ETV Bharat / state

বোমা সংস্থাপনৰ সন্দেহত আটক; সন্ধান নাই মৰাণৰ যুৱকৰ - Moran Youth Missing

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 1:53 PM IST

Moran Youth Missing Case : স্বাধীনতা দিৱসৰ দিনা আলফা স্বাধীনে বোমা সংস্থাপনৰ ঘোষণাৰ পিচত আৰক্ষীয়ে আটক কৰা এজন যুৱকৰ এতিয়ালৈকে সন্ধান নাই । বোমা সংস্থাপনৰ সন্দেহত আটক কৰা হৈছিল মৰাণৰ যুৱকজনক । ৩ ছেপ্টেম্বৰৰ নিশা আটক কৰি নিয়া এই বিপুল গগৈৰ সন্ধান দিবলৈ আৰক্ষী-প্ৰশাসনলৈ আহ্বান পৰিয়ালৰ ।

Moran Youth Missing Case
বোমা সংস্থাপনৰ সন্দেহত আটক; সন্ধান নাই মৰাণৰ যুৱকৰ (ETV Bharat Assam)

মৰাণ, ৭ ছেপ্টেম্বৰ : স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ ২৫ টা স্থানত বোমা স্থাপন কৰি নিজৰ শক্তিৰ উমান দিছিল আলফা স্বাধীনে । আলফা স্বাধীনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা সংস্থাপন কৰা বুলি ঘোষণা কৰাৰ পাচতে ৰাজ্যত সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতিৰ ।

আনহাতে, স্বাধীনতা দিৱসৰ দিনটোৰ পৰা আজিলৈকে জিলাই জিলাই বোমা সংস্থাপন কৰা আলফাৰ লিংকমেনক বিচাৰি আৰক্ষী আৰু সেনাই চলাই আছে অভিযান । অতি গোপনে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ইয়াৰ মাজতে এক চাঞ্চল্যকৰ খবৰ ৰাজহুৱা হৈছে । যোৱা ৩ ছেপ্টেম্বৰৰ মাজনিশা ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত আহোম গাঁৱত আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই আটক কৰি নিয়া বিপুল গগৈ নামৰ যুৱকজনৰ সন্ধান বিচাৰি এতিয়া হাবাথুৰি খাইছে পৰিয়ালৰ লোক ৷ সেইদিনা হঠাৎ আৰক্ষীৰ দলটোৱে বিপুল গগৈৰ বাসগৃহত তালাচী চলাই যুৱকজনক আটক কৰি নিয়ে যদিও কি কাৰণত আটক কৰে সেই বিষয়ে অৱগত নহয় পৰিয়াল ৷

পিছদিনা বিপুল গগৈৰ জ্যেষ্ঠ ভাতৃয়ে মৰাণ আৰক্ষী থানাত খা-খবৰ ল'বলৈ যাওঁতে আৰক্ষীয়ে গুৱাহাটীলৈ লৈ যোৱা বুলি অৱগত কৰে যদিও তাৰ পিচৰে পৰা কোনোধৰণৰ তথ্য প্ৰদানৰ পৰা বিৰত আছে আৰক্ষী ৷ জানিব পৰা মতে, আলফা স্বাধীনৰ সৈতে যোগাযোগ আৰু ১৫ আগষ্টৰ বোমা সংস্থাপনৰ অভিযোগত বিপুল গগৈক আৰক্ষীৰ তদন্তকাৰী দলে আটক কৰি নিছে যদিও এই সম্পৰ্কত নিশ্চিত নহয় যুৱকজনৰ পৰিয়াল ৷

১৫ আগষ্টৰ আগে-পিচে যুৱকজন নিজৰ ঘৰতে আছিল বুলি দাবী কৰাৰ লগতে বিপুল গগৈ নিৰ্দোষী বুলি দাবী কৰিছে পত্নীয়ে ৷ বৰ্তমান যুৱকজন ক'ত, কি অৱস্থাত আছে সেই লৈ চিন্তিত হৈ পৰিছে পৰিয়ালটো ৷ আনহাতে, বিপুল গগৈক কি গোচৰত গ্ৰেপ্তাৰ কৰি বৰ্তমান ক'ত ৰাখিছে সেয়া জনাবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে পত্নীয়ে ৷

লগতে পঢ়ক :নলবাৰীত ভুৱা কোম্পানী খুলি লাখ লাখ টকা আত্মসাতৰ অভিযোগ; প্ৰৱঞ্চকক আটক - Online Trading Scam in Nalbari
লগতে পঢ়ক :পুনৰ জ্বলিছে মণিপুৰ : বোমা বিস্ফোৰণত কেইগৰাকী লোকৰ মৃত্যু - Manipur crisis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.