ETV Bharat / state

স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট লুণ্ঠন: হাতত লেম্প আৰু স্মাৰ্ট মিটাৰ লৈ বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ - Assam Assembly Autumn session 2024

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 12:04 PM IST

Akhil Gogoi Protest Against Smart Meter: পুনৰ ব্যতিক্ৰমী ৰূপত বিধানসভা চৌহদত প্ৰতিবাদ বিধায়ক অখিল গগৈৰ । স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ হাতত স্মাৰ্ট মিটাৰ আৰু হাত লেম্প লৈ বিধানসভা চৌহদত অখিল গগৈ । মুখ্যমন্ত্ৰীক স্মাৰ্ট মিটাৰ সন্দৰ্ভত বিধানসভাত এদিনৰ বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ আহ্বান । স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ নহ'লে গণ বিক্ষোভৰ হুংকাৰ অখিল গগৈৰ ।

Akhil Gogoi Protest Against Smart Meter
বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী, ২২ আগষ্ট : অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ বৃহস্পতিবাৰে প্ৰথমদিনা পুৱাৰ ভাগতে বিধানসভা চৌহদত স্মাৰ্ট মিটাৰক লৈ সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ । হাতত স্মাৰ্ট মিটাৰ আৰু হাত লেম্প লৈ বিধায়ক অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।

স্মাৰ্ট মিটাৰ সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

সংবাদ মাধ্যমৰ আগত স্মাৰ্ট মিটাৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক অখিল গগৈয়ে কয়, "এইটো ইণ্টেলিয়া কোম্পানীৰ স্মাৰ্ট মিটাৰ । এনেকৈ স্মাৰ্ট মিটাৰ লগাই থাকিলে আমি লেম্পৰ যুগলৈ ঘূৰি যাব লাগিব । স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ হৈছে । কিন্তু মুখ্যমন্ত্ৰীয়ে নজনা ভাও জুৰি লুণ্ঠন কৰিবলৈ এৰি দিছে । মুখ্যমন্ত্রীয়ে যোৱা বছৰ আৰু এইবছৰৰ বিলৰ তুলনা কৰিবলৈ কৈছে । মই নিজৰ বিল তুলনা কৰি চাইছোঁ । স্মাৰ্ট মিটাৰ লগোৱাৰ পাচত বিল বহু বৃদ্ধি পাইছে । স্মাৰ্ট মিটাৰৰ জৰিয়তে লুণ্ঠন বন্ধ কৰক ।"

বিধায়কগৰাকীয়ে নিজৰ ঘৰৰ বিদ্যুৎ মাচুলৰ তুলনামূলক ব্যাখ্যা আগবঢ়াই কয়, "আমাৰ গুৱাহাটীৰ ঘৰত ২০২২ চনৰ মে' মাহত বিল আহিছিল ৪,০৪৪ টকা । ২০২৪ চনৰ মে'ত আহিছে ৬,০৭০ টকা । ২০২৩ চনৰ মে' মাহত আহিছিল ৩,০১২ টকা । অথচ ঘৰত সামগ্ৰী একেখিনিয়ে আছে । সেইদৰে ২০২২ চনৰ জুন মাহত ৪,০৯৯ টকা বিল অহাৰ বিপৰীতে ২০২৪ চনৰ জুনত ৭,১০১ টকা বিল আহিছে ।"

বিধায়ক অখিল গগৈয়ে বিভিন্ন উদাহৰণসহ স্মাৰ্ট মিটাৰৰ অত্যধিক মাচুলৰ বিষয়ে সদৰী কৰে । লগতে বিধায়কগৰাকীয়ে স্মাৰ্ট মিটাৰৰ যোগেদি এ পি ডি চি এলৰ ৰাজহ বৃদ্ধিৰ প্ৰসংগও উল্লেখ কৰে । স্মাৰ্ট মিটাৰক লৈ এটা দিনৰ বিতৰ্কৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাই অখিল গগৈয়ে কয়, "স্মাৰ্ট মিটাৰ বন্ধ নহ’লে ৰাজ্যত গণ বিক্ষোভ হ’ব । অসম চৰকাৰে ঋণ ল'বলৈ আৰু লুণ্ঠন চলাবৰ বাবে বিদ্যুৎ খণ্ডৰ সংস্কাৰ কৰি আছে । ভাৰতৰ ভিতৰত অসমত সৰ্বাধিক স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে । হিমন্ত বিশ্ব শৰ্মাই অসমখনক পৈতৃক সম্পত্তি বুলি ভাবে নেকি । স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিধানসভাতো সৰৱ ভূমিকা গ্ৰহণ কৰিম ।"

লগতে পঢ়ক :মুছলমান বিবাহ সম্পৰ্কীয় বিধেয়কত কেবিনেটৰ অনুমোদন: কি কি সিদ্ধান্ত লোৱা হ’ল অসম চৰকাৰৰ সাপ্তাহিক কেবিনেটত - DECISION OF CABINET MEETING
লগতে পঢ়ক :বিজেপিয়ে য’ত স্মাৰ্ট শব্দটো লগাই তাতেই গণ্ডগোল হয়: তেজপুৰত সাংসদ গৌৰৱ গগৈ - MP Gaurav Gogoi slams bjp in Tezpur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.