ETV Bharat / state

ধেমাজিত এতিয়াও জলমগ্ন ১৪০ খন গাঁও : কেন্দ্ৰক সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ - Assam Flood 2024

Dhemaji Flood Situations : ধেমাজিৰ বান পৰিস্থিতি কিছু উন্নত হৈছে ৷ অৱশ্যে পানী কমিলেও চাৰিটা ৰাজহ চক্ৰত বানত আক্ৰান্ত হৈ আছে ১৪০ খন গাঁও ৷ বানক লৈ ৰাজনীতি হৈছে ৷ বান সাহায্য-ক্ষতিপূৰণ বিতৰণক লৈ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া ।

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 9:46 PM IST

Dhemaji Flood Situations
বান সাহায্যক লৈ কেন্দ্ৰক সমালোচনা সাংসদ অজিত ভূঞাৰ (ETV Bharat Assam)

ধেমাজি, ৮ জুলাই : আহাৰমহীয়া নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ অসমৰ লগতে ধেমাজি জিলাতো সৃষ্টি হোৱা বানত যথেষ্ট ক্ষতি হৈছে ৷ বহু কৃষিপথাৰ এতিয়াও বানৰ পানীত ডুব গৈ আছে ৷ ইপিনে সোমবাৰে পানী কিছু কমিবলৈ আৰম্ভ কৰিছে যদিও বৰষুণৰ পৰিমাণ বৃদ্ধি হ'লে যে জিলাখনৰ বিস্তীৰ্ণ অঞ্চল পুনৰ বানত ডুব যাব তাক লৈ শংকাত ভুগিছে ৰাইজ ৷

ধেমাজিত এতিয়াও জলমগ্ন ১৪০ খন গাঁও (ETV Bharat Assam)

আনহাতে, ধেমাজি জিলা প্ৰশাসনে সোমবাৰে প্ৰকাশ কৰা চৰকাৰী তথ্যমতে, জিলাখনৰ চাৰিটা ৰাজহ চক্ৰ ক্ৰমে ধেমাজিত ২ খন গাঁও, গোগামুখত ৫ খন, চিচিবৰগাঁৱত 36 খন আৰু জোনাইত সৰ্বাধিক ৯৭ খন গাঁও এতিয়াও বানৰ কবলত আছে ৷

একেদৰে ধেমাজি ৰাজহ চক্ৰত ১,২৩৪ গৰাকী লোক বানত আক্ৰান্ত হোৱাৰ বিপৰীতে 433 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে । গোগামুখ ৰাজহ চক্ৰত ৩,২১৫ গৰাকী লোক বানত আক্ৰান্ত হৈছে আৰু জোনাইত 46,083 গৰাকী লোক ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে 1,202.62 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে ৷ চিচিবৰগাঁও ৰাজহ চক্ৰত 25,101 গৰাকী লোক বানত আক্ৰান্ত হৈছে আৰু 120 হেক্টৰ কৃষিভূমি অনিষ্ট হৈছে ৷

আনহাতে, জোনাইত এটা আশ্ৰয় শিবিৰ স্থাপন কৰাৰ বিপৰীতে 17 টা বান সাহায্য কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ একেদৰে চাৰিটা ৰাজহ চক্ৰত সৰু-বৰ পোহনীয়া জীৱ-জন্তুৰ ভিতৰত 33,955 টা আক্ৰান্ত হৈছে ৷

ইফালে ধেমাজিত বান সাহাৰ্য হিচাপে প্ৰদান কৰা হৈছে 120.94 কুইণ্টল খাদ্য-সামগ্ৰী ৷ ইয়াৰে ভিতৰত দাইল 3.7 কুইণ্টল, নিমখ 1.1 কুইণ্টল আৰু মিঠাতেল 111.06 লিটাৰ যোগান ধৰা হৈছে ৷ অৱশ্যে গোগামুখত আজিৰ তাৰিখত কোনো বান সাহায্য দিয়া নাই । আনহাতে, জোনাইত কেৱল মিঠাতেল 3203.01 লিটাৰ আৰু পশুখাদ্য যোগান ধৰিছে 759.5 কুইণ্টল ৷ ঠিক একেদৰে চিচিবৰগাঁৱতো কোনো বান সাহায্য দিয়া নাই ৷ উল্লেখ্য যে জিলাখনত বানত ক্ষতিগ্ৰস্ত হৈছে মুঠ ১২ টা কেঁচাঘৰ ৷

ইপিনে ধেমাজিত উপস্থিত হৈ ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই । তেওঁ কয় যে ৰাজ্যৰ বান সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ অনীহা প্ৰদৰ্শন কৰিছে ৷ অসমৰ বান সমস্যাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ কোনো আন্তৰিকতা নাই বুলিও তেওঁ মন্তব্য কৰে ৷

ৰাজ্যসভাৰ সাংসদগৰাকীয়ে লগতে কয় যে অন্য ৰাজ্যত এই পৰিস্থিতি হোৱা হ’লে অমিত শ্বাহৰ দৰে নেতাসকলে গৈ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিলেহেঁতেন, নিজে গৈ সাহাৰ্য বিতৰণ কৰিলেহেঁতেন ৷ কিন্তু অসমলৈ টেলিফোন এটা কৰিলেই ডাঙৰ খবৰ হৈ যায় বুলিও কটাক্ষ কৰে সাংসদগৰাকীয়ে ৷

লগতে পঢ়ক :ৰাজ্যত বানৰ ফলত ক্ষতিগ্ৰস্ত কৃষকে কিয় নাপায় উচিত ক্ষতিপূৰণ ? - Assam Flood 2024
লগতে পঢ়ক :মৰহি যোৱা শইচলৈ চাই কৃষকে টুকিছে চকুলো - Assam flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.