নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী: ৰাজ্যত সুদখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ৷ সুদখোৰৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক কঠোৰ নিৰ্দেশনা দিয়াৰ পিচতো একাংশই চলাই আছে এই বেহা । ৰাজ্য়ৰ আন ঠাইৰ লগতে মৰিগাঁও,পলাশবাৰী,বৰপেটাৰোতো চলিছে সুদখোৰৰ দপদপনি । আনকি প্ৰাণৰ মমতাত পলাই থাকিবলগীয়া হৈছে ভুক্তভোগী ।
মৰিগাঁৱত এজন ভুক্তভোগীৰ ক'ল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিচতেই পোহৰলৈ আহিছে এই ভয়ংকৰ ছবিখন । পৰিমল নাথ নামৰ সুদখোৰজনৰ ভয় আৰু ভাবুকিত ভীতিগ্ৰস্থ হৈ প্ৰাণৰ মমতাত পলাই ফুৰিব লগীয়া হৈছে মৰিগাঁৱৰ এইজন ভুক্তভোগীয়ে। মিকিৰভেটা থানাৰ জালুগুটি পহৰা চকীৰ অন্তৰ্গত মিকিৰ গাঁৱৰ লাঠৰবড়ী গাঁৱৰ পৰিমল নাথ নামৰ সুদখোৰজনৰ আছে নাৰী দেহ ব্যৱসায়ৰ সৈতেও গোপন সম্পৰ্ক । সুদৰ টকা আদায় দিব নোৱাৰা বাবেই ভুক্তভোগীৰ পত্নীক বিক্ৰী কৰিবলৈ ধমক দিছে । ভুক্তভোগীৰ পত্নীক ক'ত বিক্ৰী কৰিব তাৰো লিংক আছে পৰিমল নাথৰ হাতত ।
ইফালে মঙলবাৰে নিশা পলাশবাৰী আৰক্ষীৰ জালত পৰিল দুই সুদখোৰ । পলাশবাৰী আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই দখলাৰ ৰাম কলিতা আৰু আমৰঙা বৰিহাটৰ শৰৎ চন্দ্ৰ দাস নামৰ দুই সুদখোৰক গ্ৰেপ্তাৰ কৰে । দুয়োজনৰ পৰা আৰক্ষীয়ে ধন সুদলৈ দিয়া চুক্তি পত্ৰ,অবৈধ পাছবুক, নগদ ধন একলাখ দুই হেজাৰ জব্দ কৰে । ইয়াৰ পিচতেই আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৪২০/৪২২/৪২৩/৩৪৮/৩৪ৰ অধীনত ৭২/২৪ নম্বৰত এক গোচৰ ৰুজু কৰি দুই অভিযুক্তক আদালতলৈ প্ৰেৰণ কৰে ।
ইপিনে,বৰপেটাৰোডতো সুদখোৰৰ বিৰুদ্ধে অভিযান চলাই বৰপেটাৰোড আৰক্ষীয়ে দুজন সুদখোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে কৰায়ত্ত কৰা সুদখোৰ দুজন উত্তম কুমাৰ সাহা আৰু নাছিৰ দেৱানী । মঙলবাৰে নিশা বৰপেটাৰোড আৰক্ষীয়ে দুয়োকে নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে । সুদখোৰদ্বয়ক বৰপেটাৰোড থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক:লখিমপুৰত আৰক্ষীৰ জালত ২৬ সুদখোৰ