যুৎ চন্দন ডেকা, বি টি চিৰ প্ৰধান সচিব আকাশ দীপ, অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা গৱেষণা সঞ্চালক ড° প্রবোধ বৰা, খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ ডীন ড° বিবেকানন্দ শইকীয়া প্ৰমুখ্যে বিটিচিৰ বিভাগীয় বিষয়াসকল আৰু কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা বিশেষজ্ঞ, অধ্যাপক, গৱেষকসকল উপস্থিত থাকে । চুক্তি অনুসৰি এই গাহৰিৰ ৰোগ নিৰ্ণয় সেৱাই বি টি আৰৰ গাহৰি পালকসকলৰ বছৰেকত ৫০০ কোটি টকালৈকে বৃদ্ধি কৰাত সহায় কৰিব বুলি আশা কৰা বুলি উল্লেখ কৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে ।

অসম চুক্তি সন্দৰ্ভত মন্তব্য:

ইফালে অসম চুক্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"অসম চুক্তিৰ ওপৰত আমাৰ কাউন্সিলৰ লগত বৰ্তমানলৈ কোনো আলোচনা হোৱা নাই । মুখ্যমন্ত্ৰী বা যিসকলে চুক্তি কৰিছে তেওঁলোকৰ সৈতে আলোচনা কৰিলে গম পাম । আমি সদায় অসমৰ ভালটো বিচাৰো, খিলঞ্জীয়াৰ নিৰাপত্তাটো বিচাৰো, তাত কোনো দ্বিমত নাই । কিন্তু জনজাতীয় লোকসকলৰ ভূমি অধিকাৰ থাকিব লাগিব । ভিন্ন ভাষা, সংস্কৃতি অধিকাৰৰ দশক দশক ধৰি সংগ্ৰাম কৰিছিল, বিভিন্ন সময়ত চুক্তিও কৰিছিল । মুখ্যমন্ত্ৰীয়ে কৈছে আমি ইয়াৰ ওপৰত আলোচনা কৰিম আৰু চিন্তা কৰিম ।"

NDFB সন্দৰ্ভত মন্তব্য:

আনহাতে অসমৰ লগতে বিভিন্ন দেশত বন্দী হৈ থকা NDFB সদস্যসকলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"কিছুদিন পূৰ্বে ভূটান চৰকাৰে ৬ জনক মুকলি কৰি দিছে । ভূটানত আৰু এতিয়া কোনো NDFB কেডাৰ নাই । ভূটান চৰকাৰে আমাক গতাই দিলে আমি লৈ আহিলো । নেপালত এজন আছে, ইয়াৰ ওপৰত আলোচনা চলি আছে । এটা আইনী প্ৰক্ৰিয়াৰ মাজেৰে নেপালৰ পৰা লৈ অনাৰ ব্যৱস্থা কৰি আছো । তাৰ লগতে অসমৰ কাৰাগাৰত থকাসকলৰ বিষয়ে আলোচনা চলি আছে । মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি আইনৰ জড়িয়তে সকলোখিনি কাম চলি আছে ।"

লগতে পঢ়ক: কংগ্ৰেছ-বিপিএফে নিজৰ চিহ্নটো ধৰি ৰাখিবলৈ নিৰ্বাচন খেলিছে: প্ৰমোদ বড়ো - Lok Sabha elections 2024

অবড়ো সুৰক্ষা সমিতিৰ তিনি শতাধিকৰ ইউপিপিএলত যোগদান - UPPL Joining Meeting

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.