নগাঁও, 21 জানুৱাৰী: অসমত ইটোৰ পিচত সিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ শোণিতপুৰৰ জামুগুৰিহাটত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ওপৰত বিজেপি কৰ্মীয়ে আক্ৰমণ কৰে ৷ দুষ্কৃতিকাৰীয়ে মূৰেৰে ভূপেন বৰাৰ মুখত আক্ৰমণ কৰাৰ ফলত নাক আৰু মুখত আঘাত পোৱাৰ লগতে ৰক্তক্ষৰণ হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ ৷
ইয়াৰোপৰি দেওবাৰে চামগুৰি সমষ্টিৰ কেবাটাও স্থানত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা বাধা আৰু আক্ৰমণৰ সন্মুখীন হয় ৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।
ৰাহুল গান্ধীৰ পদযাত্ৰাত কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মন্তব্য, ‘‘মোৰ শৰীৰটো যিমান ডাঙৰ, সাহসো কম নহয় ।’’ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আজি কম্পমান বুলিও মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।
দেওবাৰৰ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ব্যৰ্থ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিভিন্ন কৌশল ৰচনা কৰা বুলিও উল্লেখ কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে । তেওঁ কয়, ‘‘ ৫০ জন হিমন্ত বিশ্ব শৰ্মা আহিলেও মোৰ কোনো ক্ষতি কৰিব নোৱাৰে ।’’
আনহাতে সোমবাৰে পুৱাই ৰাহুল গান্ধী বটদ্ৰৱা থানত উপস্থিত হোৱাৰ কথা আছিল ৷ কিন্তু থান পৰিচলানা সমিতিয়ে ৩ বজাৰ পূৰ্বে থানত ৰাহুল গান্ধীৰ উপস্থিতি নিষিদ্ধ কৰে ৷ ফলত কাইলৈৰ কাৰ্যসূচীৰ সাল-সলনিৰ সন্দৰ্ভত কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বইহে সিদ্ধান্ত ল'ব পাৰিব বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ।
লগতে পঢ়ক: চামগুৰিত বিজেপি সমৰ্থকৰ বিৰুদ্ধে ৰাহুল গান্ধীক অপদস্থ কৰাৰ অভিযোগ