ETV Bharat / state

গুৱাহাটীৰ বান নিয়ন্ত্ৰণত চৰকাৰ সফল হোৱা নাই : বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা - Flood in Guwahati

author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 10:50 PM IST

MLA Ramendra Narayan Kalita : গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণত এতিয়ালৈকে কোনো এখন চৰকাৰ সফল হ’ব পৰা নাই বুলি মন্তব্য বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ৷ বাহিৰৰ পৰা বিশেষজ্ঞ অনাৰো পোষকতা কৰে বিধায়ক কলিতাই ৷

MLA Ramendra Narayan Kalita
বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা (ETV Bharat Assam)

গুৱাহাটী,৬ আগষ্ট : এজাক ধাৰাসাৰ বৰষুণ আৰু জলমগ্ন সমগ্ৰ গুৱাহাটী মহানগৰী ৷ সোমবাৰে বিয়লি হোৱা এজাক বৰষুণত ৰাজধানী চহৰ গুৱাহাটী মহানগৰী কাৰ্যতঃ অচল হৈ পৰে ৷

কোনোদিনে নেদেখা এক ভয়াৱহ কৃত্ৰিম বানৰ কৱলত পৰিল মহানগৰী ৷ ঘণ্টাৰ পিচত ঘন্টা পথত আৱদ্ধ হৈ পৰে হাজাৰ হাজাৰ লোক ৷ বহুলোকে কৃত্ৰিম বানৰ ভয়াৱহতাৰ পৰা পুৱতি নিশা নিজৰ ঘৰলৈ যাবলৈ সক্ষম হয় ৷ মহানগৰীত সৃষ্টি হোৱা এনে ভয়াৱহ কৃত্ৰিম বানৰ সন্দৰ্ভত অগপৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

প্ৰতিক্ৰিয়াত বিধায়ক কলিতাই কয়, ‘‘ গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণত এতিয়ালৈকে চৰকাৰ সফল হোৱা নাই ৷ এই চৰকাৰেই নহয়, বিগত চৰকাৰো বিফল আছিল ৷ কৃত্ৰিম বান নিয়ন্ত্ৰণত ৰাইজৰৰো সহায় সহযোগ লাগিব, চৰকাৰৰো মাষ্টাৰ প্লেন লাগিব ৷ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে বিজ্ঞানসন্মত পৰিকল্পনা কৰিব লাগিব ৷ প্ৰয়োজনত বাহিৰৰ পৰাও বিশেষজ্ঞ আনি ছাৰ্ভে কৰাব লাগে ৷ উন্নয়ন নোহোৱাকৈ থকা নাই ৷ সেইটো আমি সকলোৱে প্ৰত্যক্ষ কৰিছো ৷ কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতা লাগিব ৷ বাহিনী নৈ, ভৰলু আৰু মৰা ভৰলু নৈত আৱৰ্জনা পেলোৱা হয় ৷’’

আই আই টি গুৱাহাটীৰ প্ৰতিবেদন সন্দৰ্ভত বিধায়কগৰাকীয়ে কয়, ‘‘ আই আই টিয়ে কিবা প্ৰতিবেদন দিছে যদি বিধায়কসকলক অৱগত কৰোৱালে আমি কাৰ্যকৰী কৰাৰ বাবে বিধানসভাত উত্থাপন কৰিব পাৰিলোহেঁতেন ৷ কিন্তু সেই সম্পৰ্কত আমি অৱগত নহয় ৷ বিধায়কসকলে গম পোৱা হ’লে চৰকাৰৰ লগত আলোচনা কৰিব পাৰিলোহেঁতেন ৷’’

বিধায়ক কলিতাই লগতে কয়, ‘‘কৃত্ৰিম বান সমস্যাৰ নিশ্চয় সমাধান হ’ব ৷ মুখ্যমন্ত্ৰীৰ গুৱাহাটীৰ প্ৰতি আন্তৰিকতা আছে ৷ কাৰণ আমি বিভিন্ন উন্নয়নৰ ক্ষেত্ৰত সেইটো দেখিছো ৷’’

লগতে পঢ়ক : আজিও জলমগ্ন মহানগৰী গুৱাহাটী : কৃত্ৰিম বানৰ স্থায়ী সমাধান বিচাৰি ৰুক্মিণীনগৰত ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.