ETV Bharat / state

২৪ ঘন্টাৰ বাবে শ্বেৰমান আলীক সদনৰ পৰা নিলম্বন: বিধানসভা চৌহদতে প্ৰতিবাদ আলীৰ - ASSAM ASSEMBLY AUTUMN SESSION

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 2:16 PM IST

MLA Sherman Ali Ahmed : ময়ূৰ বৰগোঁহাইৰ প্ৰসংগক লৈ বিধায়ক শ্বেৰমান আলীয়ে উত্তাল কৰিলে সদনৰ মজিয়া ৷ যাৰ ফলত এদিনৰ বাবে বিধানসভাৰ পৰা নিলম্বন হ’ব লগা হ’ল বিধায়ক আলী ৷ তাৰ পাচতে বিধানসভা চৌহদতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে বিধায়ক আলীয়ে ৷

MLA Sherman Ali Ahmed
২৪ ঘন্টাৰ বাবে শ্বেৰমান আলীক সদনৰ পৰা নিলম্বন (ETV Bharat Assam)

গুৱাহাটী, ২৯ আগষ্ট : অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ চতুৰ্থ দিনাও উত্তপ্ত হৈ পৰে সদনৰ মজিয়া ৷ ময়ূৰ বৰগোঁহাই নামৰ এগৰাকী ব্যৱসায়ীয়ে বৰপেটাৰ বহুকেইজন সংখ্যালঘু সম্প্ৰদায়ৰ শ্ৰমিকক বৰ্বৰভাৱে মাৰপিট কৰাৰ অভিযোগ তোলে বিধায়ক শ্বেৰমান আলীয়ে ৷ লগতে বিধায়ক আলীয়ে এই ঘটনাৰ বাবে আজি বিধানসভাৰ শূণ্যকালীন ঘন্টাত আলোচনাৰ আবেদন কৰিছিল ।

২৪ ঘন্টাৰ বাবে শ্বেৰমান আলীক বিধানসভাৰ পৰা নিলম্বন (ETV Bharat Assam)

কিন্তু বিধানসভাৰ অধ্যক্ষই তেওঁক আলোচনাৰ বাবে অনুমতি প্ৰদান নকৰাত বিধায়ক আলীয়ে সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । যাৰবাবে বিধানসভাৰ অধ্যক্ষই বিধায়ক শ্বেৰমান আলীক দিনটোৰ বাবে সদনৰ পৰা নিলম্বন কৰে । সদনৰ পৰা নিলম্বন হোৱাৰ বাবে বিধায়ক আলীয়ে সদনৰ বাহিৰত দুঘন্টীয়া অৱস্থান ধৰ্মঘটত বহে ৷ লগতে তেওঁ ময়ুৰ বৰগোঁহাইক গ্ৰেপ্তাৰৰ দাবী তোলে ৷

প্ৰতিবাদস্থলীৰ পৰাই বিধায়ক আলীয়ে সংবাদ মাধ্যমক উদ্দেশ্যে কেতবোৰ মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘ময়ূৰ বৰগোঁহায়ে শ্ৰমিকক অত্যাচাৰ কৰিছে । অসমত এয়া হিন্দু মুছলমানৰ কাজিয়া নহয় । বৰগোঁহাইৰ নিচিনা মানুহৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে লেতেৰা ৰাজনীতি কৰিব বিচাৰিছে । বৰগোঁহাইক গ্ৰেপ্তাৰ কৰিব লাগে । ‌বৰপেটা কালি‌ গোচৰটো পঞ্জীয়ন হৈছে । গতিকে বৰগোঁহাইক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি ভুক্তভোগীক ন্যায় দিব লাগে ।’’

‘‘বিগত পাঁচটা দিনে ময়ূৰ বৰগোঁহায়ে কেনেকৈ সাৰি থাকিলে ৷ আপোনালোকে দহ ঘন্টাৰ ভিতৰত এনকাউন্টাৰ কৰি গুলীয়াই মাৰিব পাৰে ৷ কিন্তু ময়ূৰ বৰগোঁহায়ে ১৫ জন শ্ৰমিকক কোবাই পিঠি ফালি দিছে ৷ ময়ুৰ বৰগোঁহাইৰ দৰে মানুহে অসমত অশান্তিৰ সৃষ্টি কৰিছে ৷ ইয়াত কোনো উজনি নামিনৰ কোনো সংঘাত নাই ৷’’ বিধায়ক আলীয়ে কয় ৷

লগতে পঢ়ক : হিন্দু মুছলমান প্ৰসংগক লৈ পুনৰ উত্তপ্ত বিধানসভা : ১০ মিনিটৰ বাবে স্থগিত সদন - ASSAM ASSEMBLY AUTUMN SESSION

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.