ETV Bharat / state

জাগীৰোডৰ শিলভাঙাত ৰে’লৱেৰ ভূমি বেদখলমুক্ত - Eviction drive in Morigaon

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 4:12 PM IST

Anti-encroachment drive in Morigaon: মৰিগাঁও জিলাৰ জাগীৰোড শিলভাঙাত শান্তিপূৰ্ণভাৱে চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান । উক্ত ভূমি খালী কৰি দিয়াৰ বাবে দহ দিনৰ সময়সীমা বান্ধি দিছিল জিলা প্ৰশাসনে । সোমবাৰে উক্ত সময়সীমা উকলি যোৱাত প্ৰশাসনে চলাই উচ্ছেদ অভিযান ।

EVICTION DRIVE IN MORIGAON
মৰিগাঁও জিলাৰ জাগীৰোড শিলভাঙাত ৰে’লৱে ভূমি বেদখল মুক্ত (ETV BHARAT ASSAM)

মৰিগাঁও, ২৪ জুন: মৰিগাঁও জিলাৰ জাগীৰোডৰ শিলভাঙাত চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে মৰিগাঁও জিলা প্ৰশাসনে সোমবাৰে চলাই উচ্ছেদ অভিযান চলায় । দখল কৰি থকা লোকসকলৰ অধিকাংশই অত্যন্ত শান্তিপূৰ্ণভাৱে প্ৰশাসনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নিজৰ সা-সামগ্ৰী লৈ অঞ্চলটো খালী কৰাৰ পৰিলক্ষিত হয় । প্ৰায় দহ হাজাৰ লোকে ৰে’লৱে ভূমিত ঘৰ সাজি, দোকান-পোহাৰ দি বেদখল কৰি আছিল ।

উচ্ছেদৰ সময়ত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস উপস্থিত থাকি সমগ্ৰ দিশ পৰ্যবেক্ষণ কৰে ৷ তেওঁ উচ্ছেদৰ পূৰ্বে ৰাইজৰ সৈতে মতবিনিময় কৰি, জাগীৰোড শিলভাঙা অঞ্চলত ভাৰতীয় ৰে’লৱে ভূমি দখল কৰি থকা লোকসকলত খালী কৰি দিয়াৰ বাবে আহ্বান জনায় । আনহাতে পৰীক্ষা চলি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সকলো ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে জিলা আয়ুক্তৰ দেবাশীষ শৰ্মাই ।

লগতে পঢ়ক: পঞ্চতাৰকা হোটেলৰ নামত কাজিৰঙাত চলিল উচ্ছেদ - Eviction drive in Kaziranga

ইফালে অভিভাৱকসকলেও পৰীক্ষা চলি থকালৈকে উচ্ছেদ বন্ধ ৰখাৰ বাবে প্ৰশাসনক আহ্বান জনায় । পৰৱৰ্তী সময়ত তেওঁলোকে নিজেই ৰে’লৱেৰ ভূমি এৰি গুচি যাব বুলি মন্তব্য কৰে ৷ ইফালে উচ্ছেদস্থলীৰ পৰিস্থিতিৰ বুজ ল’বলৈ উক্ত স্থানত উপস্থিত হয় সদৌ অসম সংখ্যালঘু ছাত্ৰ সংগঠনৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি দিলোৱাৰ হুছেইন । তেওঁ মৰিগাঁও জিলা প্ৰশাসনৰে মতবিনিময় কৰি দখলকাৰীসকলক উক্ত স্থান খালী কৰি দিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে, মৰিগাঁও জিলা প্ৰশাসনে বিগত ১৪ জুনত জাননী জাৰি কৰি উক্ত ভূমি দখলমুক্ত তথা খালী কৰি দিবলৈ দহ দিনৰ সময়সীমা বান্ধি দিছিল । ইয়াৰ মাজতে একাংশ লোকে প্ৰশাসনৰ নিৰ্দেশনা মতে ঘৰ-দুৱাৰ খালী কৰি উক্ত স্থান ত্যাগ কৰিছিল যদিও আন একাংশ লোকে বিভিন্ন অজুহাত দেখুৱাই সোমবাৰলৈকে ৰে’লৱেৰ ভূমি খালী কৰা নাছিল । প্ৰশাসনৰ দহ দিনৰ সময়সীমা উকলি যোৱাত সোমবাৰে পুৱাৰে পৰা মৰিগাঁও জিলা প্ৰশাসনৰ সকলো উচ্চ পদস্থ বিষয়ববীয়া শিলভাঙাত দখলীকৃত চৰকাৰী ভূমিত উপস্থিত হৈ উচ্ছেদ অভিযান চলায় ।

লগতে পঢ়ক: যানজঁটৰ সমস্যা: অসম চিকিৎসা মহাবিদ্যালয় চৌহদত উচ্ছেদ অভিযান প্ৰশাসনৰ - ASSAM MEDICAL COLLEGE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.