গুৱাহাটী, ৯ এপ্ৰিল: লোকসভা নিৰ্বাচন আৰু ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ অষ্টমৰ পৰা একাদশ শ্ৰেণীৰ ১ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে নিজ নিজ পিতৃ-মাতৃলৈ লিখিছে চিঠি । কি লিখিছে এই চিঠিত ? নিৰ্বাচনৰ সময়ত ইমান সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে কিয় লিখিলে এই চিঠি ? ইয়াকে লৈ হয়তো বহুতৰে মনত প্ৰশ্ন উত্থাপন হৈছে ।
![SVEEP](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09-04-2024/as-ghy-02-kamrupdistrict-postcard-7210645_09042024185428_0904f_1712669068_804.jpg)
এয়া নিৰ্বাচনী প্ৰক্ৰিয়াৰ এক অংশহে । অৱশ্যে এয়া কোনো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ নহয়, নহয় কোনো প্ৰাৰ্থীৰ প্ৰতি ভোটদানৰ আহ্বান । এয়া হৈছে আচলতে দেশৰ গণতন্ত্ৰক শক্তিশালী কৰা আৰু ভোটদানৰ সৈতে মানুহক একান্ত কৰাৰ এক প্ৰয়াস । আগন্তুক লোকসভা নিৰ্বাচনত ভোটদানৰ আহ্বানেৰে ভোট প্ৰক্ৰিয়াত অংশগ্ৰহণৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে কামৰূপ নিৰ্বাচনী জিলাই হাতত লোৱা এয়া হৈছে এক অভিনৱ পদক্ষেপৰ অংশ ।
- " class="align-text-top noRightClick twitterSection" data="">
কামৰূপ নিৰ্বাচনী জিলাই হাতত লোৱা এই অভিনৱ পদক্ষেপৰ অংশ হিচাপে 'মা-দেউতালৈ ভোটদানৰ আহ্বান' কাৰ্যসূচীৰ অধীনত অভিলেখসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে পোষ্টকাৰ্ড লিখাৰ কাৰ্যসূচীত অংশ লয় । এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হ'ল অহা ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত কামৰূপ জিলাত ১০০ শতাংশ ভোটদান নিশ্চিত কৰা । পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কাৰ্যসূচী (SVEEP)ৰ অধীনত হাতত লোৱা হৈছে 'মা-দেউতালৈ ভোটদানৰ আহ্বান' শীৰ্ষক এই সজাগতামূলক কাৰ্যসূচী ।
![SVEEP](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09-04-2024/as-ghy-02-kamrupdistrict-postcard-7210645_09042024185428_0904f_1712669068_433.jpg)
ইয়াৰ দ্বাৰা মঙলবাৰে জিলাখনৰ ৫২৬ খন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে পিতৃ-মাতৃ বা অভিভাৱকক এক বিকশিত ভাৰতৰ লগতে সন্তানৰ উত্তম ভৱিষ্যতৰ বাবে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে আন্তৰিক আহ্বান জনায় ।
কামৰূপ জিলাৰ আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া কীৰ্তি জল্লীয়ে এই কাৰ্যসূচীৰ উদ্দেশ্য সন্দৰ্ভত কয় যে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে ভোটদান কৰাটো অতি প্ৰয়োজনীয় । তেওঁ কয়, ''মোৰ মনত আছে সৰুতে আমি কিদৰে বিদ্যালয়ত দিয়া কামৰ অংশৰূপে নিজৰ বন্ধু-বান্ধৱীলৈ চিঠি লিখিছিলো । ডাকঘৰৰ পৰা নিজৰ নামত ষ্টাম্প মৰা চিঠি লাভ কৰাৰ আমেজেই সুকীয়া ।''
তেওঁ লগতে উল্লেখ কৰে যে সন্তানে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে জনোৱা এনে আহ্বানে নিশ্চিতভাৱে পিতৃ-মাতৃক ভোটকেন্দ্ৰলৈ আৰ্কষিত কৰিব । কাৰ্যসূচী সন্দৰ্ভত কামৰূপ জিলাৰ জিলা উন্নয়ন আয়ুক্ত তথা কামৰূপ SVEEP কোষৰ ন'ডেল বিষয়া সুশান্ত কুমাৰ দত্তই জনায় যে এই কাৰ্যসূচীত জিলাখনৰ মুঠ ১ লাখ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ জৰিয়তে তেওঁলোকৰ মাক, দেউতাক, ককাক, আইতাক বা আন অভিভাৱককে ধৰি জিলাখনৰ মুঠ ভোটদাতাৰ ৯০ শতাংশ অৰ্থাৎ ৭ লাখ ভোটদাতাক সামৰি ল'বলৈ চেষ্টা কৰা হৈছে ।
উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীসকলে আজি ব্যৱহাৰ কৰা ডাক বিভাগৰ এই পোষ্টকাৰ্ডত কামৰূপ জিলাৰ নিৰ্বাচনী শুভংকৰ প্ৰতীক 'কামৰূপ' আৰু 'লুইত'ৰো ষ্টাম্প মৰা হৈছে আৰু এইসমূহ অতি সোনকালে ছাত্ৰ-ছাত্ৰীসকলৰ নিজ নিজ ঠিকনালৈ প্ৰেৰণ কৰা হ'ব । আগন্তুক ১৫ দিনৰ ভিতৰত এইসমূহ নিজ নিজ গন্তব্য স্থান পোৱাৰ পিচত ছাত্ৰ-ছাত্ৰীসকলে পিতৃ-মাতৃৰ সৈতে পোষ্টকাৰ্ডসহ ছেলফি আপলোড কৰিব ।
আশা কৰা হৈছে যে কামৰূপ নিৰ্বাচনী জিলাৰ বাবে ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণৰ ঠিক আগে আগে পোষ্টকাৰ্ডসমূহ লাভ কৰাৰ লগে লগে ই সকলোকে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে অধিক প্ৰেৰণা যোগাব ।
এই সন্দৰ্ভত কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) তথা কামৰূপ SVEEP কোষৰ সহকাৰী বিষয়া সোমা ৰয়ে জনায় যে বিহু আৰু ঈদৰ ঠিক পূৰ্বে এই কাৰ্যসূচী এনেধৰণে হাতত লোৱা হৈছে, যাতে ছাত্ৰ-ছাত্ৰীসকলে বিহু আৰু ঈদ পালনৰ সময়ত নিজৰ সম্পৰ্কীয় লোকসকলৰ মাজতো ভোটদান সম্পৰ্কে সজাগতা সৃষ্টি কৰিব পাৰে ।
লগতে পঢ়ক: সুবিধা প'ৰ্টেলত অনুমতি বিচাৰি অভিলেখ সংখ্যক 73,000 আবেদন দাখিল - Lok Sabha Election 2024